বলীউডত শোকৰ ছাঁ: প্ৰবীণ অভিনেতা মুস্তাক খানৰ ৫৬ বছৰ বয়সত দেহাৱসান

Story by  atv | Posted by  [email protected] • 55 m ago
প্ৰবীণ অভিনেতা মুস্তাক খান
প্ৰবীণ অভিনেতা মুস্তাক খান
 
নতুন দিল্লী
 
বলীউডৰ ছবিপ্ৰেমী দৰ্শকক নিজৰ চমকপ্ৰদ আৰু নিখুঁত খুহুতীয়া অভিনয়ৰে অহৰহ হহুৱাই ৰখা প্ৰবীণ তথা জনপ্ৰিয় অভিনেতা মুস্তাক খানে ৫৬ বছৰ বয়সত ইহলীলা সম্বৰণ কৰিছে। ‘আশ্বিকী’, ‘মুঝছে ছাদী কৰৌগী’, ‘ওৱেলকাম’ আদিৰ দৰে বহুতো ছুপাৰহিট ছবিত নিজৰ অভিনয়ৰ যাদু দেখুওৱা এই প্ৰতিভাশালী অভিনেতাগৰাকীৰ মৃত্যুৱে সমগ্ৰ চলচ্চিত্ৰ জগতত এক গভীৰ শোকৰ ছাঁ পেলাইছে। বিশেষকৈ তেওঁৰ বিখ্যাত সংলাপ "মেৰী এক টাং নকলি হায়"ৰ বাবে তেওঁ দৰ্শকৰ মনত চিৰকাল সজীৱ হৈ থাকিব।
 
প্ৰাপ্ত খবৰ অনুসৰি, শাৰীৰিক অসুস্থতাৰ বাবে তেওঁক নানাৱতী হাস্পতালত ভৰ্তি কৰোৱা হৈছিল আৰু বৃহস্পতিবাৰে সন্ধিয়া তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। জানিব পৰা মতে, তেওঁ দীৰ্ঘদিন ধৰি হাওঁফাওঁৰ কৰ্কট ৰোগৰ সৈতে যুঁজ দি আছিল। তেওঁৰ মৃত্যুৰ সঠিক কাৰণ এতিয়াও সম্পূৰ্ণৰূপে জানিব পৰা হোৱা নাই যদিও কৰ্কট ৰোগেই এই বিয়োগৰ কাৰণ বুলি ধাৰণা কৰা হৈছে। বৰ্তমানলৈকে অভিনেতাগৰাকীৰ পৰিয়ালৰ ফালৰ পৰা কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ পোৱা নাই।
 
ফেডাৰেচন অৱ ৱেষ্টাৰ্ণ ইণ্ডিয়া চিনে এম্প্লয়িজৰ সভাপতি বি এন তিৱাৰীয়ে সংবাদ প্ৰতিষ্ঠান এএনআইক ফোনযোগে এই দুখবৰটো নিশ্চিত কৰে। ইয়াৰ উপৰিও, জনপ্ৰিয় কৌতুক অভিনেতা সুনীল পালেও নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীৰ জৰিয়তে মুস্তাক খানৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি মৃত্যুৰ খবৰটো নিশ্চিত কৰিছে। মুস্তাক খানৰ এখন ফটো শ্বেয়াৰ কৰি সুনীলে মৰ্মাহত হৈ লিখিছে, "RIP মুস্তাক খান চাহাব।"
 
মুস্তাক খানৰ বৰ্ণিল চলচ্চিত্ৰ যাত্ৰা আৰম্ভ হৈছিল ১৯৮০ চনত নিৰ্মিত ‘এলবাৰ্ট পিণ্টু কৌ গুচ্ছা কিও আটা হ্যে’ নামৰ এখন নাটকীয় ছবিৰ জৰিয়তে। ছবিখনত এটি সৰু চৰিত্ৰত অভিনয় কৰি তেওঁ বলীউডত অভিষেক ঘটাইছিল। ইয়াৰ পিছত আশীৰ দশকৰ ভিতৰতে তেওঁ 'থৌড়ীচি বেৱাফাই' (১৯৮০), 'কালিয়া' (১৯৮১), আৰু 'কব্জা' (১৯৮৮) আদিৰ দৰে কেইবাখনো গুৰুত্বপূৰ্ণ ছবিত অভিনয়ৰ সুযোগ লাভ কৰে।
 
১৯৯০ দশকৰ পৰা ২০০০ দশকৰ সময়ছোৱাত তেওঁ বলীউডৰ অন্যতম ব্যস্ত আৰু জনপ্ৰিয় পাৰ্শ্ব-অভিনেতা হিচাপে পৰিগণিত হয়। এই দীঘলীয়া যাত্ৰাত তেওঁ ‘আশ্বিকী (১৯৯০)’, ‘দিল হ্যে কি মানতা নেহি (১৯৯১)’, ‘চড়ক (১৯৯১)’, ‘হাম হ্যে ৰহী প্যাৰ কে (১৯৯৩)’, ‘চাহত (১৯৯৬)’, ‘প্যাৰ তৌ হৌনা হী থা (১৯৯৮)’, ‘হেৰা ফেৰী (২০০০)’, ‘জোড়ী নং. ১ (২০০১)', 'মুঝছে ছাদী কৰৌগী (২০০৪)', 'ওৱেলকাম (২০০৭)', 'মাই ফ্ৰেণ্ড গণেশা (২০০৭)', 'ৰাউডী ৰাথোড় (২০১২)', 'খিলাড়ী ৭৮৬ (২০১২)', 'ওৱেলকাম বেক (২০১৫)', 'স্ত্ৰী (২০১৮)', 'ভাৰত (২০১৯)', 'বধাই দৌ (২০২২)', 'গদৰ ২ (২০২৩)', আৰু শেহতীয়াকৈ ‘বেবী জান (২০২৪)’ তথা ‘লাভ কী এৰেঞ্জ মেৰেজ (২০২৪)’ৰ দৰে অলেখ জনপ্ৰিয় ছবিত অভিনয় কৰি দৰ্শকৰ অপাৰ মৰম আৰু প্ৰশংসা বুটলিবলৈ সক্ষম হয়।
 
ছানী দেউল আৰু অমীশা পেটেল অভিনীত ব্লকবাষ্টাৰ ছবি 'গদৰ-এক প্ৰেম কথা'ত তেওঁ ৰূপায়ণ কৰা 'গুল খান'ৰ চৰিত্ৰটোক দৰ্শকে আজিও শ্ৰদ্ধাৰে স্মৰণ কৰে। উল্লেখযোগ্য যে, মূল ছবিখন মুক্তি পোৱাৰ প্ৰায় দুটা দশকৰ পিছত নিৰ্মাণ হোৱা ছবিখনৰ দ্বিতীয় সংস্কৰণতো তেওঁ অভিনয় কৰিছিল। কেৱল চলচ্চিত্ৰতে নহয়, টেলিভিছন জগততো তেওঁ নিজৰ প্ৰতিভাৰ স্বাক্ষৰ ৰাখি গৈছে। জনপ্ৰিয় ধাৰাবাহিক 'কুচ ৰং প্যাৰ কে এইছে ভী'ত 'বলদেৱ ত্ৰিপাঠী'ৰ চৰিত্ৰত আৰু জনপ্ৰিয় শ্ব' 'আদালত'তো তেওঁ সাৱলীল অভিনয় কৰিছিল।
 
উল্লেখযোগ্য যে, মুস্তাক খানৰ দৰে এগৰাকী প্ৰতিভাশালী আৰু বহুমুখী অভিনেতাৰ বিয়োগে ভাৰতীয় মনোৰঞ্জন জগতত এক বৃহৎ শূন্যতাৰ সৃষ্টি কৰিলে। তেওঁৰ অম্লান স্মৃতি আৰু অনবদ্য অভিনয় কালান্তৰলৈকে দৰ্শকৰ হৃদয়ত জীয়াই থাকিব।