উত্তৰ-পূবৰ তিনি ৰাজ্যত পুনৰ ছমাহলৈ বৃদ্ধি ‘আফস্পা’ৰ ম্যাদ; কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

Story by  atv | Posted by  [email protected] • 1 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
নতুন দিল্লী
 
কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ তিনিখন ৰাজ্য মণিপুৰ, নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশত সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইন চমুকৈ 'আফস্পা'ৰ ম্যাদ পুনৰ ছমাহৰ বাবে বৃদ্ধি কৰিছে। বৃহস্পতিবাৰে সন্ধিয়া কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে তিনিওখন ৰাজ্যৰ আইন-শৃংখলাজনিত পৰিস্থিতি পৰ্যালোচনা কৰাৰ পিছত এই সিদ্ধান্ত গ্ৰহণ কৰে। অহা ১ অক্টোবৰৰ পৰা কাৰ্যকৰী হ’বলগীয়া এই নিৰ্দেশনা ২০২৭ চনৰ ৩১ মাৰ্চলৈকে বাহাল থাকিব।
 
মণিপুৰত শেহতীয়াকৈ পুনৰ দেখা দিয়া অস্থিৰতা আৰু হিংসাত্মক পৰিস্থিতিৰ বাবে ৰাজ্যখনত এই আইনৰ প্ৰয়োগ অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে। সেয়েহে, ৫ খন জিলাৰ ১৩ খন আৰক্ষী থানাৰ অন্তৰ্গত এলেকাৰ বাহিৰে সমগ্ৰ ৰাজ্যখনকেই কেন্দ্ৰীয় চৰকাৰে ‘অশান্ত এলেকা’ হিচাপে ঘোষণা কৰিছে। এই ৰেহাই পোৱা থানা কেইখন হৈছে— পশ্চিম ইম্ফল জিলাৰ ইম্ফল, লেমফেল, চিটি, চিংজামেই, পাটছ’ই আৰু ৱাংগোই; পূব ইম্ফলৰ প’ৰ’মপাট, হাইংগাং আৰু ইৰিলবুং; বিষ্ণুপুৰ জিলাৰ বিষ্ণুপুৰ আৰু নামবোল; লগতে থৌবাল আৰু কাকচিং জিলাৰ এখনকৈ আৰক্ষী থানা। ৰাজ্যখনলৈ শান্তি ঘূৰাই আনিবলৈ চৰকাৰে প্ৰচেষ্টা চলাই আছে আৰু ইয়াৰ অংশ হিচাপে শেহতীয়াকৈ নিষিদ্ধ কংগলেইপাক কমিউনিষ্ট পাৰ্টী (পিপলছ ৱাৰ গ্ৰুপ)ৰ কেইবাজনো সদস্যই মুখ্যমন্ত্ৰীৰ ওচৰত আত্মসমৰ্পণো কৰিছে।
 
অৰুণাচল প্ৰদেশৰ নিৰ্দিষ্ট কিছুমান অঞ্চলতো আফস্পাৰ ম্যাদ বৃদ্ধি কৰা হৈছে। ইয়াৰ ভিতৰত আছে টিৰাপ, চাংলাং আৰু লংডিং জিলাৰ লগতে অসমৰ সীমান্তৱৰ্তী নামচাই জিলাৰ নামচাই, মহাদেৱপুৰ আৰু চৌখাম আৰক্ষী থানাৰ অন্তৰ্গত এলেকা। ম্যানমাৰ সীমান্তৱৰ্তী এই অঞ্চলসমূহত উগ্ৰপন্থীৰ কাৰ্যকলাপ, সীমান্তৰ অবৈধ পাৰাপাৰ আৰু ড্ৰাগছ সৰবৰাহৰ দৰে অপৰাধৰ ওপৰত চোকা নজৰ ৰাখিবলৈ ১ অক্টোবৰৰ পৰা ছমাহৰ বাবে এই অঞ্চলসমূহক ‘অশান্ত’ বুলি ঘোষণা কৰা হৈছে।
 
একেদৰে, নাগালেণ্ডৰ ৯ খন জিলা আৰু আন ৫ খন জিলাৰ আংশিক এলেকাতো নিৰাপত্তাৰ স্বাৰ্থত আফস্পাৰ ম্যাদ সম্প্ৰসাৰণ কৰা হৈছে। সম্পূৰ্ণৰূপে সামৰি লোৱা জিলাকেইখন হৈছে— ডিমাপুৰ, নিউলেণ্ড, চুমৌকেডিমা, মন, কিফিৰে, নোক্লক, ফেক, পেৰেন আৰু মেলুৰী। আনহাতে, কোহিমা, মোককচাং, লংলেং, ৱোখা আৰু জুনহেবোটো জিলাৰ নিৰ্দিষ্ট কিছুমান আৰক্ষী থানাৰ এলেকাতো এই আইন বৃদ্ধি কৰা হৈছে।
 
উল্লেখযোগ্য যে, যোৱা মাৰ্চ মাহতো কেন্দ্ৰীয় চৰকাৰে একেদৰে ছমাহৰ বাবে এই অঞ্চলসমূহক ‘অশান্ত’ বুলি ঘোষণা কৰিছিল। 'আফস্পা' আইনৰ জৰিয়তে নিৰাপত্তা বাহিনীক অপৰাধমূলক কাৰ্যকলাপ ৰোধ কৰিবলৈ, সন্দেহযুক্ত ব্যক্তিক গ্ৰেপ্তাৰ কৰিবলৈ আৰু প্ৰয়োজন সাপেক্ষে আইন-শৃংখলা বজাই ৰাখিবলৈ বল প্ৰয়োগ কৰাৰ বিশেষ ক্ষমতা দিয়া হয়। অৱশ্যে, চৰকাৰে অঞ্চলসমূহৰ নিৰাপত্তা ব্যৱস্থাৰ নিৰন্তৰ মূল্যায়ন চলাই থাকে আৰু পৰিস্থিতি উন্নত হ’লে এই আইন প্ৰত্যাহাৰো কৰা হয়। বৰ্তমান উত্তৰ-পূৰ্বাঞ্চলৰ উপৰিও জম্মু-কাশ্মীৰৰ কিছুমান বিশেষ অঞ্চলতো এই আইন প্ৰযোজ্য হৈ আছে।