মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উপহাৰ লাভ কৰিলে লিঅ'নেল মেছিৰ স্বাক্ষৰ সম্বলিত জাৰ্ছী

Story by  atv | Posted by  [email protected] • 47 m ago
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উপহাৰ লাভ কৰিলে লিঅ'নেল মেছিৰ স্বাক্ষৰ সম্বলিত জাৰ্ছী
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উপহাৰ লাভ কৰিলে লিঅ'নেল মেছিৰ স্বাক্ষৰ সম্বলিত জাৰ্ছী
 
গুৱাহাটী
 
কিম্বদন্তি ফুটবল খেলুৱৈ লিঅ'নেল মেছিৰ স্বাক্ষৰ সম্বলিত ১০ নম্বৰৰ জাৰ্ছী লাভ কৰিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই বিশেষ জাৰ্ছীটো লাভ কৰি উৎফুল্লিত হৈ পৰে মুখ্যমন্ত্ৰী শৰ্মা। মেছিৰ অট'গ্ৰাফ থকা জাৰ্ছী লাভ কৰি সামাজিক মাধ্যমত আনন্দ প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ নিজৰ এক্স হেণ্ডেলযোগে শ্বেয়াৰ কৰা এটা পোষ্টত কয় যে এই উপহাৰ তেওঁ আশা কৰা নাছিল আৰু এইটো তেওঁৰ পছন্দৰ জাৰ্ছীবোৰৰ ভিতৰত অন্যতম।
 
শৰ্মাই এক্সত লিখে, "মই এইটো পাম বুলি আশাই কৰা নাছিলোঁ। লিঅ'নেল মেছিৰ স্বাক্ষৰ সম্বলিত এটা জাৰ্ছী। এইটো মোৰ প্ৰিয়সকললৈ উচৰ্গা কৰিম, নন্দিল আৰু সুকন্যাই খুব ভাল পাব।"
২০২৬ চনৰ বিশ্বকাপৰ বাবে আৰ্জেণ্টিনাৰ প্ৰাৰম্ভিক ৫৫ জনীয়া দলটোত মেছিৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে, কিয়নো ২০২২ চনত তেওঁলোকৰ জয়ৰ পিছত প্ৰশিক্ষক লিয়নেল স্কাল’নিয়ে খিতাপ ৰক্ষাৰ বাবে নিজৰ দলটোক গঢ় দিবলৈ আৰম্ভ কৰিছে।
 
আৰ্জেণ্টিনাৰ অধিনায়কগৰাকীয়ে টুৰ্ণামেণ্টখনত অংশগ্ৰহণ কৰিব নে নকৰে সেয়া এতিয়াও আনুষ্ঠানিকভাৱে নিশ্চিত কৰা নাই যদিও দলটোৱে নিজৰ বিজয় খিতাপ ৰক্ষাৰ বাবে প্ৰস্তুতি চলোৱাৰ সময়তে তেওঁ স্কাল’নিৰ দীৰ্ঘম্যাদী পৰিকল্পনাৰ মূল অংশ হৈছে।
 
উক্ত দলটোত আছে ইউৰোপৰ কেইবাজনো খেলুৱৈ, যেনে টটেনহামৰ ক্রিষ্টিয়ান ৰোমেৰ', চেলছীৰ আলেজান্দ্ৰ’ গার্নাছো আৰু ক’মোৰ মিডফিল্ডাৰ নিকো পাজ। বৰ্তমান আঘাতৰ বাবে প্ৰিমিয়াৰ লীগৰ বাকী ছিজনৰ বাবে খেলপথাৰৰ পৰা আঁতৰি থকা ৰোমেৰ'ক অন্তৰ্ভুক্ত কৰা হৈছে, কাৰণ আৰ্জেণ্টিনাই চূড়ান্ত দল ঘোষণাৰ পূৰ্বে নিজৰ বিকল্পৰ মূল্যায়ন কৰিছে।