জুবিন গাৰ্গৰ ন্যায় বিচাৰি আৰম্ভ বিজেপিৰ সমদল

Story by  atv | Posted by  [email protected] • 3 h ago
জুবিন গাৰ্গৰ ন্যায় বিচাৰি আৰম্ভ বিজেপিৰ সমদল
জুবিন গাৰ্গৰ ন্যায় বিচাৰি আৰম্ভ বিজেপিৰ সমদল
 
গুৱাহাটী
 
আজিৰে পৰা জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি ৰাজপথত নামিব ৰাজ্যিক বিজেপিৰ কাৰ্যকৰ্তা তথা দলীয় সমৰ্থকসকল। বিগত কিছুদিন ধৰি বিজেপিয়ে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে ৰাজপথত ওলাব বুলি স্থিতি স্পষ্ট কৰাৰ পিচত ২২ অক্টোবৰ ২০২৫ বুধবাৰৰ পৰাই আৰম্ভ কৰিছে এই অভিযান।
 
কোনো দোষীয়ে যাতে কোনোপধ্যেই সাৰি যাব নোৱাৰে তাৰ বাবেই আৰম্ভ কৰি জন সমদল। পৰ্যায় ক্ৰমে ঠায়ে ঠায়ে হ’ব বিজেপিৰ এই জন সমদল।
 
আজি নলবাৰীৰ পৰা আৰম্ভ হৈছে বিজেপিৰ এই ন্যায় যাত্রা। নলবাৰীৰ ছহিদ মুকুন্দ কাকতি বাছ আস্থানৰ পৰা উলিওৱা হৈছে সমদল।
 
জানিব পৰা মতে বাছ আস্থানৰ পৰা গর্ডন খেলপথাৰলৈ এই সমদল উলিয়াইছে বিজেপিয়ে। নলবাৰী জিলা সমিতিৰ উদ্যোগত প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায়ালয়ৰ জৰিয়তে সঠিক ন্যায় প্ৰদানৰ আহ্বানত আয়োজন কৰা হৈছে সমদলৰ।
 
উল্লেখযোগ্য যে, এই সমদলত অংশগ্ৰহণ কৰিব ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্রী পবিত্ৰ মাৰ্ঘেৰিটা, মন্ত্রী চন্দ্ৰমোহন পাটোৱাৰী, জয়ন্ত মল্লবৰুৱা আদিয়ে ৷ পৰৱৰ্তী সময়ত ২৩ অক্টোবৰত মঙলদৈ, ২৪ অক্টোবৰত ডিব্ৰুগড়, ধেমাজি, কাছাৰত বিজেপিয়ে কৰিব ন্যায় যাত্রা৷