আশা খোছা / নতুন দিল্লী
খান ছাৰ এই মুহূৰ্তত দেশৰ অন্যতম প্ৰিয় ব্যক্তি হিচাপে পৰিগণিত হৈছে। শেহতীয়াকৈ তেওঁৰ কোচিং প্ৰতিষ্ঠান খান জি এছ ৰিচাৰ্চ চেণ্টাৰ (Khan GS Research Center)ৰ প্ৰায় ১৫ হাজাৰ ছাত্ৰীয়ে খান ছাৰৰ সৈতে ৰক্ষা বন্ধন উদযাপন কৰাৰ অভূতপূৰ্ব দৃশ্যই ইণ্টাৰনেটত ধুমুহাৰ সৃষ্টি কৰিছে।
ছাত্ৰীসকলে তেওঁৰ হাতত বান্ধি দিয়া হাজাৰ হাজাৰ ৰাখীয়ে সন্মান আৰু মৰমৰ এক শক্তিশালী প্ৰতীক হৈ পৰে, যিয়ে আনকি বহু সমালোচকৰো হৃদয় কোমল কৰি তুলিছে। ৰাখী বন্ধন উপলক্ষে তেওঁ উচ্চাকাংক্ষী যুৱতীসকলক “ভাৰতৰ ৰাণী” আখ্যা দি এই বৃহৎ উদযাপনৰ আয়োজন কৰিছিল।
ছাত্ৰীসকলে খান ছাৰৰ সৈতে ৰক্ষা বন্ধন উদযাপন কৰাৰ অভূতপূৰ্ব দৃশ্য
কেইবাবিধো সুস্বাদু খাদ্যই ৰাখী বন্ধনৰ এই উদযাপনক স্মৰণীয় কৰি তুলিছে। খান ছাৰক কিহৰ বাবে ভাৰতৰ অন্যতম আদৰৰ ব্যক্তি হিচাপে গণ্য কৰা হয়, সেই বিষয়ে এই প্ৰতিবেদনত আলোচনা কৰা হৈছে--
ধৰ্মক সদায় ব্যক্তিগত কৰি ৰখাঃ
খান ছাৰে ধৰ্মক নিজৰ কৰ্ম, বক্তৃতা, কামৰ পৰা সদায় আঁতৰাই ৰাখে। যদিও তেওঁ ভাৰতবৰ্ষৰ এজন অতি প্ৰখ্যাত ব্যক্তি আৰু প্ৰায়ে টেলিভিছনৰ অনুষ্ঠান আৰু ৰাজহুৱা অনুষ্ঠানলৈ তেওঁক নিমন্ত্ৰণ কৰা হয়, তথাপিও তেওঁ ধৰ্মৰ বিষয়ে কথোপকথনত খুব কমেইহে আলোচনা কৰে। তেওঁ বছৰ বছৰ ধৰি নিজৰ প্ৰকৃত নাম আৰু ধৰ্ম প্ৰকাশ কৰা নাছিল। কাৰণ তেওঁ অনুভৱ কৰিছিল যে সেইটো তেওঁৰ কামৰ সৈতে অপ্ৰাসংগিক। তেওঁৰ প্ৰকৃত নাম ফৈজল খান, আৰু তেওঁৰ ঘৰ উত্তৰ প্ৰদেশত।
আত্মবিশ্বাসঃ
নামমাত্ৰ ধনৰ বিনিময়ত প্ৰশিক্ষণৰ সুবিধা আগবঢ়াই ছাত্ৰ-ছাত্ৰীক সহায় কৰাৰ উপৰিও খান ছাৰ ভাৰতৰ আটাইতকৈ আকৰ্ষণীয় প্ৰেৰণাদায়ক বক্তা। তেওঁ সমাজৰ দৰিদ্ৰ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক সোঁৱৰাই থাকে যে শিক্ষাই তেওঁলোকৰ জীৱন সলনি কৰিব পৰা একমাত্ৰ অস্ত্ৰ। তেওঁ প্ৰায়ে প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীৰ কাহিনীসমূহ বৰ্ণনা কৰে। ই সকলো ছাত্ৰ-ছাত্ৰীৰ মনলৈ অপৰিসীম আত্মবিশ্বাসৰ ভাব কঢ়িয়াই আনে।
সহজ-সৰল স্বভাৱঃ
খান ছাৰৰ স্থানীয় ভাষাৰ ব্যৱহাৰে তেওঁক এগৰাকী মাটিৰ মানুহ হিচাপে পৰিগণিত কৰিছে আৰু এই সহজ-সৰল স্বভাৱে সমগ্ৰ ভাৰতৰ মানুহৰ মাজত তেওঁক আদৰৰ ব্যক্তি কৰি তুলিছে। পাঠদানৰ মাধ্যম হিচাপে তেওঁ ইংৰাজীক অগ্ৰাধিকাৰ নিদিয়াটো দুৰ্বল ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এক আশীৰ্বাদস্বৰূপ হৈ পৰিছে। লগতে তেওঁলোকৰ ভাষাৰ প্ৰতি থকা গৌৰৱ বৃদ্ধি কৰে আৰু আত্মবিশ্বাসেৰে ভৰাই তোলে। জ্ঞান আৰু বিশ্লেষণৰ বৰ্ণনাক তেওঁ অত্যন্ত আমোদজনক কৰি তোলে।
এবাৰ আৰ্মেনিয়া আৰু আজাৰবাইজানৰ মাজত হোৱা নাগৰ্নো-কাৰাবাখ (Nagorno-Karabakh) বিবাদৰ সূক্ষ্মতা জানিব বিচাৰিছিলো আৰু এই বিষয়ে খান ছাৰৰ ভিডিঅ’টো আটাইতকৈ ব্যাপক, তথ্যসমৃদ্ধ আৰু আকৰ্ষণীয় অনুভৱ কৰিছিলো।
দুখীয়াৰ ওপৰত গুৰুত্বঃ
খান ছাৰৰ শিক্ষাৰ্থীসকল হৈছে দৰিদ্ৰ আৰু উচ্চাকাংক্ষী যুৱক-যুৱতী। খান ছাৰৰ সমগ্ৰ কৰ্মৰাজি আৰু কথা-বতৰাত তেওঁৰ দৰ্শন প্ৰতিফলিত হৈছে। তেওঁ দৰিদ্ৰসকলক সহায় কৰে যদিও ধনীক কেতিয়াও উপহাস নকৰে। পাটনা আৰু দিল্লীত অৱস্থিত তেওঁৰ প্ৰতিষ্ঠান খান জি এছ ৰিচাৰ্চ চেণ্টাৰৰ মাচুলৰ গাঁথনি আৰু তেওঁৰ দৃষ্টিভংগীয়ে সমাজৰ নিম্ন শ্ৰেণীৰ মানসিকতাৰ পৰিৱৰ্তন আনিব বিচাৰিছে।
টকাক গৌণ হিচাপে গ্ৰহণঃ
খান ছাৰৰ সৰলতা আৰু তেওঁৰ কাম-কাজে সফলতা লাভৰ প্ৰক্ৰিয়াত ধনক গৌণ বিষয় কৰি তুলিছে। তেওঁৰ কম মাচুলৰ অনলাইন পাঠদান মানৱ প্ৰচেষ্টাক পৰিৱৰ্তন আৰু আত্ম-উন্নতিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অস্ত্ৰ হৈ পৰিছে।
ছোৱালী শিক্ষাৰ্থীসকলৰ সৈতে ৰাখী বন্ধন উদযাপন কৰাৰ পিছত খান ছাৰে পাৰ্টিৰ বাবে কিমান খৰচ হৈছিল, সেই কথা জানিব বিচৰা এজন সাংবাদিকক এইদৰে কয়, “আম্বানীয়ে যদি বন্ধু-বান্ধৱীৰ বাবে পাৰ্টি আয়োজন কৰিব পাৰে, তেন্তে ময়ো 'ভাৰতৰ ৰাণী'সকলৰ বাবে পাৰ্টী আয়োজন কৰিব পাৰো। তেওঁলোকে মোক দিয়া এই মৰমৰ বাবে মই যিকোনো খৰচ কৰিব পাৰো।”
উল্লেখ্য যে, খান ছাৰৰ উপাৰ্জনৰ মূল উৎস হৈছে তেওঁৰ ইউটিউব চেনেল খান জি এছ ৰিচাৰ্চ চেণ্টাৰ (Khan GS Research Centre)। এই চেনেলটোৰ মুঠ ছাবস্ক্ৰাইবাৰ হৈছে ২.৪ কোটি। বিজ্ঞাপন, পৃষ্ঠপোষকতা, আৰু ছুপাৰ চেট (advertisements, sponsorships, and Super Chat )ৰ পৰা তেওঁৰ মাহিলী উপাৰ্জন ১০ৰ পৰা ২০ লাখ টকাৰ ভিতৰত হ’ব পাৰে বুলি অনুমান কৰা হৈছে। তেওঁৰ পাঠ্যক্ৰমৰ মাচুল নামমাত্ৰ আৰু অতি সুলভ।
দেশ-প্ৰেমঃ
খান ছাৰে ভাৰতীয়ত্বৰ ধাৰণাক কোনেও নকৰাৰ দৰে প্ৰচাৰ কৰে। তেওঁ সকলো উৎসৱ পালন কৰে আৰু পৰম্পৰাগত অনুষ্ঠান আৰু সাংস্কৃতিক উদযাপনত অংশগ্ৰহণৰ পৰা কেতিয়াও আঁতৰি নাথাকে। ভাৰতক প্ৰভাৱিত কৰা আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ ওপৰত তেওঁৰ ভিডিঅ’সমূহ চমৎকাৰ আৰু গৱেষণামূলক। নিজৰ ভাৰতীয়ত্বক গৌৰৱেৰে হাতৰ আঁচলত পিন্ধি তেওঁ এনে এক ব্যক্তিত্বৰ পৰিচয় দিয়ে যে ধৰ্মীয় সীমাৰ বাহিৰলৈ খোজ দিয়াৰ বাবে অতি গোঢ়াসকলেও তেওঁক প্ৰশ্ন কৰিবলৈ সাহস নকৰে।
নিকা ভাৱমূৰ্তিঃ
ৰাজহুৱা স্থানত নিজৰ ভাবমূৰ্তি কেনেকৈ দাঙি ধৰিব লাগে, সেই ক্ষেত্ৰত খান ছাৰৰ চিন্তাধাৰা আচৰিত ধৰণে স্পষ্ট। বছৰ বছৰ ধৰি নিজৰ প্ৰকৃত নাম ফৈজল খান প্ৰকাশ নকৰাৰ পিছতো তেওঁ শেহতীয়াকৈ বিয়া হোৱা পত্নীৰ মুখ আৰু নাম প্ৰকাশ কৰা নাছিল। খান ছাৰে ক’ৰবাত কৈছিল যে পৰিচয় গোপনে ৰখাৰ তেওঁৰ পত্নীৰ অধিকাৰ আৰু তেওঁক খান ছাৰৰ পত্নী হিচাপে মানুহে চিনি পোৱাতো তেওঁ নিবিচাৰে। খান ছাৰে উপলব্ধি কৰে যে ভাৰতত মানুহে নিজৰ ধৰ্ম আৰু জাতিৰ ভিত্তিত আনক বিচাৰ কৰে।
সেনাবাহিনীৰ প্ৰতি প্ৰেমঃ
বিহাৰৰ দুখীয়া পৰিয়ালত ডাঙৰ-দীঘল হোৱা খান ছাৰে ভাৰতীয় সেনাবাহিনীত যোগদান কৰিব বিচাৰিছিল। চিকিৎসাজনিত অৱস্থাৰ বাবে তেওঁ সেই স্থান লাভ কৰিব নোৱাৰিলে। সেয়ে খান ছাৰে নিজৰ কলমটো নিৰক্ষৰতা আৰু দৰিদ্ৰতাৰ বিৰুদ্ধে ভাৰতক ৰক্ষা কৰাৰ বাবে বন্দুক হিচাপে ব্যৱহাৰ কৰিব বিচাৰে। ভাৰতীয় সামৰিক বাহিনীৰ কথা আহিলে তেওঁ আৱেগিক হৈ পৰে। ভাৰত-পাকিস্তানক লৈ তেওঁৰ অনলাইন ভিডিঅ’সমূহ ভাৰতীয় সেনাৰ বীৰত্বৰ প্ৰতি মৰম আৰু প্ৰশংসাৰে ভৰা।
দানশীলতাঃ
শেহতীয়াকৈ খান ছাৰে চিকিৎসা ক্ষেত্ৰখনত প্ৰৱেশ কৰাৰ কথা ঘোষণা কৰিছে। চিকিৎসাৰ ব্যয় বেছি হোৱাৰ বাবে সাধাৰণ মানুহৰ জীৱনৰ প্ৰতি মোহভংগ অনুভৱ কৰাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ এই সিদ্ধান্ত লৈছে। ব্যয়সাধ্য কোচিং ক্লাছ মুকলি কৰি যিদৰে তেওঁ সকলোৰে বাবে শিক্ষা সুলভ কৰি তুলিছে, ঠিক সেইদৰে কম খৰচৰ চিকিৎসালয় স্থাপন কৰি তেওঁ সকলোৰে বাবে চিকিৎসা ব্যৱস্থা সুলভ কৰি তুলিব বিচাৰে।
নাৰী শক্তিঃ
খান ছাৰ ইমানেই কঠোৰ অনুশাসনবাদী যে তেওঁ পাটনাৰ অফলাইন ক্লাছত এডাল বেত লৈ ফুৰিছিল। যুৱক-যুৱতীসকলক তেওঁ কৈছিল যে তেওঁলোকে অনুশাসন মানি চলা উচিত আৰু জীৱনত মনোনিৱেশ দৃঢ় নকৰালৈকে একো সলনি নহ’ব। তেওঁ নিজৰ অনলাইন ক্লাছ আৰু অফলাইন ক্লাছত ছোৱালীবোৰৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদৰ্শন কৰে।