জম্মু-কাশ্মীৰত ভাৰতীয় সেনাৰ শিবিৰত পাকিস্তানৰ আক্ৰমণ; ১ জোৱানৰ মৃত্যু

Story by  atv | Posted by  [email protected] • 1 d ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো
 
শ্ৰীনগৰ

ভাৰতীয় সেনাই মঙলবাৰে নিশা জম্মু আৰু কাশ্মীৰৰ বাৰামুল্লা জিলাৰ উৰি ছেক্টৰৰ টিক্কা পোষ্টৰ সমীপত নিয়ন্ত্ৰণ ৰেখাৰ কাষত সন্ত্ৰাসবাদীৰ বৃহৎ অনুপ্ৰৱেশৰ চেষ্টা আৰু ব'ৰ্ডাৰ একছন টীম (BAT)ৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ সক্ষম হয়। উৰি আৰক্ষী থানাৰ অধীনস্থ ১৬ শিখ এল আই (০৯ বিহাৰ এডভান্স পাৰ্টি)ৰ এলেকা অৱ ৰেচপন্সবিলিটি (এ অ’ আৰ)ত  সংঘটিত এই আক্ৰমণত ভাৰতীয় সেনাৰ দুজন জোৱান শ্বহীদ হয়।

পাকিস্তানস্থিত সন্ত্ৰাসবাদীয়ে এটা ফৰৱাৰ্ড পোষ্টত আক্ৰমণ চলাবলৈ চেষ্টা কৰিছিল যদিও ভাৰতীয় সৈন্যই ইয়াৰ প্ৰত্যুত্তৰ দিয়ে আৰু তেওঁলোকৰ অনুপ্ৰৱেশৰ প্ৰচেষ্টা বিফল কৰে। ইয়াৰ পিছতে আন্ধাৰৰ সুযোগ লৈ আত্মগোপন কৰি থকা অনুপ্ৰৱেশকাৰীসকলক বিচাৰি উলিয়াবলৈ অঞ্চলটোত বৃহৎ পৰিসৰৰ কৰ্ডন আৰু অনুসন্ধান অভিযান আৰম্ভ কৰা হয়। ইয়াৰ পিছত হোৱা গুলীয়াগুলীত হাৱালদাৰ অংকিত আৰু চিপাহী বানোথ অনিল কুমাৰে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।
 
ইফালে কালি বাৰামুল্লাত কৰ্তব্যৰত অৱস্থাত এজন জোৱানৰ মৃত্যু হোৱা বুলি ভাৰতীয় সেনাই ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে। এক্সত এটা পোষ্টত ভাৰতীয় সেনাই কয় যে, "জম্মু-কাশ্মীৰৰ বাৰামুল্লাত কৰ্তব্যৰত অৱস্থাত প্ৰাণ আহুতি দিয়া চিপাহী বানোথ অনিল কুমাৰৰ পৰম বলিদানক জেনেৰেল উপেন্দ্ৰ দ্বিবেদী, চিঅ'এএছ আৰু অল ৰেংকছ অৱ ইণ্ডিয়ান আৰ্মীয়ে প্ৰণাম জনাইছে। ভাৰতীয় সেনাই এই ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে আৰু এই শোকৰ সময়ত শোকসন্তপ্ত পৰিয়ালটোৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰিছে।"
 
দক্ষিণ কাশ্মীৰ জিলাৰ অখলৰ এটা বনাঞ্চলত নিৰাপত্তা বাহিনীয়ে ঘেৰাও আৰু অনুসন্ধান আৰম্ভ কৰাৰ পিছৰে পৰা চলি থকা অপাৰেচন অখলৰ মাজতে এই কথা প্ৰকাশ পাইছে। এই অভিযান নৱম দিনত ভৰি দিয়াৰ লগে লগে নিহত হৈছিল ভাৰতীয় সেনাৰ লেন্স নাইক প্ৰীতপাল সিং আৰু চিপাহী হাৰমিন্দৰ সিং। অভিযানত পাঁচজন সন্ত্ৰাসবাদীকো নিৰাপত্তা বাহিনীয়ে নিৰ্মূল কৰিবলৈ সক্ষম হৈছে।