উদ্যোগপতি ৰতন টাটাৰ মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

Story by  atv | Posted by  Munni Begum • 48 m ago
উদ্যোগপতি ৰতন টাটা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
উদ্যোগপতি ৰতন টাটা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
 
গুৱাহাটী 
 
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে, ৯ অক্টোবৰত উদ্যোগপতি ৰতন টাটাৰ মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। অসমৰ কৰ্কট ৰোগৰ চিকিৎসা সেৱাৰ নেটৱৰ্ক গঢ়ি তোলাৰ ক্ষেত্ৰত তেওঁৰ অৱদান আৰু জাগীৰোডত টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্প স্থাপনৰ জৰিয়তে ৰাজ্যখনৰ উদ্যোগিক বিকাশত আগবঢ়োৱা ভূমিকা মুখ্যমন্ত্ৰীগৰাকীয়ে স্মৰণ কৰে। 
 
সামাজিক মাধ্যম 'এক্স'ত কৰা এক পোষ্টত মুখ্যমন্ত্ৰী শৰ্মাই ৰতন টাটাক কেৱল এগৰাকী উদ্যোগপতি হিচাপেই নহয়, অসমৰ উন্নয়নৰ প্ৰতি ব্যক্তিগতভাৱে আগ্ৰহী এগৰাকী বন্ধু হিচাপেও স্মৰণ কৰে। 
 
ৰতন টাটাৰ সৈতে হোৱা বিভিন্ন বাৰ্তালাপৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, টাটাই অসমলৈ আহিলে ৰাজ্যখনৰ জনসাধাৰণৰ বাবে আৰু কি কৰিব পাৰি, সেই বিষয়ে জানিবলৈ আগ্ৰহ প্ৰকাশ কৰিছিল।
 
মুখ্যমন্ত্ৰী শৰ্মাই অসম কৰ্কট সেৱা প্ৰতিষ্ঠানক এক বিস্তৃত স্বাস্থ্যসেৱা নেটৱৰ্কলৈ ৰূপান্তৰিত কৰাত ৰতন টাটাৰ অৱদানৰ কথা উল্লেখ কৰে। তেওঁ কয় যে, প্ৰতি বছৰে হাজাৰ হাজাৰ লোকৰ কৰ্কট ৰোগত মৃত্যু হোৱা সময়তে টাটাই ৰাজ্য চৰকাৰৰ সৈতে মিলি সমগ্ৰ অসমতে ১৭খন চিকিৎসালয় স্থাপনৰ পৰিকল্পনা কৰিছিল।
 
মুখ্যমন্ত্ৰীগৰাকীৰ মতে, ৰতন টাটাই জীৱনৰ শেষৰ কেইটামান বছৰ স্বাস্থ্যসেৱাৰ উন্নয়নৰ বাবে উৎসৰ্গা কৰিছিল আৰু এই প্ৰচেষ্টাত অসমে এক গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছিল।
 
ইয়াৰ লগতে অসমক দেশৰ এখন প্ৰযুক্তি কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ সপোন বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত ৰতন টাটাই আগবঢ়োৱা সহযোগিতাৰ কথাও মুখ্যমন্ত্ৰীয়ে বিশেষভাৱে উল্লেখ কৰে।
 
মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, জাগীৰোডত স্থাপন হৈ থকা টাটাৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পটো ২০২৬ চনৰ শেষৰ ফালে কাৰ্যক্ষম হোৱাৰ আশা কৰা হৈছে। তেওঁ এই প্ৰকল্পটোক অসমৰ প্ৰতি ৰতন টাটাৰ সপোনৰ বাস্তৱ ৰূপ বুলি অভিহিত কৰে। উদ্যোগটোৰ চৌপাশে গঢ়ি উঠিবলগীয়া টাউনশ্বিপটোৰ নামো তেওঁৰ সন্মানাৰ্থে ‘ৰতন টাটা ইলেক্ট্ৰনিকছ চিটি’ ৰখা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।
 
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে ৰতন টাটাৰ অৱদানে উত্তৰ-পূৰ্বাঞ্চলৰ স্বাস্থ্যসেৱাৰ আন্তঃগাঁথনি অধিক শক্তিশালী কৰাৰ লগতে অঞ্চলটোত উদ্যোগিক বিকাশৰ পথো প্ৰশস্ত কৰিছে। উল্লেখ্য যে, টাটা ছন্সৰ প্ৰাক্তন অধ্যক্ষ ৰতন টাটাৰ ২০২৪ চনৰ ৯ অক্টোবৰত ৮৬ বছৰ বয়সত মৃত্যু হৈছিল।