মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ প্ৰথম ৰাজ্যিক বাজেট আজি দাখিল কৰিব

Story by  atv | Posted by  Munni Begum • 10 h ago
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা
 
গুৱাহাটী  
 
অসম চৰকাৰে ১০ জুলাইত বিধানসভাত ২০২৬-২৭ বিত্তীয় বৰ্ষৰ ৰাজ্যিক বাজেট দাখিল কৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত দ্বিতীয়বাৰৰ বাবে ক্ষমতালৈ উভতি অহা চৰকাৰখনৰ এইখনেই হ’ব প্ৰথমখন পূৰ্ণাংগ বাজেট।
 
ৰাজ্যৰ বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই পুৱা ১১:৪৫ বজাত বিধানসভাত বাজেট দাখিল কৰিব। এই বাজেটত চৰকাৰৰ আৰ্থিক অগ্ৰাধিকাৰ, উন্নয়নৰ পৰিকল্পনা আৰু চলিত বিত্তীয় বৰ্ষৰ বাবে গ্ৰহণ কৰিবলগীয়া গুৰুত্বপূৰ্ণ নীতি আৰু পদক্ষেপসমূহৰ ৰূপৰেখা প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে। 
 
ইয়াৰোপৰিও, আন্তঃগাঁথনি উন্নয়ন, জনকল্যাণমূলক আঁচনি, শিক্ষা, স্বাস্থ্য, কৃষি, সংস্থাপন সৃষ্টি আৰু ঔদ্যোগিক বিকাশকে ধৰি বিভিন্ন ক্ষেত্ৰৰ বাবে চৰকাৰে কি কি নতুন ঘোষণা কৰে, তাৰ প্ৰতিও সকলোৰে বিশেষ দৃষ্টি থাকিব।
 
বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ দ্বিতীয় কাৰ্যকালৰ প্ৰথম বাজেট হিচাপে এই বাজেটক আগন্তুক বছৰসমূহত অসমৰ উন্নয়নৰ দিশ নিৰ্ধাৰণ কৰা এক গুৰুত্বপূৰ্ণ নথি হিচাপে গণ্য কৰা হৈছে।