মহাকাশত মেথি শাক-মগুৰ বীজ ৰোপণ কেপ্তেইন শুভাংশু শুক্লাৰ

Story by  atv | Posted by  [email protected] • 1 d ago
মহাকাশত মেথি শাক-মগুৰ বীজ ৰোপণ কেপ্তেইন শুভাংশু শুক্লাৰ
মহাকাশত মেথি শাক-মগুৰ বীজ ৰোপণ কেপ্তেইন শুভাংশু শুক্লাৰ
 
নতুন দিল্লী
 
দুটা সপ্তাহৰ কাৰ্যসূচীৰে আন্তৰ্জাতিক মহাকাশ গৱেষণা কেন্দ্ৰলৈ যোৱা ভাৰতীয় নভশ্চৰ কেপ্তেইন শুভাংশু শুক্লাই ইতিমধ্যে অন্তৰীক্ষত ১২ দিন সম্পূৰ্ণ কৰিছে। বিগত ১২ টা দিনত শুক্লাই অন্তৰীক্ষত কিদৰে খেতি কৰিব পাৰি, সেই সম্পৰ্কত গৱেষণা কৰি আছিল।
 
ইতিমধ্যে আন্তৰ্জাতিক মহাকাশ গৱেষণা কেন্দ্ৰত কেপ্তেইন শুক্লাই নিজৰ লগত নিয়া মেথি শাক আৰু মগুৰ বীজ ৰোপণ কৰিছে। মহাকাশৰ দৰে স্থানত বীজৰ কিদৰে অংকুৰণ ঘটে, পোখা মেলে তাৰ সম্পৰ্কত অধ্যয়নৰ বাবে শুক্লাই এই খেতিত মনোনিবেশ কৰিছে।
 
আনহাতে মহাকাশৰ পৰা উভতি অহাৰ পাছত এই বীজসমূহ কিদৰে কেইবাটাও প্ৰজন্মলৈ উৎপাদন কৰিব পাৰি, তাক লৈ গৱেষণা কৰা হ'ব।