নতুন দিল্লী
পোহৰৰ উৎসৱ দীপাৱলীৰ পিছতে আকৌ এবাৰ ধোঁৱা আৰু ধূলিৰৰে আবৃত হৈ পৰিছে ৰাজধানী দিল্লী। চুইজাৰলেণ্ডৰ বায়ু গুণগত মানৰ প্ৰতিষ্ঠান IQAirৰ শেহতীয়া প্ৰতিবেদন অনুসৰি দিল্লী বিশ্বৰ আটাইতকৈ প্ৰদূষিত চহৰত পৰিণত হৈছে। এই তালিকাত ভাৰতৰ মুম্বাই (৫ম) আৰু কলকাতা (৮ম)কোঅন্তৰ্ভুক্ত কৰা হৈছে। পাকিস্তানৰ লাহোৰ আৰু কৰাচী, কুৱেইট, তাছকেণ্ড আৰু ডোহা, অষ্ট্ৰেলিয়াৰ কেনবেৰা, ইণ্ডোনেছিয়াৰ জাকাৰ্টাও শীৰ্ষ দহটা স্থানত আছে।
খবৰ অনুসৰি দীপাৱলীৰ পিছত ৰাজধানী দিল্লীৰ বায়ুৰ গুণাগুণৰ তীব্র অৱনতি ঘটিছে। ফটকা, বাহনৰ নিৰ্গমন, নিৰ্মাণ কাৰ্যৰ ধোঁৱাই বতাহত বিষাক্ত কণা নিৰ্গত কৰিছে। কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ড (চিপিচিবি)ৰ তথ্য অনুসৰি মঙলবাৰে পুৱা দিল্লীৰ AQI ৩৫০ত ৰেকৰ্ড কৰা হৈছে, যিটো “অতি বেয়া” শ্ৰেণীত পৰে। কিছুমান অঞ্চলত, যেনে বাৱানা, জাহাংগীৰপুৰী, ৱাজিৰপুৰ, আলিপুৰ আৰু বুৰাৰী ক্ৰছিঙত AQI য়ে ৪০১ অতিক্ৰম কৰিছে, যিটো “গুৰুতৰ” শ্ৰেণীত পৰে।
দেৱালীৰ পূৰ্বে উচ্চতম ন্যায়ালয়ে দিল্লী-এনচিআৰত কেৱল সেউজীয়া ক্ৰেকাৰ জ্বলোৱাৰ অনুমতি দিছিল আৰু সময়সূচী নিৰ্ধাৰণ কৰিছিল : ১৮ অক্টোবৰৰ পৰা ২১ অক্টোবৰলৈ, সন্ধিয়া ৬ৰ পৰা ৭ বজাৰ ভিতৰত আৰু ৮ বজাৰ পৰা ১০ বজাৰ ভিতৰত। কিন্তু বহু অঞ্চলত গভীৰ নিশালৈকে একাংশই ফটকা ফুটাই দিল্লীৰ বতাহ আৰু অধিক প্ৰদূষিত কৰি তোলে।
ইফালে পৰিৱেশ বিশেষজ্ঞসকলে সকীয়াই দিছে যে যদিহে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰা নহয় তেন্তে এই শীতকালত প্ৰদূষণ আৰু অধিক ভয়াৱহ হ’ব পাৰে।