চন্দ্ৰযান ৩ৰ সফল পৰীক্ষণ সম্পন্ন; জুলাই মাহৰ মাজভাগত মুকলি কৰা হ’বঃ ইছৰ’ৰ মুৰব্বী

Story by  atv | Posted by  [email protected] • 10 Months ago
ইছৰোৰ অধ্যক্ষ এছ সোমনাথ
ইছৰোৰ অধ্যক্ষ এছ সোমনাথ
 
নতুন দিল্লী

ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ অধ্যক্ষ এছ সোমনাথে বুধবাৰে কয় যে চন্দ্ৰযান ৩ৰ পৰীক্ষা সফলতাৰে সম্পূৰ্ণ হৈছে আৰু ১২ৰ পৰা ১৯ জুলাইৰ ভিতৰত উৎক্ষেপণৰ বাবে ইয়াক সাজু কৰা হৈছে। 
 
"বৰ্তমান চন্দ্ৰযান ৩ মহাকাশযান সম্পূৰ্ণৰূপে সাজু আৰু সস্তম। আমি পৰীক্ষণ সম্পূৰ্ণ কৰিছো আৰু ইয়াক ৰকেট কম্পাৰ্টমেণ্টৰ সৈতেও সংযুক্ত কৰিছো। ইয়াক উৎক্ষেপণৰ তাৰিখ ১২ৰ পৰা ১৯ জুলাইৰ ভিতৰত ধাৰ্য কৰা হৈছে আৰু আমি সম্ভৱপৰ আটাইতকৈ আগতীয়া তাৰিখ এটা বাছি ল'ম। সকলো পৰীক্ষা সম্পূৰ্ণ হোৱাৰ পিছত আমি সঠিক তাৰিখ ঘোষণা কৰিম।’-সোমনাথে এইদৰে কয়। 
 
ইছৰোৰ মুৰব্বীগৰাকীয়ে আৰ্টেমিছ চুক্তিৰ সন্দৰ্ভতো নিজৰ মতামত ব্যক্ত কৰে আৰু তেওঁৰ মতে মহাকাশ খণ্ডত কাম কৰা ভাৰতীয় উদ্যোগসমূহে আমেৰিকাৰ কোম্পানীসমূহৰ সৈতে কাম কৰাৰ এক সুযোগ লাভ কৰিছে।  
"আমি আৰ্টেমিছ চুক্তিক আমেৰিকাৰ সৈতে ৰাজনৈতিক সংযোগ হিচাপে গণ্য কৰিছো। আমেৰিকাই মহাকাশ খণ্ডত সহযোগিতামূলক কামৰ প্ৰস্তাৱ দিছে, বিশেষকৈ বিভিন্ন দেশৰ মাজত অতি আন্তৰিক পৰিৱেশত বাহ্যিক গ্ৰহৰ অন্বেষণৰ প্ৰস্তাৱ দিছে, আমি ইয়াক লৈ একমত প্ৰকাশ কৰিছো। এয়া এক ডাঙৰ কথা। আমি আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে কাম কৰিব বিচাৰো, বিশেষকৈ উচ্চ স্তৰৰ প্ৰযুক্তিৰ ওপৰত আৰু মহাকাশ সেইবোৰৰ ভিতৰত এটা। ই মহাকাশ খণ্ডত কাম কৰি থকা ভাৰতীয় উদ্যোগসমূহৰ বাবে মহাকাশ খণ্ডত সমানে কাম কৰি থকা আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোম্পানীবোৰৰ সৈতে কাম কৰাৰ সুযোগ মুকলি কৰিব।,” তেওঁ উল্লেখ কৰে।
 
সোমনাথে আদিত্য-এল১ মিছনৰ ওপৰত এটা আপডেট শ্বেয়াৰ কৰিছে যিটো সূৰ্য অধ্যয়নৰ বাবে ভাৰতৰ প্ৰথম অভিযান আৰু কয় যে ইছৰোৱে ইয়াৰ উৎক্ষেপণৰ বাবে আগষ্ট মাহক লক্ষ্য হিচাপে লৈছে।