'বৰকৈ মনত পৰি আছে অ’ গ’ল্ডী' মাজনিশা সামাজিক মাধ্যমত আৱেগিক পোষ্ট দিলে গৰিমা গাৰ্গে
গুৱাহাটী
জুবিনবিহীন ভাবে প্ৰায় ডেৰ মাহ অতিক্ৰম অসমবাসীয়ে। কিন্তু আজিও শোকত ম্ৰিয়মান প্ৰতিজন অসমীয়া। প্ৰতিটো মুহূৰ্ততে সকলোৱে সুঁৱৰিছে মৰমৰ জুবিনক। সকলোৱে অপেক্ষা কৰি আছে জুবিন গাৰ্গৰ ন্যায়ৰ। স্বামীৰ অবিহনে যেন দিশহাৰা হৈ পৰিছে গৰিমা গাৰ্গ। মাজে মাজে সামাজিক মাধ্যমত আবেগিক পোষ্ট দি মনৰ কথা অৱগত কৰিছে গৰিমাই।
এই পৰিস্থিতি সহজভাৱে ল’ব পৰা নাই তেওঁ। আৰু কিমান দিন? ইয়াৰ মাজতে জুবিনৰ সপোনৰ ছবি ‘ৰৈ ৰৈ বিনালে’ৰ কামৰ অগ্ৰগতি তদাৰক কৰিছে গৰিমাই। প্ৰতিটো নিশা জুবিনৰ কথা ভাবি আৱেগিক হৈ পৰে তেওঁ। পুনৰ সামাজিক মাধ্যমত এটা আৱেগিক পোষ্ট গৰিমাৰ।
সামাজিক মাধ্যমত তেওঁ লিখিছে, “তুমি চাগে বহুত ব্যস্ত নহয়নে ? তোমাৰ সপোনৰ ছবিখন মুক্তি দিব লাগে .. শেষ পৰ্য্যায়ৰ কাম সকলো নিৰীক্ষণ কৰিব লাগে, বেকগ্ৰাউণ্ড মিউজিকৰ কামটোত যে সন্তুষ্টি নাহেই,,release plan চাব লাগে.. এইবাৰ নতুন কেইখনমান চহৰ পাৰিলে যোগ দিব লাগিব,অসমীয়া চিনেমাৰ পৰিসৰ তেতিয়াহে বাঢ়িব! কিবা নহয় কিবা এটাতো প্ৰতিখন চিনেমাত বঢ়াই নিব লাগিব !”
আকৌ লিখিছে, “উফ্, ৰক্ষাই পোৱা নাই চাগে ! সেইকাৰণে এটাও ফোন নাই ইমান দিনে,, দৌৰা দৌৰিৰ কোবত লগ দিয়াটোতো সম্ভৱেই হোৱা নাই । একো নাই মই বুজি পাওঁ নহয় ! আৰু “মিশ্যন চাইনা” ৰিলীজৰ আগত অকণমানি লʼৰা এটাই কন্দাৰ দৰে চিন্তাতে ফেকুৰি ফেকুৰি নাকান্দিবা আকৌ এইবাৰ দেই .. ” মানুহে আশা কৰাৰ দৰে যদি মই দিব নোৱাৰো কি হʼব ?ʼ কি বোৰ যে চিন্তা কৰা তুমি! ”
পোষ্টটোত গৰিমাই উল্লেখ কৰিছে, “মই বাৰু সদায়ে আছো,, বুকুত আলফুলে সাৱটি লৈ শুৱাই দিবলৈ.. তথাপি, ধুনীয়াকৈ সঁচা মনেৰে কষ্ট কৰি কৰা ভাল কাম এটি ৰাইজে ভাল পাবই ! কিন্তু ইমানদিন যে পাৰ হৈ গʼল তোমাক নেদেখাকৈ, মাত এটা নুশুনাকৈ, খবৰ এটা লʼব নোৱাৰাকৈ.. বৰকৈ মনত পৰি আছে অ’ গ’ল্ডী ! বহুত miss কৰিছোঁ তোমাক। এটা এটা মূহুৰ্ত কেনেকৈ পাৰ হৈছে , ক’ব নোৱাৰো একো ! মই আছোনে নাই নিজেই বুজি পোৱা নাই।”
উল্লেখযোগ্য যে, ৩১ অক্টোবৰত অসমৰ ছবিগৃহলৈ আহি আছে নতুন অসমীয়া ছবি ‘ৰৈ ৰৈ বিনালে’। মুক্তিৰ পূৰ্বে ছবিখনে ধুমুহাৰ সৃষ্টি কৰিছে, কিয়নো এইখন জুবিন গাৰ্গৰ অন্তিমখন ছবি। টিকট মুকলি কৰাৰ পিছতে গঢ়িলে বহু অভিলেখ।