নতুন দিল্লী
কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীক কিছু চিকিৎসা পৰীক্ষাৰ বাবে গুৰুগ্ৰাম (পূৰ্বৰ গুৰগাঁও)ৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পিছত এইবাৰ তৃতীয়বাৰৰ বাবে ৰাজ্যসভাৰ সাংসদগৰাকী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
সূত্ৰ অনুসৰি ছোনিয়া গান্ধীক আজি পুৱা গুৰুগ্ৰামৰ মেদান্ত - দ্য মেডিচিটিত সামান্য অস্ত্ৰোপচাৰৰ বাবে ভৰ্তি কৰোৱা হয়। সম্প্ৰতি তেওঁৰ চিকিৎসা পৰীক্ষা চলি আছে।
ইয়াৰ পূৰ্বে মাৰ্চ মাহত প্ৰচণ্ড জ্বৰ হোৱাত তেওঁক নতুন দিল্লীৰ ছাৰ গংগা ৰাম চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। তদন্তত এটা প্ৰণালীবদ্ধ সংক্ৰমণৰ কথা পোহৰলৈ আহিছে যাৰ বাবে তেওঁক এন্টিবায়টিকৰ দ্বাৰা চিকিৎসা কৰা হৈছিল।
সতৰ্কতামূলক ব্যৱস্থা হিচাপে তেওঁ দুদিনমান হাস্পতালত পৰ্যবেক্ষণৰ অধীনত আছিল। ইয়াৰ পূৰ্বে ছাৰ গংগা ৰাম হাস্পতালত ৰুটিন চেকআপৰ বাবে ভৰ্তি কৰি বুকুৰ চিকিৎসকৰ পৰ্যবেক্ষণত ৰখা হৈছিল।
উল্লেখযোগ্য যে, যোৱা ২০২৫ চনৰ ডিচেম্বৰ মাহত ছোনিয়া গান্ধীয়ে ৭৯ বছৰ সম্পূৰ্ণ কৰিছিল।