আজিৰে পৰা গণতন্ত্ৰৰ সৰ্ববৃহৎ উৎসৱ; অসমৰ ৫ টা সমষ্টিকে ধৰি ভাৰতৰ ১০২ সমষ্টিত প্ৰথম পৰ্য্যায়ৰ সাধাৰণ নিৰ্বাচন

Story by  atv | Posted by  Munni Begum • 12 d ago
অসম জাতীয় পৰিষদৰ নেতা লুৰিনজ্যোতি গগৈ, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে,  সাংসদ তপন কুমাৰ গগৈ আৰু সাংসদ তথা ভাৰতীয় কংগ্ৰেছ দলৰ যুৱ নেতা গৌৰৱ গগৈ
অসম জাতীয় পৰিষদৰ নেতা লুৰিনজ্যোতি গগৈ, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে, সাংসদ তপন কুমাৰ গগৈ আৰু সাংসদ তথা ভাৰতীয় কংগ্ৰেছ দলৰ যুৱ নেতা গৌৰৱ গগৈ
 
আৱাজ-দ্য ভইচ ব্যুৰ
 
আজিৰে পৰা আৰম্ভ হৈছে গণতন্ত্ৰৰ সৰ্ববৃহৎ উৎসৱ। ৰাতিপুৱা ৭ বজাৰ পৰা ২১ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ১০২ খন লোকসভা আসনৰ বাবে প্ৰথম পৰ্যায়ৰ সাধাৰণ নিৰ্বাচন আৰম্ভ হৈছে। প্ৰথম পৰ্যায়ত তামিলনাডুৰ ৩৯ খন আসন, অসম আৰু উত্তৰাখণ্ডৰ ৫ খনকৈ, অৰুণাচল প্ৰদেশৰ ২খন আসন, আৰু ৰাজস্থানৰ ২৫ খন আসনৰ ভিতৰত ১২ খন আসনৰ নিৰ্বাচন অনুষ্ঠিত হৈছে।
 
এইবোৰৰ বাহিৰেও মহাৰাষ্ট্ৰৰ ৫ খন আসন, বিহাৰৰ ৪ খন আসন, মধ্যপ্ৰদেশৰ ৬ খন আসন, উত্তৰ প্ৰদেশৰ ৮ খন আসন, পশ্চিমবংগৰ ৩ খন আসন, আৰু ত্ৰিপুৰা জম্মু-কাশ্মীৰ আৰু ছত্তীশগড়ত এখনকৈ আসনত ভোটদান আৰম্ভ হৈছে।
 
শাসনাধিস্থ বিজেপিৰ চকু তামিলনাডুত, য’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাজ্যৰ মুৰব্বী কে আন্নামলাইৰ নেতৃত্বত গেৰুৱা দলে ভোট আৰু আসন বৃদ্ধিৰ বাবে যোৰদাৰ নিৰ্বাচনী প্ৰচাৰ কৰিছিল। বিজেপিৰ বাবে আনদুখন গুৰুত্বপূৰ্ণ ৰাজ্য হ’ল পশ্চিম বংগ আৰু মহাৰাষ্ট্ৰ।
 
প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাৰ্থী সমূহৰ ভিতৰত আছে বিজেপি দলৰ বহুকেইজন প্ৰভাৱশালী নেতা। ইয়াৰে ভিতৰত আছে আঠজন কেন্দ্ৰীয় মন্ত্ৰী, যেনে নীতিন গাডকাৰী, কিৰেন ৰিজিজু, সৰ্বানন্দ সোণোৱাল, সঞ্জীৱ বালিয়ান, জিতেন্দ্ৰ সিং, ভূপেন্দ্ৰ যাদৱ, অৰ্জুন ৰাম মেঘৱাল আৰু এল মুৰুগন, দুজন প্ৰাক্তন মুখ্যমন্ত্ৰী - বিপ্লৱ কুমাৰ দেৱ ( ত্ৰিপুৰা) আৰু নাবাম টুকি (অৰুণাচল প্ৰদেশ), আৰু প্ৰাক্তন ৰাজ্যপাল তামিলিছাই সৌন্দৰৰাজন (তেলেংগানা)।
 
২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সৰ্বসাধাৰণ ৰাইজক সম্বোধন কৰি ভাষণ প্ৰদান কৰা এক মূহুৰ্ত
 
২০১৯ চনৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছ নেতৃত্বাধীন ইউ পি এ এই ১০২ খন আসনৰ ভিতৰত ৪৫ খন আৰু বিজেপিৰ নেতৃত্বত এন ডি এয়ে ৪১ খন আসন লাভ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰোপৰি মেঘালয় (২), আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ (১), মিজোৰাম (১), নাগালেণ্ড (১), পুডুচেৰী (১), ছিকিম (১) আৰু লক্ষদ্বীপ (১) ত ভোটগ্ৰহণ প্ৰক্ৰিয়া চলি আছে।
 
তামিলনাডুত কইম্বাটুৰৰ পৰা বিজেপিৰ ৰাজ্যিক সভাপতি কে আন্নামলাই, চেন্নাই দক্ষিণৰ পৰা তামিলিছাই সৌন্দৰৰাজন আৰু নীলগিৰিছৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী এল মুৰুগানে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। মুৰুগানৰ মুখামুখি হৈছে প্ৰাক্তন টেলিকম মন্ত্ৰী তথা ডি এম কে নেতা এ ৰাজাৰ। ডি এম কেৰ কানিমোজিয়ে থুথুক্কুডিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।
 
প্ৰথম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হোৱা পশ্চিম বংগৰ তিনিখন আসন হ’ল আলিপুৰদুৱাৰ, কোচবিহাৰ, আৰু জলপাইগুৰি। উত্তৰ বংগৰ এই তিনিওখন আসনতে ২০১৯ চনত বিজেপিয়ে জয়লাভ কৰিছিল। মহাৰাষ্ট্ৰত হাই প্ৰফাইল নাগপুৰ আসনখনত বিজেপিৰ নীতিন গাডকাৰী আৰু কংগ্ৰেছ নেতা বিকাশ ঠাক্ৰেৰ মাজত দুমুখীয়া প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে।
 
 সাংসদ আৰু ভাৰতীয় কংগ্ৰেছ দলৰ যুৱ আৰু প্ৰভাৱশালী নেতা গৌৰৱ গগৈৰ সৈতে লোক সভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰিছে প্ৰিয়ংকা গান্ধীয়ে
 
উত্তৰ প্ৰদেশৰ নিৰ্বাচন অনুষ্ঠিত হোৱা ৮ খন আসনৰ ভিতৰত সকলোৰে চকু ৰামপুৰ আৰু পিলিভবিতৰ ওপৰত। ৰামপুৰ সমাজবাদী পাৰ্টীৰ নেতা আজম খানৰ দুৰ্গ, আনহাতে পিলিভিতত বিজেপিয়ে বৰুণ গান্ধীৰ ঠাইত জিতীন প্ৰসাদক প্ৰাৰ্থীত্ব দিছে।আনহাতে, আজি অসমৰ ১৪ লোকসভা সমষ্টিৰ ভিতৰত প্ৰথম পৰ্যায়ত ৫ টা সমষ্টিত ভোটগ্ৰহন অনুষ্ঠিত হৈছে। আজিৰ ভোটগ্ৰহনত ৩৫ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৮৬,৪৭,৮৬৯ গৰাকী ভোটাৰে।
 
আজি প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈছে ডিব্ৰুগড়, শোণিতপুৰ, যোৰহাট, কাজিৰঙা আৰু লখিমপুৰ লোকসভা সমষ্টিত। এই ৫ টা সমষ্টিৰ ভিতৰত সকলোৰে চকু ডিব্ৰুগড় আৰু যোৰহাট লোকসভা সমষ্টিত। ডিব্ৰুগড় সমষ্টিত বৰ্তমানৰ প্ৰভাৱশালী কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন সদৌ অসম ছাত্ৰসন্থাৰ সভাপতি সৰ্বানন্দ সোনোৱালে তীব্ৰ প্ৰতিদ্বন্দিতাৰ সন্মুখীন হৈছে সদৌ অসম ছাত্ৰসন্থাৰে প্ৰাক্তন সম্পাদক লুৰিনজ্যোতি গগৈৰ সৈতে। শাসনাধিস্থ বিজেপি দলৰ নেতা হিচাপে সৰ্বানন্দ সোনোৱালৰ যদিও যথেষ্ট সুবিধা আছে, অসম জাতীয় পৰিষদৰ নেতা লুৰিনজ্যোতি গগৈয়ে কেন্দ্ৰীয় মন্ত্ৰীজনক তীব্ৰ প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ সম্ভাৱনা আছে। 
 
অন্যহাতে, যোৰহাট সমষ্টিত তীব্র প্ৰতিদ্বন্দিতাৰ সন্মুখীন হ'ব সমষ্টিটোৰে বৰ্তমানৰ সাংসদ তপন কুমাৰ গগৈয়ে। তপন কুমাৰ গগৈৰ বিপৰীতে যোৰহাট সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছে বৰ্তমানৰ সাংসদ আৰু ভাৰতীয় কংগ্ৰেছ দলৰ যুৱ আৰু প্ৰভাৱশালী নেতা গৌৰৱ গগৈয়ে। যোৰহাট আৰু ডিব্ৰুগড় সমষ্টিৰ বাদে বাকী তিনিতা সমষ্টিত শাসনাধিস্থ বিজেপিয়ে তীব্ৰ প্ৰতিদ্বন্দিতাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা কম। 
 
কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন সদৌ অসম ছাত্ৰসন্থাৰ সভাপতি সৰ্বানন্দ সোনোৱালে চলোৱা নিৰ্বাচনী প্ৰচাৰৰ এক মূহুৰ্ত
 
ইতিমধ্যে অসমৰ মুখ্য নিৰ্বাচনী কাৰ্য্যালয়ে প্ৰথম পৰ্য্যায়ৰ লোকসভা নিৰ্বাচন মুক্ত, ন্যায্য, নিৰাপদ আৰু শান্তিপূৰ্ণ ভাৱে অনুষ্ঠিত কৰাৰ সকলো ব্যৱস্থা সম্পূৰ্ণ কৰিছে। আইন-শৃংখলা, ব্যয় আদিৰ ওপৰত তীব্ৰ সতৰ্কতা অৱলম্বন কৰিবলৈ ভাৰতীয় নিৰ্বাচনী আয়োগে ইতিমধ্যে নিৰ্বাচন পৰ্যবেক্ষক নিযুক্তি দিছে। নিকা আৰু স্বচ্ছ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে ভাৰতীয় নিৰ্বাচনী আয়োগৰ নিৰ্দেশ অনুসৰি নিৰ্বাচনৰ দিনটোৰ কাৰ্যসূচী নিৰীক্ষণৰ বাবে অসমৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গৱেলে লাইভ মনিটৰিং আৰু ৱেবকাষ্টিঙৰ ব্যৱস্থা কৰিছে।
 
প্ৰথম পৰ্যায়ৰ বাবে অসমত মুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা ১০০০১, যাৰ ভিতৰত ৯২ টা আদৰ্শ ভোটকেন্দ্ৰ, ১১ টা পিডব্লিউডি পৰিচালিত ভোটকেন্দ্ৰ আৰু ৭৫২ টা মহিলা পৰিচালিত ভোটকেন্দ্ৰ।আটাইকেইটা ভোটকেন্দ্ৰতে ৱেবকাষ্টিং কৰা হ’ব। ৱেবকাষ্টিঙৰ জৰিয়তে ভাৰতৰ নিৰ্বাচন আয়োগ, মুখ্য নিৰ্বাচনী বিষয়া আৰু জিলা নিৰ্বাচনী বিষয়াসকলে ভোটগ্ৰহণ কেন্দ্ৰত ভোটগ্ৰহণ প্ৰক্ৰিয়াটো পোনপটীয়াকৈ নিৰীক্ষণ কৰিব পাৰিব।
 
নিশ্চিত নূন্যতম সুবিধা (এ এম এফ) যেনে খোৱাপানী, পৰ্যাপ্ত আচবাব, ৱেটিং চেড, শৌচাগাৰ, পোহৰৰ পৰ্যাপ্ত ব্যৱস্থা, শিশুৰ বাবে ক্ৰেচৰ ব্যৱস্থা, উপযুক্ত চিন, পি ডব্লিউ ডি ভোটাৰ আৰু জ্যেষ্ঠ নাগৰিক নিৰ্বাচকসকলৰ সুবিধাৰ বাবে ৰেম্পৰ ব্যৱস্থা আৰু ভোটাৰ সুবিধাৰ্থে সকলো ভোটকেন্দ্ৰতে সুবিধা প্ৰদানৰ পোষ্টাৰ উপলব্ধ কৰা হৈছে।
 
অসম জাতীয় পৰিষদৰ নেতা লুৰিনজ্যোতি গগৈ চলোৱা নিৰ্বাচনী প্ৰচাৰৰ এক দৃশ্য
 
বৃদ্ধ লোকৰ বাবে পৰিবহণৰ সুবিধা আৰু স্বেচ্ছাসেৱকৰ পৰা হুইল চেয়াৰৰ লগতে পিডব্লিউডি ভোটগ্ৰহন কেন্দ্ৰত নিৰ্বাচক আৰু জ্যেষ্ঠ নাগৰিক ভোটাৰলৈ সহায়ৰ ব্যৱস্থা কৰা হৈছে। ইয়াত উল্লেখ কৰিব পাৰি যে অনলাইন পঞ্জীয়ন কৰি পৰিবহণ বাছি লোৱাৰ বাবে পিডব্লিউডি ভোটাৰসকলে Mobile app Saksham ব্যৱহাৰ কৰিব পাৰে।
 
তদুপৰি অন্যান্য আই টি এপ্লিকেচন যেনে Voter Helpline App, KYCECI App, C VIGIL app আৰু Election Helpline no. ভোটাৰৰ সুবিধাৰ্থে 1950 নম্বৰত কল কৰিব পাৰিব। এই লোকসভা নিৰ্বাচন-২০২৪ ৰ সময়ছোৱাত মুঠ ৪০০০৪ জন ভোটগ্ৰহণ আৰু প্ৰিজাইডিং বিষয়া নিয়োগ কৰা হৈছে আৰু মুঠ ১০০০১ টা বেলট ইউনিট (বি ইউ), ১০০০১ টা কণ্ট্ৰল ইউনিট (চিইউ) আৰু ১০০০১টা ভিভিপিএটি ব্যৱহাৰ হ'ব। 
 
নিৰ্বাচনী আয়োগে জটিল ভোটগ্ৰহণ কেন্দ্ৰৰ বাবেও মাইক্ৰ’-অবজাৰ্ভাৰ নিযুক্তি দিছে। ভোটগ্ৰহণ আৰম্ভ হোৱাৰ ৯০ মিনিট আগতেই মক প’ল আৰম্ভ হ’ব। অসমৰ বৰ্তমান চলি থকা ৫ টা ভোটগ্ৰহণ সমষ্টিত আছে মুঠ ৮৬,৪৭,৮৬৯ গৰাকী ভোটাৰ। ইয়াৰে ৪২,৮২,৮৮৭ গৰাকী পুৰুষ, ৪৩,৬৪,৮৫৯ গৰাকী মহিলা আৰু ১২৩ গৰাকী তৃতীয় লিংগ। তদুপৰি, সৰ্বাংগীন নিৰ্বাচন নিশ্চিত কৰিবলৈ অত্যাৱশ্যকীয় সেৱাত নিয়োজিত ব্যক্তিসকলৰ উপৰিও ৮৫ বছৰৰ ওপৰৰ জ্যেষ্ঠ নাগৰিক আৰু  পিডব্লিউডি সকলকো ডাক বেলটৰ সুবিধা প্ৰদান কৰা হৈছে।