গুৱাহাটী
মহিলা কাব্য মঞ্চ, বজালী জিলা,অসমৰ প্ৰতিষ্ঠা দিৱস আৰু মাহিলী বহুভাষিক কাব্য বৈঠক অধ্যক্ষা শ্ৰীমতী হীৰা দেৱীৰ পৰিকল্পনা আৰু পৰিচালনাত যোৱা বুধবাৰে আবেলি ৩ বজাত "কুঁহিপাঠ জাতীয় বিদ্যালয়", তিতকাত (পাঠশালা ষ্টেচনৰ দক্ষিণ দিশত অৱস্থিত) সফলতাৰে অনুষ্ঠিত হয়।মকাম, অসমৰ উপাধ্যক্ষ শ্ৰীমতী গীতা দেৱীয়ে সভাপতিত্ব কৰা অনুষ্ঠানটিত প্ৰাণৰ শিল্পী অসমৰ হাৰ্ট থ্ৰৱ জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি মায়াবিনী গীতটি গাই সৰস্বতী বন্দনাৰে সভাৰ শুভাৰম্ভ ঘটে।
কবি শ্ৰীমতী নীলিমা শৰ্মা গোস্বামীয়ে বন্তি প্ৰজ্বলন কৰে। মকাম, অসমৰ উপাধ্যক্ষ শ্ৰীমতী গীতা দেৱীয়ে নিজ ভাষণত পোনপ্ৰথমে মহিলাৰ বাবে, মহিলাৰ হৈ তথা মহিলা সকলে কৰা আন্তৰ্জাতিক অনুষ্ঠান "মহিলা কাব্য মঞ্চ"ৰ সংস্থাপক স্বনামধন্য কবি আৰু গায়ক পাটিয়ালা নিবাসী ডঃ নৰেশ নাজ জীৰ লগতে মকামৰ ৰাষ্ট্ৰীয় উপাধ্যক্ষ আৰু উত্তৰ পূব ভাৰতৰ তত্বাৱধায়ক ভাষাধ্যাপিকা, অনুবাদক তথা কবি মালবিকা ৰায়মেধি দাস "মেধা"ৰ প্ৰতি আন্তৰিকতাৰে ধন্যবাদ ও কৃতজ্ঞতা জ্ঞাপন কৰে।
অসমৰ ন'খন জিলাত শাখা থকা মকাম,অসমৰ "মনৰ পৰা মঞ্চ"লৈ কৰা এই অনিৰুদ্ধ যাত্ৰাৰ কথা উল্লেখ কৰি তেওঁ জনায় যে কোনো ধৰণৰ মাহিলী/বাৰ্ষিক অনুদান নথকা মকামৰ সদস্যা সকলে প্ৰতি মাহতে অনানুষ্ঠানিকভাৱে বহুভাষিক কবি সন্মিলন পাতি মহিলাৰ মাজত কাব্যিক তথা বৌদ্ধিক সজাগতা আৰু জাগৰণৰ সৃষ্টি কৰি আহিছে। মকাম, বজালী শাখাৰ বাৰ্ষিকোৎসৱৰ সৰ্বতোপ্ৰকাৰে সফলতা কামনা কৰাৰ লগতে বিদ্যালয়খনৰ স্বত্বাধিকাৰী অধ্যাপক শ্ৰী গৌতম কলিতা আৰু বিদ্যালয়ৰ হেড মাষ্টৰ শ্ৰী কমল শৰ্মাৰ লগতে সংশ্লিষ্ট কৰ্তৃপক্ষক সহায়-সহযোগিতা আগবঢ়োৱা বাবে প্ৰশংসা কৰি ধন্যবাদ জনায়।
বিশিষ্ট অতিথি মকাম, বৰপেটাৰ অধ্যক্ষা শ্ৰীযুতা প্ৰভা দেৱীয়ে "জননী" নামৰ এখন হাতে লিখা আলোচনী উন্মোচন কৰি আলোচনী খন উলিওৱাৰ প্ৰয়াসৰ শলাগ লয় আৰু অভিনন্দন জনোৱাৰ লগতে দোষ -ত্ৰুটি সমূহ আঙুলিয়াই দিয়ে। "জননী" ৰ সম্পাদক শ্ৰীমতী প্ৰতিমা বৰবৰুৱা আৰু সহকাৰী সম্পাদক শ্ৰীমতী মৰমী দত্ত। ২০গৰাকী কবিৰ কবিতা পাঠৰ লগতে চাৰি গৰাকীৰ দ্বাৰা গীত পৰিৱেশন কৰাৰ উপৰিও সমূহীয়া থিয়নাম পৰিবেশন কৰি অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰা হয়।শেষত শলাগৰ শৰাই আগবঢ়াই মকাম, বজালীৰ অধ্যক্ষা শ্ৰী মতী হীৰা দেৱীয়ে। অসমৰ জাতীয় সংগীত পৰিবেশনেৰে অনুষ্ঠানৰ সামৰণি ঘটে।