এতিয়াৰ পৰা হিমালয়ৰ ৯৭ টা শৃংগত বিনামূলীয়াকৈ আৰোহণ কৰিব পাৰিব পর্বতাৰোহীয়ে

Story by  atv | Posted by  Munni Begum • 1 d ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
কাঠমাণ্ডু
 
নেপাল চৰকাৰে দেশখনৰ পৰ্যটন উদ্যোগটোৰ বিকাশৰ বাবে হিমালয়ৰ ৯৭ টা শৃংগত বিনামূলীয়াকৈ আৰোহণৰ সুবিধা দিয়াৰ সিদ্ধান্ত লৈছে। অহা দুবছৰলৈ এই সুবিধা পর্বতাৰোহণকাৰীয়ে লাভ কৰিব। 
 
দেশখনৰ ৰাজহ সংগ্ৰহৰ অন্যতম উৎস মাউন্ট এভাবেষ্টৰ আৰোহণৰ মাচুল অহা মাহৰ পৰা ১৩.১৫ লাখ টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱাৰ সময়তে বিনামূলীয়া শৃংগ আৰোহণৰ সুবিধা প্ৰদানৰ কথা চৰকাৰে সদৰী কৰিছে। 
 
বিশ্বৰ ১০ টা সর্বোচ্চ শৃংগৰ ৮ টাই আছে নেপালত। বিগত বর্ষত মাউন্ট এভাৰেষ্ট আৰোহণবৰ মাচুলৰ পৰা দেশখনে ৫১.৭৪ কোটি টকা উপার্জন কৰিবলৈ সক্ষম হৈছে। 
 
দেশখনৰ চৰকাৰে মংগলবাৰে ৯৭ টা শৃংগ বগোৱাৰ বিনামূলীয়া সুবিধা দিয়াৰ কথা ঘোষণা কৰিছে। সেইকেইটা কার্নালী আৰু সুদূৰপশ্চিম প্রদেশত আছে। এই শৃংগকেইটাৰ উচ্চতা ৫.৯৭০ মিটাৰৰ পৰা ৭.১৩২ মিটাৰ।