গুৱাহাটী
ড্ৰাগছ সৰবৰাহ আৰু নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে চলি থকা অভিযানৰ অংশ হিচাপে অসম চৰকাৰে শনিবাৰে ৰাজ্যিক পৰ্যায়ৰ এক বিশেষ কাৰ্যসূচীত প্ৰায় ৪৭২.৫১ কোটি টকা মূল্যৰ নিচাজাতীয় আৰু মনঃপ্ৰভাৱকাৰী সামগ্ৰী (Narcotic Drugs and Psychotropic Substances) বৈজ্ঞানিক পদ্ধতিত ধ্বংস কৰে।
এই কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। তেওঁৰ উপস্থিতিত জব্দকৃত নিচাজাতীয় সামগ্ৰীসমূহ বৈজ্ঞানিকভাৱে ধ্বংস কৰা হয়। অনুষ্ঠানত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু নাৰায়ণ ডেকাও উপস্থিত আছিল।
ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন অভিযানত জব্দ কৰা এই সামগ্ৰীসমূহ পুনৰ যাতে অবৈধ বজাৰত প্ৰৱেশ কৰিব নোৱাৰে, সেই উদ্দেশ্যে নিৰ্ধাৰিত বৈজ্ঞানিক পদ্ধতি অনুসৰি ধ্বংস কৰা হয়।
ধ্বংস কৰা সামগ্ৰীৰ ভিতৰত আছিল ৩৯.০৬৮ কিলোগ্ৰাম মৰ্ফিন (আনুমানিক মূল্য ৩৯.০৭ কোটি টকা), ৭৯.৭৭০ কিলোগ্ৰাম আফিম (৩.৯৮ কোটি টকা), ০.০৪৭১ কিলোগ্ৰাম কোকেইন (২৩.৫৫ লাখ টকা), ১৯,০২,৯২২টা ইয়াবা টেবলেট (৭৯.৬৪ কোটি টকা), ৫৮.৮৭৭ কিলোগ্ৰাম হেৰ'ইন (১১৭.৭৫ কোটি টকা), ৯.৪৯ কিলোগ্ৰাম পপি ষ্ট্ৰ' (১.৪৩ লাখ টকা), ২,২৯,৪৪৯ বটল কফ ছিৰাপ (২২.৯৪ কোটি টকা), ৩৭,৭৯৬.৩৪ কিলোগ্ৰাম গাঞ্জা (১৮৮.৯৮ কোটি টকা)। ধ্বংস কৰা সকলো নিচাজাতীয় সামগ্ৰীৰ মুঠ আনুমানিক বজাৰ মূল্য ৪৭২.৫১ কোটি টকা।
ৰাজ্য চৰকাৰে জানিবলৈ দিয়ে যে, এই ধ্বংসকৰণ কাৰ্যসূচীয়ে ড্ৰাগছ আৰু মনঃপ্ৰভাৱকাৰী সামগ্ৰীৰ বিৰুদ্ধে অসম চৰকাৰৰ কঠোৰ স্থিতিক পুনৰ প্ৰতিফলিত কৰিছে। বৈজ্ঞানিকভাৱে জব্দকৃত সামগ্ৰী ধ্বংস কৰাৰ জৰিয়তে এইবোৰ পুনৰ অবৈধ বজাৰত প্ৰৱেশ কৰাৰ সম্ভাৱনা ৰোধ কৰাৰ লগতে 'ড্ৰাগছমুক্ত অসম' গঢ়াৰ লক্ষ্য অধিক শক্তিশালী কৰাৰ দিশত চৰকাৰে অগ্ৰসৰ হৈছে।