'ই-কেবিনেট' ব্যৱস্থা কাৰ্যকৰী হ'ব দিল্লীত; ঘোষণা দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ

Story by  atv | Posted by  [email protected] • 7 h ago
দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা
দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা
 
নতুন দিল্লী
 
নিজৰ প্ৰশাসনিক কাম-কাজসমূহ অধিক কাগজবিহীন সুৰক্ষিত আৰু প্ৰযুক্তিভিত্তিক কৰি তোলাৰ লক্ষ্যেৰে অতি শীঘ্ৰেই 'ই-কেবিনেট' ব্যৱস্থা কাৰ্যকৰী কৰাৰ প্ৰস্তুতি চলাইছে দিল্লী চৰকাৰে। মঙ্গলবাৰে দিল্লী বিধানসভাত এই কথা স্পষ্ট কৰে মুখ্যমন্ত্রী ৰেখা গুপ্তাই।
 
উল্লেখযোগ্য যে, প্রস্তাবিত ই-কেবিনেট ব্যৱস্থাই কেবিনেট সম্পৰ্কীয় সমস্ত কাম-কাজ ডিজিটেল প্লেটফৰ্মলৈ আনিব আৰু চৰকাৰী কাৰ্যপ্ৰণালীত ভৌতিক নথিপত্ৰ বা ফাইলৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিব। মুখ্যমন্ত্রী ৰেখা গুপ্তাই জনায় যে, চৰকাৰে ইতিমধ্যে এই নতুন ব্যৱস্থা ৰূপায়ণৰ বাবে এখন প্ৰস্তাৱ প্ৰস্তুত কৰিছে। প্ৰশাসনীয় সংস্কাৰ প্ৰক্ৰিয়াৰ অংশ হিচাপে অতি সোনকালে ইয়াক চৰকাৰীভাৱে মুকলি কৰা হ’ব।
 
আনহাতে, ৰাষ্ট্ৰীয় সূচনা বিজ্ঞান কেন্দ্ৰৰ দ্বাৰা ৰাজ্য চৰকাৰসমূহৰ ব্যৱহাৰৰ বাবে এই ই-কেবিনেট পৰ্টেলটো বিশেষভাৱে প্ৰস্তুত কৰা হৈছে। সংবেদনশীল তথ্যৰ সুৰক্ষা বজাই ৰাখিবলৈ ইয়াত 'পুশ্ব-এণ্ড-পুল' প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে। এই পৰ্টেলটো বৰ্তমান হিন্দী আৰু ইংৰাজী দুয়োটা ভাষাতে উপলব্ধ। চৰকাৰী বিষয়া আৰু মন্ত্ৰীসকলে স্মাৰ্ট টেবলটৰ জৰিয়তে গোপনীয় নথি-পত্ৰ সুৰক্ষিতভাৱে প্ৰত্যক্ষ কৰিব পাৰিব।
 
তাৰোপৰি, এই প্ৰণালীয়ে ভাৰ্চুৱেল কেবিনেট বৈঠক অনুষ্ঠিত কৰাত সহায় কৰাৰ উপৰি ই-অফিচ ব্যৱস্থাৰ সৈতেও সংযুক্ত হৈ কাম কৰিব। ইয়াত সংৰক্ষিত 'ইনষ্টিটিউচনেল মেম’ৰী' সুবিধাৰ বাবে প্ৰয়োজন অনুসৰি পুৰণি তথ্য বা নথি দ্ৰুতভাৱে বিচাৰি পোৱাটো সহজ হৈ পৰিব।এই সংস্কাৰমূলক পদক্ষেপে দিল্লী চৰকাৰৰ কেবিনেট প্ৰক্ৰিয়াত প্ৰযুক্তিৰ ব্যৱহাৰ বৃদ্ধি কৰাৰ লগতে চৰকাৰী ব্যৱস্থাত অধিক স্বচ্ছতা আৰু গতিশীলতা প্ৰদান কৰিব।