২২ ছেপ্টেম্বৰত বিটিআৰ নিৰ্বাচনৰ ভোটগ্ৰহন

Story by  atv | Posted by  [email protected] • 2 h ago
২২ ছেপ্টেম্বৰত বিটিআৰ নিৰ্বাচনৰ ভোটগ্ৰহন
২২ ছেপ্টেম্বৰত বিটিআৰ নিৰ্বাচনৰ ভোটগ্ৰহন
 
গুৱাহাটী
 
সোমবাৰে অসমৰ বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ (বিটিআৰ) নিৰ্বাচন অনুষ্ঠিত হ'ব। য'ত ৫ খন কাউন্সিল জিলাৰ আসনৰ বাবে ৩১৬ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। অসম ৰাজ্যিক নিৰ্বাচন আয়োগৰ মতে, পুৱা ৭.৩০ বজাৰ পৰা বিয়লি ৪ বজালৈকে ভোটগ্ৰহণ অনুষ্ঠিত হ'ব।
 
বিষয়াসকলে কয় যে সুচাৰুৰূপে ভোটগ্ৰহণ সুনিশ্চিত কৰিবলৈ আৰু অপ্ৰীতিকৰ ঘটনা ৰোধ কৰিবলৈ সকলো প্ৰয়োজনীয় নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ভোটগ্ৰহণ কেন্দ্ৰৰ কৰ্মচাৰীসকল ইতিমধ্যে দূৰৱৰ্তী কেন্দ্ৰসমূহলৈ ৰাওনা হৈছে।
 
এই নিৰ্বাচনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৫ খন জিলাৰ কোকৰাঝাৰ, বাক্সা, চিৰাং, উদালগুৰি আৰু তামুলপুৰৰ জনসভাত ভাষণ প্ৰদান কৰে। বিজেপিয়ে প্ৰথমবাৰৰ বাবে মিত্ৰজোঁট অবিহনে পৰিষদৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে। বিটিচিৰ বৰ্তমানৰ অধ্যক্ষ প্ৰমোদ বড়োৰ নেতৃত্বত শাসনাধিষ্ঠিত ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল (ইউপিপিএল) আৰু বড়োলেণ্ড পিপলছ ফ্ৰণ্ট (বিপিএফ) য়েও তীব্ৰ নিৰ্বাচনী প্ৰচাৰ চলাইছে।
 
১৩,৩৪,৬০০ মহিলাসহ মুঠ ২৬,৫৮,১৫৩ গৰাকী ভোটাৰে ৩,৩৫৯টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰিব পাৰিব। ইয়াৰে ১৮৭টা ভোটকেন্দ্ৰ সম্পূৰ্ণৰূপে মহিলা ভোটদাতাৰ দ্বাৰা পৰিচালিত হ'ব। জিলাভিত্তিক ভোটকেন্দ্ৰৰ ভিতৰত আছে বাকছাত ৫৭৫টা, চিৰাঙত ৫১০টা, কোকৰাঝাৰত ৯৪২টা, তামুলপুৰত ৩৯৫টা আৰু উদালগুৰিত ৯৩৭টা ভোটকেন্দ্ৰ।
 
বিটিচিৰ ৪০ খন আসন আছে, য'ত ৩০খন আসন অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত, পাঁচখন অ-জনজাতিৰ বাবে সংৰক্ষিত আৰু বাকী পাঁচখন সকলোৰে বাবে মুকলি। বৰ্তমান, ইউপিপিএলে বিজেপি আৰু গণ সুৰক্ষা পাৰ্টিৰ (জিএছপি) সহযোগত পৰিষদখনৰ শাসনত আছিল। ২০২০ চনৰ বড়ো চুক্তি স্বাক্ষৰৰ পিছত অনুষ্ঠিত হোৱা শেহতীয়া নিৰ্বাচনত ইউপিপিএলে ১২খন, বিজেপিয়ে ৯খন আৰু জিএছপিয়ে এখন আসন লাভ কৰিছিল। বিপিএফ ১৭খন আসন লাভ কৰি একক বৃহত্তম দল হিচাপে আত্মপ্ৰকাশ কৰিছিল, আনহাতে কংগ্ৰেছে এখন আসন লাভ কৰিছিল, যদিও ইয়াৰ সদস্য পিছত বিজেপিত যোগদান কৰিছিল।
 
প্ৰয়োজন হ'লে পুনৰ ভোটগ্ৰহণ ২৪ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব আৰু ভোটসমূহ ২৬ ছেপ্টেম্বৰত গণনা কৰা হ'ব। নিৰ্বাচন প্ৰক্ৰিয়া ২৮ ছেপ্টেম্বৰৰ ভিতৰত সমাপ্ত হোৱাৰ আশা কৰা হৈছে।