আব্দুৰ ৰছিদ চৌধুৰী
তথ্য-সাহিত্য! বৰ্তমান সময়ত তথ্য-সাহিত্যইএক বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছে।এতিয়াঅসমীয়া ভাষা সাহিত্যতোতথ্য-সাহিত্যইএক বিশেষ মাত্ৰালাভ কৰিছে।এটা কথা ঠিক আমাৰ সাহিত্য আলোচনা,সমালোচনাৰ ক্ষেত্ৰতখনত তথ্য-সাহিত্যৰ বিষয়টো আজিও উপেক্ষিত।সাহিত্যৰ এই ক্ষেত্ৰখনত কৰ্ষণ কৰা ব্যক্তিৰ সংখ্যাও সীমিত।আজিৰ আলোচনাত আমি সত্তৰৰ দশকতে অসমীয়া তথ্য-সাহিত্যৰ দুৱাৰ মুকলি কৰা অসমীয়াভাষা সাহিত্যৰ এজন দুৰ্দান্ত সৈনিকৰ বিষয়ে আলোচনা কৰাৰ প্ৰয়াস কৰিম।
যিসময়ত অসমীয়া সাহিত্যত তথ্য-সাহিত্যৰ ধাৰণাৰ সৃষ্টি হোৱা নাছিল, সেই সময়ত তেওঁ ‘প্ৰসঙ্গ-কোষ' নামৰ এখন প্ৰসংগ অভিধান ৰচনা কৰি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছিল। অসমীয়া সাহিত্যৰ সেই অক্লান্ত যোদ্ধা হ’ল। আব্দুছ ছাত্তাৰ। অসম সাহিত্য সভাৰ পত্ৰিকা সম্পাদকৰ পৰা প্ৰধান সম্পাদক হোৱা আব্দুছ ছাত্তাৰৰ সাহিত্য কৃতি কম নহয়। প্ৰসঙ্গ-কোষ সম্পৰ্কে আলোচনা কৰাৰ পূৰ্বে তেখেতৰ বিষয়ে কিছু কথা উল্লেখ কৰা প্ৰয়োজন।
শিৱসাগৰ জিলাৰ টিফুক চাহ বাগিচাত ১৯২২চনত আব্দুছ ছাত্তাৰদেৱৰ জন্ম হয়।১৯৪৫চনত কটন মহাবিদ্যালয়ৰ পৰা দৰ্শন বিভাগত সন্মানসহ স্নাতক ডিগ্ৰী লাভ কৰি কিছুদিনৰ বাবে তিতাবৰৰ মিহিৰাম শইকীয়া হাইস্কুলত শিক্ষকতা কৰে।ইয়াৰ পিছত দিল্লীৰ জামিয়া মিলিয়া ইছলামীয়া বিশ্ববিদ্যালয়ৰ পৰা বুনিয়াদী শিক্ষাৰ প্ৰশিক্ষণ গ্ৰহণ কৰে।১৯৪৯চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।১৯৫৩চনৰ পৰা কিছু বছৰ আফগানিস্তানৰশিক্ষকতা কৰে।
আব্দুছ ছাত্তাৰৰ 'প্ৰসংগ কোষ'ৰ বেটুপাত
আফগানিস্তানৰ পৰা ঘুৰি আহি অসম চৰকাৰৰ অধীনত বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ অধ্যক্ষ নিযুক্ত হয়।এই কামত তেওঁ অসমৰ বিভিন্ন ঠাইত দায়িত্ব পালন কৰিব লগীয়া হৈছিল।ইয়াৰ পিছত ১৯৭৬চনত যোৰহাটত বিদ্যালয় উপ-পৰিদৰ্শক হিচাপে নিযুক্ত হয়।১৯৮৬চনত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে।ছাত্ৰ অৱস্থাৰ পৰাই সাহিত্য চৰ্চা কৰা ছাত্তাৰদেৱে ১৯৭১-৭২বৰ্ষত অসম সাহিত্য সভাৰ পত্ৰিকা সম্পাদক আছিল।তেওঁ ১৯৭৭-৭৮বৰ্ষত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদকৰ দায়িত্ব পালন কৰিছিল।
১৯৮৭চনত পদ্মশ্ৰী সন্মান লাভ কৰা ছাত্তাৰৰ একে বছৰৰ ২৭ফেব্ৰুৱাৰীত মৃত্যু হয়।হিয়াৰ-বীণ, বাহাদুৰ গাঁওবুঢ়া,সংমিশ্ৰণত অসমীয়া সংস্কৃতি,কৃষ্ণকান্ত সন্দিকৈ,সম্প্ৰীতিৰ চানেকি,অসমীয়া সাহিত্যত বিবিধ আলোচনা,সাহিত্যিকা,নতুন সুৰ, বিদেশত দুদিন মান আৰু প্ৰসঙ্গ-কোষতেখেতৰ প্ৰকাশিত পুথি।প্ৰসঙ্গ-কোষ তেখেতৰ জীৱনৰ অমৰ কৃতি।তেখেতে যদি আন একো কাম নকৰি কেৱল প্ৰসঙ্গ-কোষ ৰচনা কৰিলে হেঁতেন তথাপিও মানুহে তেখেতৰ নাম স্মৰণ কৰিবলৈ বাধ্য হ’ল হেঁতেন বুলি আমাৰ ধাৰণা। তেখেতৰ অমৰ সৃষ্টি প্ৰসঙ্গ-কোষ সম্পৰ্কে কিছু কথা তলত উল্লেখ কৰা হ’ল।
মুলতঃ ভাৰতীয় ধৰ্ম,সাহিত্য,বুৰঞ্জী আৰু সংস্কৃতি জগতৰ নাম বাচক শব্দৰ চমু বৰ্ণনা সন্নিৱিষ্ট হৈছে আব্দুছ ছাত্তাৰৰ প্ৰসঙ্গ-কোষত।১৯৮৪চনত প্ৰকাশিত তৃতীয় সংস্কৰণত আঢ়ৈ হাজাৰতকৈ অধিক এনে প্ৰসংগত সমাবেশ ঘটিছে।এই সম্পৰ্কে কিতাপখনৰ আৰম্ভণিতে লেখকে এইদৰে উল্লেখ কৰিছে, “অসমীয়াপাঠক আৰু ৰাইজ সাধাৰণতে যেনেবোৰ নাম বাচক শব্দৰ লগত পৰিচিত হ’বলগীয়া হয় তেনে শব্দসমূহ,বিশেষকৈ ভাৰতীয় ধৰ্ম,সাহিত্য,বুৰঞ্জী আৰু সংস্কৃতি জগতৰ বিভিন্ন প্ৰসংগৰ চমু বৰ্ণনা আঢ়ৈ হেজাৰতকৈ অধিক এনে প্ৰসংগৰ সমাবেশ”।
অসমীয়া তথ্য-সাহিত্যৰ এক মাইলৰ খুঁটি স্বৰূপ এই কিতাপখন প্ৰথম প্ৰকাশ হৈছিল ১৯৬৩চনত।ইয়াৰ পিছত ১৯৬৮চনত দ্বিতীয় আৰু পৰিবৰ্দ্ধিত সংস্কৰণ প্ৰকাশ পায়।১৯৮৪চনত তৃতীয় আৰু পৰিবৰ্দ্ধিত সংস্কৰণ প্ৰকাশ পোৱাৰ পিছত কিতাপখন পুনৰ প্ৰকাশ হোৱা নাই।ছাত্তাৰদেৱৰ মৃত্যুও ইয়াৰ এটা কাৰণ।গভীৰ পাণ্ডিত্যপূৰ্ণ এই অমৰ সৃষ্টি লেখকে অসমৰ এজন বিশিষ্ট পণ্ডিত কৃষ্ণকান্ত সন্দিকৈদেৱৰ নামত উৎসৰ্গা কৰিছে।যিটোৱে কিতাপখনৰ সৌষ্ঠৱ বৃদ্ধি কৰিছে।বৰ্তমান সময়তো তথ্য-সাহিত্যৰ ক্ষেত্ৰত অসমীয়া ভাষা বিশেষভাৱে চহকী নহয় বুলি ক’ব পাৰি।
জন্ম শতবৰ্ষ অনুষ্ঠানত আব্দুছ ছাত্তাৰলৈ শ্ৰদ্ধাঞ্জলি
তেনেস্থলত সত্তৰৰ দশকত এনে এখন পুথি ৰচনা কৰাতো সঁচাকৈয়ে দুৰূহ কাম আছিল।এই কাম কৰি তেখেত প্ৰসংশাৰ পাত্ৰ হৈছিল।আজিৰ তাৰিখতো অসম সম্পৰ্কীয় বহু তথ্য সহজলভ্য নহয়,তেনে অৱস্থাত ছাত্তাৰদেৱে সত্তৰৰ দশকত কিমান কষ্টৰে তথ্যসমূহ যুগুত কৰি কিতাপখন প্ৰস্তুত কৰিছিল সেই কথা মানিবলগীয়া।প্ৰসঙ্গ-কোষ সম্পৰ্কে বুৰঞ্জীবিদ বেণুধৰ শৰ্মাই ছাত্তাৰলৈ লিখা এখন চিঠিত লিখিছে, “তুমি এইটা বৰ ডাঙৰ কাম কৰিলা! তুমি যে বৰ ডাঙৰ অভাৱ এটা পূৰালা। তাৰ বাবে তোমাৰ ধৈৰ্য, অধ্যয়ন আৰু ইচ্ছাক শতমুখে নশলাগি নোৱাৰিলোঁ”।
সাহিত্যাচাৰ্য অতুলচন্দ্ৰ হাজৰিকাই লিখিছে, “প্ৰসঙ্গ-কোষগ্ৰন্থখনি যি কোনো সাহিত্যিকৰ পক্ষে জীৱনৰ পৰিপক ফল বুলি ক’ব পাৰি। এতিয়াই প্ৰসঙ্গ-কোষে হেমকোষ,চন্দ্ৰকান্ত অভিধান,খণ্ডবাক্য কোষ আৰু ৰত্ন কোষৰ লগত একে শাৰীত বহিব পৰা হৈছে।গ্ৰন্থকাৰৰ আহল-বহল জ্ঞানৰ পৰিসৰ,নিষ্ঠা আৰুঅধ্যৱসায় নথকা হ’লে অকলশৰীয়াপ্ৰচেষ্টৰে এনে এখন লাগতীয়াল ৰসাল গ্ৰন্থ যুগুত কৰি উলিৱাটো সম্ভৱ নহ’লহেঁতেন নিশ্চয়। কেইবাখনো গ্ৰন্থৰ মাজত ‘প্ৰসঙ্গ-কোষ’ ছাত্তাৰী সাহিত্যৰ মস্তকমণি”।
আন এগৰাকী সাহিত্যিক কবি নলিনীবালা দেৱীয়ে গ্ৰন্থখনৰ বিষয়ে এইদৰে উল্লেখ কৰিছে, “অভিধানিকগঢ়েৰে লিখা প্ৰসঙ্গ-কোষ নামৰ পুথিখনে অসমীয়া ভাষাত এখনি অতি বহুমূলীয়া গ্ৰন্থ ৰূপে সমাদৰ পাব বুলি মই ভাবো।“
প্ৰসঙ্গ-কোষ পঢ়িলে যিমানখিনি কথা জানিব পৰা যায় এজন জ্ঞানাৰ্থীয়ে গোটেই জীৱন অধ্যয়ন কৰিও এই তথ্যসমূহ গোটাবলৈ কঠিন হয়। এখন প্ৰসংগ অভিধান হিচাপে প্ৰসঙ্গ-কোষ আজিও এখন মূল্যৱান গ্ৰন্থ হিচাপে বিবেচিত হ’ব। কিন্তু বজাৰত পুথিখন পাবলৈ নাই।অসমীয়া ভাষা সাহিত্যৰ বাবে এক মাইলৰ খুঁটি স্বৰূপ এই পুথিখন পুনৰ প্ৰকাৱশ কৰাটো এক প্ৰয়োজনীয় কাম। যি কাম হ’ব ছাত্তাৰৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধাঞ্জলি। অসম সাহিত্য সভাই এই কাম কৰিবলৈ আগবাঢ়ি আহিব পাৰে।গ্ৰন্থখনৰ পুনৰ মুদ্ৰণে অসমৰ তথ্যনুৰাগী পঢ়ুৱৈ সকলকো উপকৃত কৰিব।
(লেখাটো প্ৰস্তুত কৰোঁতে প্ৰসঙ্গ-কোষৰ কেইটামান প্ৰয়োজনীয় পৃষ্ঠা প্ৰেৰণ কৰি সহায় কৰা ধেমাজিৰ বন্ধু, কুইজাৰ্ড বিশ্ব ভাগৱতীৰ ওচৰত লেখক ঋণী)