দিছপুৰ
ভিআইপি কনভয়ৰ চলাচলৰ সময়ত এম্বুলেঞ্চসহ কোনো জৰুৰীকালীন বাহনৰ পথত যাতে কোনো ধৰণৰ বাধাৰ সৃষ্টি নহয়, সেই বিষয়ে সকলো জিলা আয়ুক্ত (DC) আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষক (SSP)ক কঠোৰ নিৰ্দেশ জাৰি কৰিছে অসম চৰকাৰে। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ (CMO) পৰা এই নিৰ্দেশনা জাৰি কৰা হৈছে।
বুধবাৰে বিয়লি শিলচৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কনভয় পাৰ হোৱাৰ বাবে আৰক্ষীয়ে এখন এম্বুলেঞ্চ ৰখাই দিয়াৰ ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰ পিছতে এই নিৰ্দেশনা জাৰি কৰা হয়।
এম্বুলেঞ্চখনত ৪২ বছৰীয়া ৰসৰাজ চক্ৰৱৰ্তীক শিলচৰ মেডিকেল কলেজ এণ্ড হাস্পতাললৈ (SMCH) লৈ যোৱা হৈছিল। বৃহস্পতিবাৰে পুৱতি নিশা চিকিৎসাধীন অৱস্থাতে তেওঁৰ মৃত্যু হয়।
অৱশ্যে, শিলচৰ মেডিকেল কলেজ এণ্ড হাস্পতাল কৰ্তৃপক্ষ আৰু মৃতকৰ পৰিয়ালৰ লোকে জনোৱা মতে, যান-বাহনৰ বিলম্বৰ সৈতে ৰোগীগৰাকীৰ মৃত্যুৰ কোনো সম্পৰ্ক নাছিল। তেওঁ লিভাৰৰ ছিৰ’ছিছত আক্ৰান্ত আছিল আৰু তেওঁৰ ৰোগটো দীৰ্ঘদিনীয়া আছিল।
সকলো জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকলৈ প্ৰেৰণ কৰা মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ নিৰ্দেশনাত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে, "কোনো পৰিস্থিতিতে ভিআইপি কনভয়ৰ ব্যৱস্থাৰ বাবে এম্বুলেঞ্চ বা আন কোনো জৰুৰীকালীন বাহনৰ চলাচলত বাধা প্ৰদান কৰিব নালাগিব।"
মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ এক্স হেণ্ডেলত নিৰ্দেশনাখন শ্বেয়াৰ কৰি কোৱা হয় যে, মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হোৱাৰ সময়ত যাতে জনসাধাৰণে কোনো অসুবিধাৰ সন্মুখীন নহয়, সেই বিষয়ত সকলো জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকক কঠোৰভাৱে নিশ্চিত কৰিবলৈ পুনৰ নিৰ্দেশ দিয়া হৈছে। নিৰাপত্তাজনিত প্ৰয়োজনীয়তাৰ সৈতে সামঞ্জস্য ৰাখি মুখ্যমন্ত্ৰীৰ কনভয়ৰ আকাৰো ন্যূনতম পৰ্যায়লৈ হ্ৰাস কৰা হৈছে বুলি উল্লেখ কৰা হয়।
ৰাজ্য চৰকাৰে লগতে কয় যে, জৰুৰীকালীন বাহনসমূহ, বিশেষকৈ এম্বুলেঞ্চ, অগ্নিনিৰ্বাপক বাহন আৰু আৰক্ষীৰ জৰুৰীকালীন সঁহাৰি বাহনক সকলো সময়তে বাধাহীনভাৱে চলাচলৰ সুবিধা প্ৰদান কৰাৰ বাবে ইতিমধ্যে স্পষ্ট নিৰ্দেশনা জাৰি কৰা হৈছিল।