বৰপেটাত দুৰ্ঘটনাত পতিত BSF ৰ জোৱান কঢ়িয়াই নিয়া বাছ; ৩২ জন আহত

Story by  atv | Posted by  Munni Begum • 22 m ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
 
গুৱাহাটী  
 
অসমৰ বৰপেটা জিলাৰ হাউলীত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সীমান্ত সুৰক্ষা বাহিনী (BSF)ৰ জোৱান কঢ়িয়াই নিয়া এখন বাছ ভয়ংকৰ পথ দুৰ্ঘটনাৰ সন্মুখীন হয়। এই দুৰ্ঘটনাত মুঠ ৩২ জন বিএছএফৰ জোৱান আহত হয়।
 
আহতসকলৰ ভিতৰত ১৪ জনৰ অৱস্থা সংকটজনক হোৱাত তেওঁলোকক বৰপেটা চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত (BMCH) ভৰ্তি কৰোৱা হয়।
 
নিৰ্বাচনী কৰ্তব্য সম্পন্ন কৰি উভতি অহা বিএছএফৰ জোৱানসকলক কঢ়িয়াই নিয়া বাছখনে এখন ট্ৰাকৰ পিছফালে খুন্দা মাৰে বুলি জানিব পৰা গৈছে।
 
২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ হাউলীৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা। দুৰ্ঘটনাৰ সময়ত বাছখন ধুবুৰী অভিমুখে গৈ আছিল বুলি জানিব পৰা গৈছে।
 
আনহাতে, আহত জোৱানসকলৰ মাজৰ এজনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে। তেওঁক চিকিৎসালয়ৰ আই চি ইউত (ICU) ভৰ্তি কৰাই চিকিৎসা প্ৰদান কৰি থকা হৈছে।
 
ইফালে, দুৰ্ঘটনাটোত বাছখনৰ চালকজনৰ থিতাতে মৃত্যু হয়। মৃত চালকজনৰ নাম ছামছুল হক (৪২) বুলি জানিব পৰা গৈছে। তেওঁ গোৱালপাৰা জিলাৰ শিমলীতোলাৰ গৰৈমাৰীৰ বাসিন্দা আছিল। দুৰ্ঘটনাৰ খবৰ পোৱাৰ পিছতে হাউলী আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু প্ৰাথমিক তদন্ত আৰম্ভ কৰে।