অসম সাহিত্য সভাৰ নতুন সভাপতি ড° সূর্যকান্ত হাজৰিকা

Story by  atv | Posted by  Munni Begum • 2 Years ago
ড° সূর্যকান্ত হাজৰিকা
ড° সূর্যকান্ত হাজৰিকা
গুৱাহাটী
 
অসমীয়া ভাষা-সাহিত্যৰ সৰ্ববৃহৎ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাৰ ২০২৩-২৫ বৰ্ষৰ বাবে সভাপতি নির্বাচিত হ'ল ড° সূর্যকান্ত হাজৰিকা। মুঠ ৩৩৫ টা ভোট লাভেৰে বিজয় সাব্যস্ত কৰিছে ড° হাজৰিকাই। শনিবাৰে ঘোষণা কৰা অসম সাহিত্য সভাৰ ২০২৩-২৫ বৰ্ষৰ নিৰ্বাচনৰ ফলাফলত নতুন উপ-সভাপতি হিচাপে গিৰীশ সন্দিকৈ আৰু প্ৰধান সম্পাদকৰূপে ড° উপেন্দ্রজিৎ শর্মা নির্বাচিত হৈছে। 
 
নলবাৰীৰ জিলা পুথিভঁৰাল প্রেক্ষাগৃহত অনুষ্ঠিত সভাৰ পূৰ্ণাংগ কাৰ্যনিৰ্বাহকত দিনৰ ১ বজাৰ পৰা সন্ধিয়া ৬.৩০ বজালৈ ভোটগণনা অনুষ্ঠিত হয়। সভাৰ মুখ্য নির্বাচনী বিষয়া হৰেন্দ্ৰনাথ বৰাৰ তত্ত্বাৱধানত অনুষ্ঠিত ভোটগণনাৰ পিচতে নিশা ৭ বজাত ফলাফল ঘোষণা কৰা হয়। 
 
সাহিত্য সভাৰ সন্মানীয় সভাপতি পদত ড° সূর্যকান্ত হাজৰিকাই তেওঁৰ নিকটতম প্রতিদ্বন্দ্বী বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচিক হৰুৱাই নির্বাচিত হয়। ড° হাজৰিকাই ৩৩৫ টা ভোট লাভ কৰাৰ বিপৰীতে ঠংচিয়ে লাভ কৰে ২৪৬ টা ভোট। উল্লেখ্য যে এইবাৰ সভাৰ সভাপতি পদত নাহেন্দ্ৰ পাদুন, প্রহ্লাদ চন্দ্র তাছা, জগদীশ পাটগিৰী আৰু ৰোমান শৰ্মায়ো প্ৰতিদ্বন্দ্বিতা কৰিছিল। 
ইফালে অসম সাহিত্য সভাৰ সভাপতি নির্বাচিত হোৱাৰ পিচতে প্রথম প্রতিক্রিয়া প্রকাশ কৰি ড° হাজৰিকাই কয়, "ৰাজহুৱা অনুষ্ঠানসমূহত বিতর্ক থাকেই। যিকোনো সিদ্ধান্ত এটা ল'লে কিছু জনসাধাৰণে মানি নল'বও পাৰে। অসম সাহিত্য সভাৰ ক্ষেত্ৰত বহুখিনি ইতিবাচক কাম কৰিবলগীয়া আছে। আমি বিতর্ক নোহোৱাকৈ কাম কৰাৰ চেষ্টা কৰিম আৰু সাহিত্য সভাৰ নিজা চৰিত্র অক্ষুণ্ণ ৰাখিবলৈ যত্ন কৰিম।” 
ইফালে উপ-সভাপতি পদত ধীৰেন শৰ্মা, গিৰীশ সন্দিকৈ, বসন্ত কুমাৰ শৰ্মা, পবিত্ৰ বৰবৰা, গোবিন্দ তালুকদাৰ আৰু গণেশ চন্দ্ৰ নাথে প্রতিদ্বন্দ্বিতা কৰিছিল, যদিও অৱশেষত গিৰীশ সন্দিকৈ উপ-সভাপতি হিচাপে নিৰ্বাচিত হয়। উপ-সভাপতি পদত গিৰীশ সন্দিকৈয়ে ২৮৪ টা ভোট লাভ কৰি বিজয়ী হোৱাৰ বিপৰীতে তেওঁৰ নিকটতম প্রতিদ্বন্দ্বী ধীৰেন শৰ্মাই লাভ কৰিছে ১৩৩ টা ভোট। 
 
তদুপৰি ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড° উপেন্দ্রজিৎ শৰ্মা নিৰ্বাচিত হৈছে প্ৰধান সম্পাদক পদত। প্রধান সম্পাদক পদত ড° উপেন্দ্ৰজিৎ শৰ্মা, যাদৱ চন্দ্র শর্মা, অনুপ কুমাৰ বৰঠাকুৰ, দেৱজিৎ বৰা আৰু ৰমানন্দ বৰাই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। প্রধান সম্পাদক পদত নির্বাচিত হোৱা অধ্যাপক ড° উপেন্দ্ৰজিৎ শৰ্মাই ৩১৫ টা ভোট লাভ কৰাৰ বিপৰীতে তেওঁৰ নিকটতম প্রতিদ্বন্দ্বী দেৱজিৎ বৰাই ১২৯ টা ভোট লাভ কৰে। 
জয়লাভৰ পিচতে ড° উপেন্দ্রজিৎ শৰ্মাই কয়, "জাতীয় জীৱনৰ অনুষ্ঠানটো ৰাইজৰ মাজলৈ লৈ যাব লাগিব। শতবর্ষ অতিক্ৰম কৰা অসম সাহিত্য সভাই লাহে লাহে ৰাইজৰ মাজৰ পৰা আঁতৰি আহিছিল। এতিয়া সময়ৰ লগত খোজ মিলাই ৰাইজ আৰু শাখা সাহিত্য সভাসমূহে বিচৰাধৰণে জাতীয় জীৱনৰ হৃৎপিণ্ডস্বৰূপ অসম সাহিত্য সভাক পুনৰ ৰাইজৰ মাজলৈ লৈ যোৱাৰ প্ৰয়াস কৰিম।"
উল্লেখ্য যে নির্বাচিত সময়তকৈ পলমকৈ ডাকযোগে বেলট কাকত পঠিওৱা ৫০ টা শাখাৰ ভোট বাতিল হোৱা বুলি সভাৰ বিষয়ববীয়াই জনায়। নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্রুৱজ্যোতি শৰ্মা, সম্পাদক পংকজ বেজবৰুৱাৰ নেতৃত্বত নলবাৰী জিলা সাহিত্য সভাৰ বিষয়ববীয়া আৰু কৰ্মীসকলৰ সহযোগত অসম সাহিত্য সভাৰ সপ্তম কাৰ্যনিৰ্বাহক সভা আৰু ভোটগণনা অনুষ্ঠিত হয়।