গুৱাহাটী
নির্বাচন আয়োগৰ নির্দেশনা অনুসৰি কামৰূপ জিলাত ভোটাৰসকলৰ বাবে ঘৰতেই ভোটদানৰ ব্যৱস্থা কৰা হৈছে। এই ব্যৱস্থা বিশেষকৈ জ্যেষ্ঠ নাগৰিক আৰু বিশেষভাৱে অক্ষম ব্যক্তিসকলৰ বাবে প্ৰৱৰ্তন কৰা হৈছে, যাতে তেওঁলোকে সহজে নিজৰ গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰিব পাৰে।
কামৰূপ জিলাৰ ২৭নং ছমৰীয়া, ২৮নং বকো-ছয়গাঁও, ২৯নং পলাশবাৰী, ৩০নং হাজো-শুৱালকুছি, ৩১নং ৰঙিয়া আৰু ৩২নং কমলপুৰ বিধানসভা সমষ্টিত ৩০ মাৰ্চৰ পৰা ১ এপ্রিললৈ ঘৰতে ভোটদানৰ ব্যৱস্থা কৰা হ'ব।
বয়োজ্যেষ্ঠ বা শাৰীৰিক অসুবিধাৰ বাবে ভোটগ্রহণ কেন্দ্রলৈ যাব নোৱৰা ভোটাৰসকলে এই ব্যৱস্থাৰ জৰিয়তে নিজৰ ঘৰতে ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব।