নতুন দিল্লী
প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ দেখা গ'ল উত্তৰ প্ৰদেশত। প্ৰচণ্ড বৰষুণ, ধুমুহা আৰু বজ্ৰপাতৰ ফলত কমেও ৫৬ গৰাকী লোকৰ মৃত্যু হৈছে ৷ বুধবাৰে কেবাখনো জিলাত হোৱা এই প্ৰলয়ৰ ফলত বহুকেইটা বাসগৃহৰ ক্ষতি হোৱাৰ লগতে বহু স্থানত গছ, বিদ্যুতৰ খুঁটা আদি ভাঙি পৰে।
মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এই দুৰ্যোগৰ পাছতেই দুৰ্গতসকলক উদ্ধাৰৰ লগতে ক্ষয়-ক্ষতিৰ বুজ ল’বলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে ৷ লগতে ভুক্তভোগী পৰিয়ালসমূহক ২৪ ঘণ্টাৰ ভিতৰত ক্ষতিপূৰণ প্ৰদানৰ বাবেও নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে।
ৰাজ্যখনৰ কেবাখনো জিলাত এই ধুমুহা-বৰষুণৰ বিস্তৰ প্ৰভাৱ দেখা যায়। প্ৰাপ্ত তথ্য মতে, প্ৰয়াগৰাজত ১৭ গৰাকী, মিৰ্জাপুৰত ১৪ গৰাকী, ভাদোহীত ১৬ গৰাকী, ফাতেহপুৰত ৯ গৰাকী, বদাউন (শ্বাহজাহানপুৰ)ত ৫ গৰাকী, প্ৰতাপগড়ত ৪ গৰাকী, বৰেলীত ৭ গৰাকী, চান্দৌলি আৰু কুশীনগৰত দুগৰাকীকৈ লোকৰ মৃত্যু ঘটিছে। ইফালে কাণপুৰত দুগৰাকী, দেৱৰিয়াত দুগৰাকী আৰু সোণভদ্ৰ জিলাত এগৰাকী লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে।
মুখ্যমন্ত্ৰী আদিত্যনাথে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে জিলা দণ্ডাধীশ আৰু অন্যান্য বিভাগৰ বিষয়াসকলক ক্ষতিগ্ৰস্ত অঞ্চলত উপস্থিত হৈ ভুক্তভোগীক সম্ভৱপৰ সকলো ধৰণৰ সহায় নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে ৷ সাহায্যৰ কামত গাফিলতি সহ্য কৰা নহ’ব বুলিও তেওঁ সকীয়াই দিয়ে।
আদিত্যনাথে বিষয়াসকলক সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ দি বীমা কোম্পানীসমূহৰ লগতে ৰাজহ আৰু কৃষি বিভাগকো ক্ষয়-ক্ষতিৰ জৰীপ চলাই চৰকাৰক প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ কয় যে লোকচানৰ মূল্যায়নৰ লগে লগে ক্ষতিপূৰণৰ ব্যৱস্থা কৰিব লাগে।