নতুন দিল্লী
হোৱাইট হাউছত বিশেষ দীপাৱলী অনুষ্ঠানৰ আয়োজন কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে, য’ত তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক মহান ব্যক্তি বুলি প্ৰশংসা কৰি ভাৰতৰ জনসাধাৰণৰ প্ৰতি থকা প্ৰেম প্ৰকাশ কৰে।
এই অনুষ্ঠানত আমেৰিকাত ভাৰতৰ ৰাষ্ট্ৰদূত বিনয় কোৱাট্ৰা, ভাৰতত থকা নতুন মাৰ্কিন ৰাষ্ট্ৰদূত চাৰ্জিঅ’ গ’ৰ, এফ বি আইৰ সঞ্চালক কাছ পেটেল আৰু ৰাষ্ট্ৰীয় চোৰাংচোৱা সঞ্চালক তুলসী গাবাৰ্ডে অংশগ্ৰহণ কৰে। ভাৰতীয় সমাজৰ বিশিষ্ট ব্যৱসায়ী নেতাসকলো এই উদযাপনৰ অংশ আছিল৷
ট্ৰাম্পে অভাল অফিচত চাকি জ্বলাই দীপাৱলীক আন্ধাৰৰ ওপৰত পোহৰৰ জয়ৰ ওপৰত বিশ্বাসৰ প্ৰতীক বুলি অভিহিত কৰি ভাৰতবাসীক আন্তৰিক শুভেচ্ছা জনায় ৷ তেওঁ আৰু কয়, "অজ্ঞানৰ ওপৰত জ্ঞান আৰু বেয়াৰ ওপৰত ভালৰ জয় ৷"
দীপাৱলী উদযাপনকাৰীসকলে শত্ৰুৰ পৰাজয়, বাধা প্ৰতিহত কৰা, বন্দীসকলৰ মুক্তি আদিৰ প্ৰাচীন কাহিনীবোৰ মনত পেলায় ৷ দিয়াৰ শিখাৰ জিলিকনিয়ে আমাক জ্ঞানৰ পথ অনুসৰণ কৰিবলৈ, অধ্যৱসায়ীভাৱে কাম কৰিবলৈ, আমাৰ বহু আশীৰ্বাদৰ বাবে সদায় কৃতজ্ঞ হ’বলৈ সোঁৱৰাই দিয়ে৷
ভাৰতীয় ৰাষ্ট্ৰদূতগৰাকীয়ে দীপাৱলী উৎসৱৰ বাবে হোৱাইট হাউছ খোলা বাবে ৰাষ্ট্ৰপতি ট্ৰাম্পক ধন্যবাদ জ্ঞাপন কৰে ৷ তেওঁ কয়, "ৰাষ্ট্ৰপতি মহোদয়, প্ৰথমতে, মানৱতাৰ এক পঞ্চমাংশই উদযাপন কৰা পোহৰৰ উৎসৱ দীপাৱলী উপলক্ষে হোৱাইট হাউছ, অভাল অফিচ, আপোনাৰ ঘৰ, মুকলি কৰাৰ বাবে মই গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰিছো৷ আপুনি এই উদযাপনৰ জৰিয়তে বৈচিত্ৰ্যৰ শক্তি প্ৰদৰ্শন কৰিছে৷"
"সঁচাকৈয়ে এয়া এক বৃহৎ সন্মান৷ আমাৰ প্ৰধানমন্ত্ৰী আৰু মোৰ হৈ আপোনাক আৰু আপোনাৰ আপোনজনক বিশেষকৈ আমেৰিকাত থকা ৫০ লাখৰো অধিক ভাৰতীয় প্ৰব্ৰজনকাৰীলৈ দীপাৱলীৰ উষ্ম শুভেচ্ছা জনাইছো৷ শেষত এটা শুভেচ্ছা আগবঢ়াইছো, যিটো আমি সকলোৱে দীপাৱলীত কৰো" তেওঁ কয়৷
ট্ৰাম্প প্ৰশাসনত কাৰ্যনিৰ্বাহ কৰা অন্যতম বিশিষ্ট ভাৰতীয় আমেৰিকান এফ বি আইৰ সঞ্চালক কাছ পেটেলে হোৱাইট হাউছত দীপাৱলী উদযাপন কৰাৰ বাবে ট্ৰাম্পক প্ৰশংসা কৰে আৰু কয়, "আমি কামনা কৰোঁ যে আপোনালোকৰ সফলতা আৰু ভাৰতৰ শক্তিৰ ওপৰত দীপাৱলীৰ পোহৰ জিলিকি থাকিব৷"
তেওঁ আৰু কয় যে ই অবিশ্বাস্যভাৱে নম্ৰতাপূৰ্ণ৷ বিশ্বৰ ভাৰতীয় আমেৰিকানসকল, বিশ্বৰ ভাৰতীয়সকলে ৰোমাঞ্চিত হৈছে যে আপুনি ইমান মেধাৱী নেতা যিয়ে এই বৈচিত্ৰ্যতাক বিশ্বৰ সৈতে ভাগ কৰিছে৷ সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত ট্ৰাম্পে কয় যে মঙলবাৰে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে তেওঁ কথা পাতিছিল আৰু দুয়োপক্ষই নিজৰ দেশৰ মাজত কিছুমান উত্তম চুক্তিৰ কাম কৰি আছে।
ৰাষ্ট্ৰপতি ট্ৰাম্পে প্ৰধানমন্ত্ৰী মোদীক প্ৰশংসা কৰি তেওঁক ‘মহান ব্যক্তি’ আৰু ‘মহান বন্ধু’ বুলি অভিহিত কৰাৰ লগতে বাণিজ্য আৰু আঞ্চলিক শান্তিৰ ক্ষেত্ৰত আমেৰিকা-ভাৰতৰ সম্পৰ্কক আলোকপাত কৰে । তেওঁ লগতে কয় যে তেওঁ এজন মহান ব্যক্তি, আৰু বছৰ বছৰ ধৰি তেওঁ মোৰ এজন ডাঙৰ বন্ধু হৈ পৰিছে।
"আমি বাণিজ্যৰ কথা পাতিলোঁ ৷ আমি বহু কথা পাতিলোঁ, কিন্তু বিশেষকৈ ব্যৱসায়ৰ কথা ৷ সেইটোৰ প্ৰতি তেওঁৰ বৰ আগ্ৰহ আছে ৷" ভাৰতে ৰাছিয়াৰ পৰা অধিক তেল ক্ৰয় নকৰে বুলি আশ্বাস দিয়া বুলিও ট্ৰাম্পে পুনৰ কয় ‘আমাৰ মাজত বহুত ভাল সম্পৰ্ক আছে আৰু তেওঁ ৰাছিয়াৰ পৰা আৰু বেছি তেল ক্ৰয় নকৰে’৷