‘বিকাশৰ বাবে ভাতৃত্ববোধৰ প্ৰয়োজন’; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ গ্ৰেণ্ড মুফটিৰ

Story by  atv | Posted by  [email protected] • 1 d ago
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে শ্বেখ আবুবক্কৰ আহমেদ নামেৰে পৰিচিত গ্ৰেণ্ড মুফটি কান্থাপুৰম এ পি আবুবক্কৰ মুছলিয়াৰ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে শ্বেখ আবুবক্কৰ আহমেদ নামেৰে পৰিচিত গ্ৰেণ্ড মুফটি কান্থাপুৰম এ পি আবুবক্কৰ মুছলিয়াৰ
 
নতুন দিল্লী
 
ভাৰতৰ গ্ৰেণ্ড মুফটি শ্বেখ আবুবক্কৰ আহমেদে সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে আৰু দুয়ো কেইবাটাও বিষয় আলোচনা কৰে।
 
এক্স (X) যোগে কৰা এটা পোষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতৰ গ্ৰেণ্ড মুফটি শ্বেখ আবুবক্কৰ আহমেদ চাহাবৰ সৈতে তেওঁৰ "এক সুন্দৰ বাৰ্তালাপ হৈছে। আমি বিভিন্ন বিষয়ত মত বিনিময় কৰিছো।"
 
প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে, "সামাজিক সম্প্ৰীতি, ভাতৃত্ববোধ আৰু শিক্ষাৰ উন্নতিৰ বাবে তেওঁৰ প্ৰচেষ্টা প্ৰশংসনীয়।"
শ্বেখ আবুবক্কৰ আহমেদ হৈছে ভাৰতৰ দশম আৰু বৰ্তমানৰ গ্ৰেণ্ড মুফটি, যিয়ে ২০১৯ চনৰ ফেব্ৰুৱাৰী মাহত এই দায়িত্ব গ্ৰহণ কৰিছিল। কেৰালাৰ এজন বিশিষ্ট ছুন্নী পণ্ডিত হিচাপে তেওঁ অল ইণ্ডিয়া ছুন্নী জামিয়াতুল উলেমাৰ নেতৃত্ব দিছে।
 
শ্বেখ আবুবক্কৰ আহমেদে ডুবাইলৈ ৰাওনা হোৱাৰ পূৰ্বে ‘আৱাজ - দ্য ভইচ’ (Awaz-the Voice) ৰ সৈতে কথা পাতিছিল।
 
তাৰেই কিছু অংশ তলত উল্লেখ কৰা হ’লঃ
 
আছলামু আলাইকুম, প্ৰধানমন্ত্ৰীৰ সৈতে আপোনাৰ বৈঠক কেনে আছিল?
 
- এই বৈঠকখন আছিল মোৰ মানৱতাৰ যাত্ৰাৰ এটা অংশ।  (কেৰালা মুছলিম জামাতৰ দ্বাৰা আয়োজন কৰা ১৬ দিনীয়া "কেৰালা যাত্ৰা" "জনতাৰ সৈতে" আৰু "মানৱতাৰ সৈতে" শীৰ্ষক বিষয়বস্তুৰ অধীনত তেওঁ জানুৱাৰী মাহত নেতৃত্ব দিছিল)৷ কেৰালা যাত্ৰাৰ সময়ত মই কেৰালাৰ বহু ঠাই ভ্ৰমণ কৰিছিলো। মই প্ৰধানমন্ত্ৰীক সেই সকলোবোৰ ঠাইৰ পৰিস্থিতিৰ বিষয়ে অৱগত কৰো। তেওঁ মোৰ কথাবোৰ অতি আগ্ৰহেৰে শুনিছিল। প্ৰধানমন্ত্ৰীয়ে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব। আনকি (কেৰালাৰ) মুখ্যমন্ত্ৰীয়েও নিজৰ ফালৰ পৰা সহায় কৰিব। কিছুমান বিষয়ত এতিয়াও ব্যৱস্থা গ্ৰহণৰ কথা চিন্তা-চৰ্চা চলি আছে। নিয়ম আৰু আইনৰ পৰিসৰৰ ভিতৰত থাকি সকলো প্ৰয়োজনীয় পদক্ষেপ লোৱা হ’ব।
 
শ্বেখ আবুবক্কৰ আহমেদৰ সাক্ষাৎকাৰ লোৱাৰ মুহূৰ্তত 'আৱাজ - দ্য ভইচ’ৰ মুখ্য সম্পাদক আতিৰ খান
 
আপুনি প্ৰধানমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰা নিৰ্দিষ্ট বিষয়সমূহ কি কি আছিল?
 
- বৈঠকখন সুন্দৰকৈ পাৰ হৈছিল আৰু প্ৰায় আধা ঘণ্টা ধৰি চলিছিল। আমি ৱাকফ (শেহতীয়াকৈ সংসদত গৃহীত হোৱা সংশোধনী আইন) সন্দৰ্ভত আলোচনা কৰিছিলো। আমি দায়িত্ব আৰু প্ৰকৃত পৰিস্থিতিৰ বিষয়ে আলোচনা কৰো। প্ৰধানমন্ত্ৰীৰ মনত কেইবাটাও প্ৰশ্ন আছিল আৰু মই তেওঁক সকলো তথ্য বিতংভাৱে জনাইছিলো।
 
মাৰ্কাজ জামিয়াতুল উলেমাই শিক্ষাৰ ক্ষেত্ৰত এক নতুন মান স্থাপন কৰিছে। আপুনি প্ৰধানমন্ত্ৰীৰ সৈতে এই বিষয়ে আলোচনা কৰিছিল নেকি?
 
- মই তেওঁক আমাৰ শিক্ষাৰ যাত্ৰাৰ বিষয়ে কৈছিলো, যিটো কেৰালাত মাত্ৰ এটা শাখাৰ পৰা আৰম্ভ হৈছিল আৰু এতিয়া ই কেনেকৈ বৃদ্ধি পাইছে। এই ক্ষেত্ৰত আৰু বহুত কৰিবলগীয়া আছে। আমি শিক্ষাৰ সম্প্ৰসাৰণৰ বাবে চেষ্টা কৰিছো। এই অভিযানত মই প্ৰধানমন্ত্ৰীৰ সহযোগিতা বিচাৰিছো।

সামাজিক সম্প্ৰীতি বা দেশৰ বৰ্তমানৰ পৰিস্থিতিৰ বিষয়ে আলোচনা কৰা হৈছিল নেকি?
 
- মই তেওঁক কৈছিলো যে আভ্যন্তৰীণ কন্দলৰ দ্বাৰা কাৰো লাভ নহয়। মই প্ৰধানমন্ত্ৰীক কৈছিলো যে যেতিয়া দেশত সম্প্ৰীতি আৰু ভাতৃত্ববোধ থাকে, তেতিয়াহে বিকাশ আৰু প্ৰগতি সম্ভৱ হয়।
 
ৰমজান মাহৰ বাবে আপোনাৰ বাৰ্তা কি?
 
- এই মাহতেই ধনী আৰু দৰিদ্ৰৰ মাজৰ ব্যৱধান হ্ৰাস পায়। এই মাহত আমি প্ৰেমৰ বিনিময় আৰু ভগৱানৰ দান লাভ কৰো। এই পৱিত্ৰ মাহত আমি প্ৰেম আৰু বন্ধুত্বৰ সম্প্ৰসাৰণৰ বাবে কাম কৰিব লাগে।