গুৱাহাটী
জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে তাকাইচিৰ প্ৰস্তাৱিত গুৱাহাটী ভ্ৰমণক কেন্দ্ৰ কৰি চলিত নগৰ সৌন্দৰ্য্যবৰ্ধন কাৰ্যসূচীৰ অংশ হিচাপে মহানগৰীৰ গণেশগুৰি অঞ্চলত অংকিত জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ এখন ম্যুৰেলত ৰং সানি ঢাকি দিয়াৰ ঘটনাক লৈ বৃহস্পতিবাৰে ব্যাপক বিতৰ্কৰ সৃষ্টি হয়।
এই ঘটনাৰ পিছতে জুবিন গাৰ্গৰ পৰিয়াল আৰু অসংখ্য অনুৰাগীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। ইয়াৰ পৰিপ্ৰেক্ষিতত পিছত সিদ্ধান্ত লোৱা হয় যে ম্যুৰেলখন পুনৰ আঁকা হ’ব। উল্লেখ্য যে, যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত ছিংগাপুৰত সাগৰত ডুবি জুবিন গাৰ্গৰ মৃত্যু হৈছিল।
‘Comrades Never Die’ শীৰ্ষক ম্যুৰেলখন গ্ৰাফিটি শিল্পী মাৰ্শ্বেল বৰুৱাই গণেশগুৰি উৰণীয়া সেতুৰ তলত অংকন কৰিছিল। অভিযোগ অনুসৰি, গুৱাহাটী পৌৰ নিগমে (GMC) এই শিল্পকর্মখন ৰং সানি ঢাকি দিছিল।
জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে ফেচবুকত প্ৰকাশ কৰা এক পোষ্টত এই ঘটনাক লৈ প্ৰশ্ন উত্থাপন কৰে। তেওঁ কয়, জুবিনৰ ছবিখনে চহৰখনক “অপৰিষ্কাৰ” দেখুৱাইছিল নেকি, নে সেই ছবিখনৰ কোনো প্ৰয়োজন নাছিল?
তেওঁ লগতে স্পষ্ট কৰে যে, ছবিখন আঁতৰোৱাক লৈ তেওঁৰ কোনো খং বা ক্ষোভ নাই, কিয়নো আৱেগিক সম্পৰ্ক আৰু বন্ধনেই অধিক গুৰুত্বপূৰ্ণ। তথাপিও তেওঁ প্ৰশ্ন তোলে যে, জুবিনৰ ছবিখন মচি পেলোৱাত চহৰখন অধিক সুন্দৰ হৈ পৰিল নেকি?
গৰিমা শইকীয়া গাৰ্গে কয়, “ম্যুৰেলখন থাকক বা নাথাকক, জুবিন অমৰ। তেওঁ সদায়েই জনসাধাৰণৰ মনে প্ৰাণে আৱেগে বিবেকে সকলোতে শিপাই থাকিব।”
ইফালে, আবেলিৰ ভাগত শিল্পী মাৰ্শ্বেল বৰুৱা আৰু বহু অনুৰাগী ঘটনাস্থলীত উপস্থিত হয়। বৰুৱাই ঘোষণা কৰে যে তেওঁ পুনৰ সেই দেৱালত জুবিন গাৰ্গৰ প্ৰতিচ্ছবি অংকন কৰিব।
তেওঁৰ অভিযোগ অনুসৰি, আৰক্ষীয়ে তেওঁক পুনৰ ছবি আঁকিবলৈ বাধা দিয়ে আৰু জনায় যে ৩ জুলাইৰ পিছতহে তেওঁ সেই কাম কৰিব পাৰিব। জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীৰ গুৱাহাটী ভ্ৰমণ জুলাই মাহৰ আৰম্ভণিতে হোৱাৰ সম্ভাৱনা আছে।
ঘটনাস্থলীত এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয়। অনুৰাগীসকলে “জয় জুবিন-দা” ধ্বনিৰে আকাশ-বতাহ মুখৰিত কৰি তোলে আৰু শিল্পীগৰাকীক পুনৰ ছবিখন আঁকিবলৈ আহ্বান জনায়।
পিছত হোৱা এক আলোচনাৰ অন্তত সিদ্ধান্ত লোৱা হয় যে, মাৰ্শ্বেল বৰুৱাই একে স্থানতে পুনৰ জুবিন গাৰ্গৰ প্ৰতিচ্ছবি অংকন কৰিব।
ইয়াৰ পিছতে সন্ধিয়াৰ ভাগত শিল্পীগৰাকীয়ে পুনৰ ছবি আঁকিবলৈ আৰম্ভ কৰে আৰু অনুৰাগীসকলে ঘটনাস্থলীত কটকটীয়া নজৰদাৰী অব্যাহত ৰাখে।
গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই দাবী কৰে যে জুবিন গাৰ্গৰ ছবিখন ঢাকি দিবলৈ কোনো নিৰ্দেশ দিয়া হোৱা নাছিল; চহৰখন পৰিষ্কাৰ কৰাৰ বাবেহে নিৰ্দেশনা দিয়া হৈছিল। আনহাতে, সমগ্ৰ বিতৰ্কক লৈ আৰক্ষীয়ে কোনো মন্তব্য কৰিবলৈ অস্বীকাৰ কৰে।