অনিল আম্বানীলৈ ইডিৰ চমন; ৫ আগষ্টত হ’ব লাগিব হাজিৰ

Story by  atv | Posted by  [email protected] • 1 Months ago
মুম্বাই ৰিলায়েন্স গ্ৰুপৰ অধ্যক্ষ অনিল আম্বানী
মুম্বাই ৰিলায়েন্স গ্ৰুপৰ অধ্যক্ষ অনিল আম্বানী
 
মুম্বাই
 
মুম্বাই ৰিলায়েন্স গ্ৰুপৰ অধ্যক্ষ অনিল আম্বানী আৰু তেওঁৰ ৰিলায়েন্স গ্ৰুপৰ বিপদ ক্ৰমাগতভাৱে বৃদ্ধি পাইছে।অনিল আম্বানীক ইডিয়ে চমন জাৰি কৰাৰ লগতে ৫ আগষ্টত তেওঁক সোধা-পোছাৰ বাবে মাতি পঠিওৱা হৈছে।
 
ইয়াৰ পূৰ্বে বেংকৰ লোণৰ জালিয়াতিৰ বাবে কেন্দ্ৰীয় সংস্থাটোৱে অনিল আম্বানীৰ সৈতে জড়িত ব্যৱসায়িক সত্তাসমূহত অভিযান চলাইছিল।
 
উল্লেখ্য যে, দিল্লী আৰু মুম্বাইৰ আম্বানীৰ কোম্পানীৰ সৈতে জড়িত কেইবাটাও চৌহদত ইডিয়ে তালাচী অভিযান সমাপ্ত কৰাৰ চাৰিদিন পিছতে এই চমন দিয়া হৈছে। ২৪ জুলাইৰ পৰা আৰম্ভ হোৱা এই অভিযান তিনিদিন ধৰি চলিছিল আৰু ৩৫ টাতকৈও অধিক স্থান সামৰি লৈছিল, য’ত অনিল আম্বানী গ্ৰুপৰ ফাৰ্মৰ জ্যেষ্ঠ কাৰ্যবাহীকে ধৰি ৫০ টাতকৈও অধিক কোম্পানী আৰু ২৫ জন ব্যক্তি জড়িত আছিল।
 
ইডিৰ মতে, এই তদন্ত ২০১৭ চনৰ পৰা ২০১৯ চনৰ ভিতৰত মূলতঃ য়েছ বেংকে একাধিক গ্ৰুপ কোম্পানীলৈ প্ৰদান কৰা ১০ হাজাৰ কোটি টকাৰো অধিক ঋণৰ কথিত আৰ্থিক অনিয়ম আৰু ডাইভাৰচনৰ সৈতে জড়িত।এজেন্সীয়ে বেংকৰ ঋণ অনুমোদন প্ৰক্ৰিয়াত সম্ভাৱ্য উলংঘাৰ বিষয়েও পৰীক্ষা কৰি আছে।
 
তদন্তকাৰী সংস্থাটোৱে অনিল আম্বানীক সোধা-পোছাৰ বাবে ফোন কৰিছে। এতিয়া ৫ আগষ্টত ইডিৰ আগত হাজিৰ হ’ব লাগিব।
 
তদন্তকাৰী সংস্থাটোৱে কেইবাটাও স্থানৰ পৰা বহু সংখ্যক নথি-পত্ৰ আৰু কম্পিউটাৰ সঁজুলি জব্দ কৰিছিল। এই অভিযান ৩ হাজাৰ কোটি টকাৰ বেংক ঋণৰ জালিয়াতিৰ অভিযোগৰ সৈতে জড়িত ধন সৰবৰাহৰ তদন্তৰ অংশ হিচাপে কৰা হৈছিল।
 
ইয়াৰ উপৰিও কোটি কোটি টকাৰ আৰ্থিক অনিয়মৰ আন বহু অভিযোগো তেওঁৰ বিৰুদ্ধে একাংশ কোম্পানীয়ে উত্থাপন কৰিছে।