ডিমা হাছাওত পথৰ কাষত ৰন্ধা-বঢ়া আৰু ৰাজহুৱা স্থানত মদ্যপান কৰাৰ নিষেধাজ্ঞা আৰোপ জিলা প্ৰশাসনৰ

Story by  atv | Posted by  Munni Begum • 1 d ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
গুৱাহাটী 
 
পৰিৱেশ সুৰক্ষা, জনসুৰক্ষা আৰু অগ্নিকাণ্ডৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি ডিমা হাছাও জিলা প্ৰশাসনে জিলাখনৰ পথৰ কাষ, ভিউ পইণ্ট, লে'-বাই, মুকলি ঠাই আৰু অন্যান্য ৰাজহুৱা স্থানত ৰন্ধা-বঢ়া আৰু খাদ্য প্ৰস্তুত কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে।
 
ডিমা হাছাওৰ জিলা দণ্ডাধীশ তথা জিলা পথ সুৰক্ষা সমিতিৰ অধ্যক্ষ গায়ত্ৰী দেৱদাস হাইলিঙে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা (BNSS), ২০২৩ৰ ধাৰা ১৬৩ৰ অধীনত এই নিৰ্দেশ জাৰি কৰিছে।
 
নিৰ্দেশ অনুসৰি, নিষিদ্ধ স্থানসমূহত খাদ্য প্ৰস্তুত কৰা বা গৰম কৰাৰ বাবে এল পি জি (LPG) চিলিণ্ডাৰ, কেৰাচিন আৰু কয়লাৰ ষ্টোভ, খৰি, বাৰ্বিকিউ গ্ৰিল আৰু অন্যান্য ৰন্ধন সামগ্ৰী ব্যৱহাৰ কৰাত বাধা আৰোপ কৰা হৈছে। 
 
বিশেষকৈ ৰাষ্ট্ৰীয় ঘাইপথ-২৭ (ইষ্ট-ৱেষ্ট কৰিডৰ)ৰ মাণ্ডাৰদিছা-হৰাংগাজাও অংশ আৰু ৰাষ্ট্ৰীয় ঘাইপথ-১৩৭ৰ মাহুৰ-হাংক্ৰাম অংশত এই নিষেধাজ্ঞা প্ৰযোজ্য হ’ব। জিলাখনৰ অন্যান্য ৰাজহুৱা পথ আৰু স্থানতো এই নিৰ্দেশ কাৰ্যকৰী হ’ব।
 
জিলা প্ৰশাসনে জনোৱা অনুসৰি, পৰ্যটক আৰু দৰ্শনাৰ্থীসকলৰ মাজত পথৰ কাষত ৰন্ধা-বঢ়া কৰাৰ প্ৰৱণতা বৃদ্ধি পোৱাৰ ফলত ৰাজহুৱা স্থানত আৱৰ্জনাৰ পৰিমাণো বৃদ্ধি পাইছে। খাদ্যৰ অৱশিষ্ট, প্লাষ্টিক, বটল, ব্যৱহাৰৰ পিছত পেলাই দিয়া প্লেট আৰু পেকেটজাত সামগ্ৰীৰ ৰেপাৰ আদি পথৰ কাষত পেলাই দিয়াৰ ফলত পৰিৱেশ দূষিত হৈছে। 
 
প্ৰশাসনে কয় যে, এনে কাৰ্যকলাপে কেৱল পৰিৱেশ দূষিত কৰাই নহয়, সাধাৰণ ৰাইজৰ অসুবিধাৰ সৃষ্টি কৰাৰ লগতে যান-বাহনৰ চলাচলতো বাধাৰ সৃষ্টি কৰিছে।
 
পথৰ কাষত পেলাই থোৱা খাদ্যৰ অৱশিষ্টৰ প্ৰতি আকৰ্ষিত হৈ জীৱ-জন্তু পথলৈ অহাৰ ফলত চালক আৰু পথচাৰীসকলৰ বাবেও বিপদৰ সম্ভাৱনা বৃদ্ধি পাইছে। প্ৰশাসনৰ মতে, পথৰ কাষত পেলাই থোৱা আৱৰ্জনাই ডিমা হাছাওৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু ভংগুৰ পৰিৱেশৰ ওপৰতো বিৰূপ প্ৰভাৱ পেলাইছে।
 
নিৰ্দেশটোত পথ আৰু অন্যান্য ৰাজহুৱা স্থানত য'তে-ত'তে আৱৰ্জনা পেলোৱাতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। পৰ্যটক আৰু দৰ্শনাৰ্থীসকলক নিজৰ আৱৰ্জনা লগত লৈ গৈ কেৱল অনুমোদিত সংগ্ৰহ কেন্দ্ৰ বা নিৰ্দিষ্ট ডাষ্টবিনত পেলাবলৈ নিৰ্দেশ দিয়া হৈছে। ৰাজহুৱা স্থানত মদ্যপান কৰাতো এই নিৰ্দেশৰ অধীনত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।
 
অৱশ্যে, নিৰ্দিষ্ট পিকনিকস্থলী আৰু সংশ্লিষ্ট কৰ্তৃপক্ষ অথবা উত্তৰ কাছাৰ পাহাৰ স্বায়ত্তশাসিত পৰিষদে অনুমোদন জনোৱা অন্যান্য স্থানসমূহক এই নিষেধাজ্ঞাৰ পৰা ৰেহাই দিয়া হৈছে। এই স্থানসমূহত ৰন্ধা-বঢ়াৰ অনুমতি থাকিব, যদিহে পৰ্যাপ্ত আৱৰ্জনা ব্যৱস্থাপনা আৰু অগ্নিনিৰাপত্তাৰ ব্যৱস্থা উপলব্ধ থাকে।
 
নিৰ্দেশটো কঠোৰভাৱে কাৰ্যকৰী কৰিবলৈ কাৰ্যবাহী দণ্ডাধীশ, আৰক্ষী, পৰিবহণ, বন, পৰ্যটন, লোকনিৰ্মাণ, আবকাৰী বিভাগ আৰু সংশ্লিষ্ট স্থানীয় কৰ্তৃপক্ষক কঠোৰ নিৰীক্ষণ আৰু ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া হৈছে।
 
প্ৰশাসনে সতৰ্ক কৰি দিয়ে যে, নিৰ্দেশ উলংঘা কৰা লোকৰ বিৰুদ্ধে প্ৰযোজ্য আইন অনুসৰি গোচৰ ৰুজু কৰাৰ লগতে অন্যান্য আইনী ব্যৱস্থাও গ্ৰহণ কৰা হ’ব পাৰে। এই নিৰ্দেশ তাৎক্ষণিকভাৱে কাৰ্যকৰী হৈছে আৰু পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈকে বলৱৎ থাকিব।