মহাত্মা গান্ধীৰ জন্মজয়ন্তীত প্ৰধানমন্ত্ৰী মোডীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

Story by  atv | Posted by  Munni Begum • 26 m ago
মহাত্মা গান্ধীৰ জন্মজয়ন্তীত প্ৰধানমন্ত্ৰী মোডীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন
মহাত্মা গান্ধীৰ জন্মজয়ন্তীত প্ৰধানমন্ত্ৰী মোডীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন
 
নতুন দিল্লী
 
মহাত্মা গান্ধীৰ জন্মজয়ন্তী উপলক্ষে শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জাতিৰ পিতাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ কয় যে, গান্ধীৰ কালজয়ী বাৰ্তাই উন্নত সমাজ আৰু ‘বিকশিত ভাৰত’ গঢ়াৰ দিশত সকলোকে ভৱিষ্যতেও পথ প্ৰদৰ্শন কৰি থাকিব।
 
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, সত্য, অহিংসা, কৰুণা আৰু সেৱাৰ ওপৰত আধাৰিত মহাত্মা গান্ধীৰ সমগ্ৰ জীৱন মানৱতাৰ বাবে এক পথপ্ৰদৰ্শক হৈ আছিল আৰু যুগে যুগে এই আদৰ্শই মানৱতাক অনুপ্ৰাণিত কৰি থাকিব।
 
এক্সত এক পোষ্টযোগে প্ৰধানমন্ত্ৰীয়ে কয়, “বাপুৰ কালজয়ী বাৰ্তাই আমাক এখন উন্নত সমাজ আৰু ‘বিকশিত ভাৰত’ৰ দিশত পথ প্ৰদৰ্শন কৰি থাকক।”
 
এটা ভিডিঅ’ বাৰ্তাৰ জৰিয়তে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে দেশৰ বাবে আজিৰ দিনটোৰ গুৰুত্ব সকলোৱে জানে। তেওঁৰ আদৰ্শই সমগ্ৰ বিশ্বক অনুপ্ৰাণিত কৰিছে। মহাত্মা গান্ধী এনে এগৰাকী ব্যক্তিত্ব, যি ক্ষমতাৰ পৰা বহু দূৰত থাকিও আজিও কোটি কোটি মানুহৰ হৃদয়ত জীয়াই আছে।
 
আগন্তুক দিনবোৰতো মহাত্মা গান্ধীৰ আদৰ্শই মানৱতাক পথ প্ৰদৰ্শন আৰু অনুপ্ৰাণিত কৰি থাকিব বুলি তেওঁ বিশ্বাস প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে, মহাত্মা গান্ধীয়ে সদায় সকলোকে ‘স্বদেশী’ সামগ্ৰী গ্ৰহণ কৰিবলৈ উৎসাহিত কৰিছিল। এই ক্ষেত্ৰত খাদী সামগ্ৰীয়ে বিশেষ গুৰুত্ব লাভ কৰে।
 
তেওঁ কয়, “মই সকলোকে ২ অক্টোবৰত অন্ততঃ এটা খাদী সামগ্ৰী ক্ৰয় কৰিবলৈ আহ্বান জনাইছোঁ আৰু গৌৰৱেৰে ক’বলৈ আহ্বান জনাইছোঁ যে এইটো ‘স্বদেশী’।”
 
উল্লেখ্য যে, মহাত্মা গান্ধীৰ জন্ম হৈছিল ১৮৬৯ চনৰ ২ অক্টোবৰত গুজৰাটৰ পোৰবন্দৰত। ১৯৪৮ চনৰ ৩০ জানুৱাৰীত নতুন দিল্লীত তেওঁক হত্যা কৰা হৈছিল।