গুৱাহাটী
অসম চুক্তিৰ ৬নং দফা ৰূপায়ণৰ বাবে উচ্চস্তৰীয় সমিতিৰ প্ৰতিবেদন কার্যকৰীকৰণৰ সন্দৰ্ভত অসম চৰকাৰ আৰু সদৌ অসম ছাত্ৰ সন্থা (আছু) শনিবাৰে ঐক্যমতত উপনীত হয়। তৃতীয় পৰ্যায়ৰ আলোচনাত ৬ নং দফা সন্দৰ্ভত খিলঞ্জীয়াৰ বাবে সাংবিধানিক সুৰক্ষা প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে ইয়াক সময়মতে কাৰ্যকৰী কৰাৰ বাবে এখন নতুন পৰ্যালোচনা সমিতি গঠন কৰা হ'ব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হয়।
কেন্দ্ৰীয় চৰকাৰে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ অধ্যক্ষতাত গঠন কৰা উচ্চস্তৰীয় সমিতিৰ পৰামৰ্শৱলী ৰূপায়ণৰ বাবে পূৰ্বতে গঠন কৰা উপ-সমিতিয়েও বৈঠকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰতিবেদন দাখিল কৰে। মুখ্যমন্ত্ৰীৰ সৈতে হোৱা এই আলোচনাত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা, সাধাৰণ সম্পাদক সমীৰণ ফুকন, মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচার্য, অসম চুক্তিৰ দফা ৰূপায়ণৰ উপ-সমিতিৰ সদস্যসকলৰ লগতে মন্ত্ৰী অজন্তা নেওগ, মন্ত্ৰী অতুল বৰা উপস্থিত থাকে।
ছবছৰীয়া বিদেশী বিতাড়ণ আন্দোলনৰ পিছত ১৯৮৫ চনত অসম চুক্তি স্বাক্ষৰিত হৈছিল। ইয়াৰ ৬নং দফাত কোৱা হৈছেঃ "অসমীয়া জনসাধাৰণৰ সংস্কৃতি, সামাজিক, ভাষিক পৰিচয় আৰু ঐতিহ্যক সুৰক্ষা, সংৰক্ষণ আৰু প্ৰসাৰৰ বাবে সাংবিধানিক, আইনগত আৰু প্ৰশাসনিক সুৰক্ষা প্ৰদান কৰা হ'ব"। আছুৰ লগতে সদৌ অসম গণ সংগ্ৰাম পৰিষদ অসম চুক্তিৰ স্বাক্ষৰকাৰী আছিল। এই ঐতিহাসিক চুক্তিৰ তৃতীয় স্বাক্ষৰকাৰী আছিল কেন্দ্ৰীয় চৰকাৰ।
‘‘অসম চুক্তিৰ ৬ নং দফা সন্দৰ্ভত আজি লোকসেৱা ভৱনত তৃতীয় পৰ্যায়ৰ আলোচনা অনুষ্ঠিত হয়। এই আলোচনাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সভাপতিত্ব কৰে। অসম চৰকাৰ আৰু আছু দুয়ো উচ্চস্তৰীয় সমিতিৰ অধিকাংশ ৰাজ্যিক পৰ্যায়ৰ পৰামৰ্শৱলীৰ ওপৰত একৈমতত উপনীত হৈছে৷ ইয়াক সময়মতে কাৰ্যকৰী কৰাৰ বাবে এখন নতুন পৰ্যালোচনা সমিতি গঠন কৰা হ'ব।’’- মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে এক্সত দিয়া এটা পোষ্টত এইদৰে উল্লেখ কৰে৷
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰতিবেদন দাখিলৰ এটি মুহূৰ্ত
বৈঠকত উপস্থিত থকা অসম চুক্তি ৰূপায়ণ মন্ত্ৰী অতুল বৰাই ৬নং দফা ৰূপায়ণৰ ক্ষেত্ৰত এই আলোচনাই নতুন গতি প্ৰদান কৰা বুলি উল্লেখ কৰে৷ এক্সত দিয়া এটা পোষ্টত তেওঁ কয় যে উচ্চস্তৰীয় সমিতিয়ে দাখিল কৰা পৰামৰ্শসমূহৰ ভিতৰত ৪০টা ৰাজ্য চৰকাৰৰ অধীনত, ১৫টা কেন্দ্ৰীয় চৰকাৰৰ অধীনত আৰু ১২টাত দুয়োখন চৰকাৰৰ যুটীয়া পদক্ষেপৰ প্ৰয়োজন।
‘‘আজিৰ বৈঠকত আছুৱে পৰামৰ্শসমূহ ৰূপায়ণৰ নিৰীক্ষণৰ বাবে এখন কমিটী গঠনৰ আহ্বান জনায়। তেওঁলোকে ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ আৰু আছুৰ মাজত ২০২৬ চনৰ ৩১ জানুৱাৰীৰ পূৰ্বে এখন ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰিবলৈও অনুৰোধ জনায়।’’- বৰাই কয়৷
তেওঁ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ অধিকাৰ সুৰক্ষা আৰু তেওঁলোকৰ সৰ্বাংগীন বিকাশৰ বাবে ৰাজ্য চৰকাৰৰ অংগীকাৰৰ কথা দোহাৰে।
"এই প্ৰচেষ্টাৰ এটা মূল উপাদান হৈছে ঐতিহাসিক অসম চুক্তিৰ দফাসমূহ কাৰ্যকৰী কৰা। এয়া আমাৰ চৰকাৰৰ অন্যতম প্ৰাথমিকতা।’’- অসম গণ পৰিষদৰ সভাপতিগৰাকীয়ে কয়৷ অগপ সদৌ অসম গণ সংগ্ৰাম পৰিষদৰ ৰাজনৈতিক উত্তৰাধিকাৰী বুলি তেওঁ মন্তব্য কৰে।
"আজিৰ অৰ্থপূৰ্ণ আলোচনাই চুক্তিৰ দফাসমূহ ৰূপায়ণৰ দিশত চলি থকা প্ৰচেষ্টাক নতুন গতি প্ৰদান কৰিব আৰু অসমৰ থলুৱা জনগোষ্ঠীৰ স্বাৰ্থ আৰু পৰিচয় সুৰক্ষিত কৰাৰ বাবে আমাৰ সংকল্পক আৰু অধিক শক্তিশালী কৰিব বুলি আমি বিশ্বাসী", মন্ত্ৰীগৰাকীয়ে লগতে কয়।
পৰৱৰ্তী সময়ত এখন সংবাদমেল সম্বোধন কৰি বৰাই কয় যে বৈঠকত ৰাজ্য চৰকাৰৰ ক্ষেত্ৰত ৪০টা পৰামৰ্শ আৰু কেন্দ্ৰ আৰু ৰাজ্যই যুটীয়াভাৱে গ্ৰহণ কৰিবলগীয়া ১২টা পৰামৰ্শ ৰূপায়ণৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰা হয়। অসম চুক্তি ৰূপায়ণৰ বাবে ন’ডেল এজেন্সী গৃহ মন্ত্ৰ্যালয়ৰ সৈতে মুখ্যমন্ত্ৰীগৰাকীয়ে উচ্চস্তৰীয় কমিটীৰ পৰামৰ্শৱলী আগবঢ়াই নিয়াৰ বাবে অহৰহ যোগাযোগত আছে বুলিও তেওঁ কয়। উপ-সমিতিয়ে দাখিল কৰা প্ৰতিবেদনৰ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে এই উপ-সমিতিয়ে পৰামৰ্শৱলীসমূহ ৰূপায়ণৰ বাবে বিস্তৃত ৰোডমেপ আগবঢ়াইছে।
উপ-সমিতিয়ে বিবেচনা কৰা বিষয়সমূহৰ ভিতৰত আছিল বিদেশী চিনাক্তকৰণ, অপসাৰণ আৰু বহিষ্কাৰ, বহিষ্কাৰৰ ব্যৱস্থা আৰু বাংলাদেশৰ সৈতে দ্বিপাক্ষিক যোগাযোগ, ভূমি অধিকাৰ নিশ্চিত কৰা, খিলঞ্জীয়া লোকৰ ৰাজনৈতিক, সাংস্কৃতিক আৰু আৰ্থ-সামাজিক স্বাৰ্থ নিশ্চিত কৰা, সীমান্তৰ সুৰক্ষা আৰু এনআৰচিৰ চূড়ান্তকৰণ আৰু বিসংগতিৰ পুনৰ পৰীক্ষণ কৰা।