বংগত ঈদ-উল-আজহাৰ পূৰ্বে চৰকাৰৰ কঠোৰ নিৰ্দেশনা; পশু নিধনৰ বাবে লাগিব অনুমতি পত্ৰ

Story by  atv | Posted by  [email protected] • 1 h ago
সুবেন্দু অধিকাৰী
সুবেন্দু অধিকাৰী
 
নতুন দিল্লী
 
পশ্চিম বংগত শেহতীয়াকৈ শাসনভাৰ গ্ৰহণ কৰা সুবেন্দু অধিকাৰীৰ নেতৃত্বাধীন বিজেপি চৰকাৰে ঈদ-উল-আজহাৰ পূৰ্বে এক কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। নতুন নিয়ম অনুসৰি, এতিয়াৰে পৰা ৰাজ্যখনত যিকোনো পশু হত্যাৰ বাবে আগতীয়া অনুমতি লোৱাটো বাধ্যতামূলক কৰা হৈছে। ১৯৫০ চনৰ বংগ আইন আৰু কলিকতা উচ্চ ন্যায়ালয়ৰ ২০১৮ চনৰ এক নিৰ্দেশৰ ওপৰত ভিত্তি কৰি চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে। এই জাননীৰ জৰিয়তে স্পষ্ট কৰি দিয়া হৈছে যে প্ৰয়োজনীয় ফিটনেছ চাৰ্টিফিকেট নোহোৱাকৈ কোনো গৰু বা ম’হ নিধন কৰিব নোৱাৰিব।
 
চৰকাৰী জাননীখনত উল্লেখ কৰা মতে, কেৱল সংশ্লিষ্ট পৌৰসভাৰ অধ্যক্ষ বা পঞ্চায়ত সমিতিৰ সভাপতি আৰু চৰকাৰী পশু চিকিৎসা বিষয়াৰ যুটীয়া সন্মতিৰ ভিত্তিতহে এই ফিটনেছ চাৰ্টিফিকেট প্ৰদান কৰা হ’ব। অৱশ্যে এই অনুমতি পাবলৈ হ’লে প্ৰাণীটোৰ বয়স ১৪ বছৰতকৈ অধিক হ’ব লাগিব আৰু সেই পশু কৃষি কাম বা প্ৰজননৰ বাবে অনুপযোগী হ’ব লাগিব। ইয়াৰ উপৰিও বাৰ্ধক্য, আঘাত, কোনো গুৰুতৰ বেমাৰ বা বিকৃতিৰ বাবে জন্তুটো স্থায়ীভাৱে অক্ষম হৈ পৰিলেহে তাক বধ কৰাৰ অনুমতি দিয়া হ’ব।
 
নতুন নিয়ম অনুসৰি ৰাজহুৱা স্থানত জীৱ-জন্তু বধ কৰাতো সম্পূৰ্ণৰূপে নিষেধাজ্ঞা আৰোপ কৰা হৈছে। এতিয়াৰে পৰা কেৱল পৌৰ নিগমৰ দ্বাৰা অনুমোদিত বধশালা বা স্থানীয় প্ৰশাসনে বিশেষভাৱে নিৰ্ধাৰণ কৰি দিয়া স্থানতহে পশু বধ কৰিব পৰা যাব। যদি কোনো ব্যক্তিয়ে এই নিয়ম উলংঘা কৰে, তেন্তে তেওঁক কঠোৰ শাস্তি বিহা হ’ব। ১৯৫০ চনৰ পশ্চিম বংগৰ পশু বধ নিয়ন্ত্ৰণ আইন উলংঘা কৰিলে দোষীক ছমাহ পৰ্যন্ত কাৰাদণ্ড, ১০০০ টকা পৰ্যন্ত জৰিমনা বা দুয়োটা শাস্তি একেলগে প্ৰদান কৰা হ’ব পাৰে। আনহাতে, যদি কোনো ব্যক্তিক ফিটনেছ চাৰ্টিফিকেট দিয়া নহয়, তেন্তে তেওঁ ১৫ দিনৰ ভিতৰত ৰাজ্য চৰকাৰৰ ওচৰত পুনৰ আবেদন দাখিল কৰাৰ অধিকাৰ পাব।
 
উল্লেখযোগ্য যে, ২০২৬ চনৰ বংগ বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিয়ে এক ঐতিহাসিক বিজয় সাব্যস্ত কৰি চৰকাৰ গঠন কৰিছে। ৰাজ্যখনৰ মুঠ ২৯৪ খন বিধানসভা আসনৰ ভিতৰত বিজেপিয়ে ২০৭ টা সমষ্টিত জয়লাভ কৰি চমকপ্ৰদ সফলতা অৰ্জন কৰে। পূৰ্বৰ বিধানসভা নিৰ্বাচনত মাত্ৰ ৭৭ খন আসন পোৱা দলটোৰ এই জয়ে ৰাজ্যৰ ৰাজনীতিত বৃহৎ পৰিৱৰ্তন আনিছে। এই নিৰ্বাচনত তৃণমূল কংগ্ৰেছৰ বহু কেইজন আগশাৰীৰ নেতা পৰাজিত হয়। আটাইতকৈ আকৰ্ষণীয় কথাটো হ’ল, ভবানিপুৰ সমষ্টিত সুবেন্দু অধিকাৰীয়ে মমতা বেনাৰ্জীক পৰাস্ত কৰে। ২০২১ চনৰ নিৰ্বাচনতো তেওঁ নন্দিগ্ৰামৰ পৰা মমতা বেনাৰ্জীক হৰুৱাইছিল আৰু এইবাৰো সেই একেই ইতিহাসৰ পুনৰাবৃত্তি ঘটিল।