কলকাতা
পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ ২৩ এপ্ৰিলত সমাপ্ত হৈছে। প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ সময়ত ৰাজ্যৰখনৰ বিভিন্ন প্ৰান্তত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে। সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াত আৰক্ষীৰ ভূমিকাক লৈও প্ৰশ্ন উত্থাপন হৈছে। কিয়নো ৰাজ্যখনৰ ডাইমণ্ড হাৰ্বাৰ জিলাৰ ৫ আৰক্ষী বিষয়াক নিৰ্বাচন আয়োগে নিলম্বন কৰিছে। বিধানসভা নিৰ্বাচনৰ সময়ত গুৰুতৰ অনিয়ম আৰু নিৰপেক্ষতা বজাই ৰখাত ব্যৰ্থ হোৱাৰ অভিযোগত আৰক্ষী বিষয়াকেইগৰাকীৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিছে।
পশ্চিমবংগৰ মুখ্য সচিবলৈ প্ৰেৰণ কৰা এক আনুষ্ঠানিক বিবৃতি অনুসৰি নিৰ্বাচন আয়োগে সন্দীপ গৰাই (অতিৰিক্ত আৰক্ষী অধীক্ষক, ডাইমণ্ড হাৰ্বাৰ), সজল মণ্ডল (এছডিপিঅ', ডাইমণ্ড হাৰ্বাৰ), মৌছম চক্ৰৱৰ্তী (ডাইমণ্ড হাৰ্বাৰ থানাৰ ভাৰপ্ৰাপ্ত পৰিদৰ্শক), অজয় বাগ (পৰিদৰ্শক, ফাল্টা থানা) আৰু সুভেচ্ছা বাগক (ভাৰপ্ৰাপ্ত বিষয়া, উস্থি থানা) শীঘ্ৰে নিলম্বন কৰিবলৈ নিৰ্দেশ দিছে।
আনহাতে নিৰ্বাচন আয়োগে ডাইমণ্ড হাৰ্বাৰৰ আৰক্ষী অধীক্ষক ঈশানী পালক সতৰ্কবাণী জাৰি কৰিছে। নিৰ্বাচনৰ সৈতে জড়িত স্পৰ্শকাতৰ বিষয় সন্দৰ্ভত অধীনস্থ বিষয়াসকলৰ মাজত অনুশাসন আৰু নিৰপেক্ষতা নিশ্চিত কৰাত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন হৈছে।
আয়োগে এই ব্যৱস্থা তৎকালীনভাৱে কাৰ্যকৰী কৰিবলৈ আৰু শনিবাৰে পুৱা ১১ বজাৰ ভিতৰত নিৰ্দেশনা পালন কৰি প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে। ইয়াৰ পূৰ্বে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে বৃহস্পতিবাৰে উল্লেখ কৰিছে যে স্বাধীনতাৰ পিছত পশ্চিমবংগ আৰু তামিলনাডুত এইবাৰ সৰ্বাধিক ভোটদান হৈছে।
মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে কয়, "স্বাধীনতাৰ পিছত পশ্চিমবংগ আৰু তামিলনাডুত ভোটদানৰ হাৰ সৰ্বাধিক। পশ্চিমবংগ আৰু তামিলনাডুৰ প্ৰতিজন ভোটাৰক নিৰ্বাচন আয়োগে কৃতজ্ঞতা জনাইছে।" ভাৰতৰ নিৰ্বাচন আয়োগৰ শেহতীয়া তথ্য অনুসৰি পশ্চিমবংগত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ সময়ত ৯১.৯১ শতাংশ ভোটাদান হৈছে।
ভোটদানৰ এই পৰিসংখ্যাই এক সক্ৰিয় নিৰ্বাচনী প্ৰক্ৰিয়াক প্ৰতিফলিত কৰে, কিয়নো কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজতে সকলো সমষ্টিতে ভোটগ্ৰহণ সমাপ্ত হয়। পশ্চিমবংগৰ কেইবাখনো জিলাত ভোটদানৰ হাৰ ৯০ শতাংশতকৈ অধিক। দক্ষিণ দিনাজপুৰত ৯৪.৮৫ শতাংশৰে শীৰ্ষ স্থানত আছে । কোচবিহাৰত ৯৪.৫৪ শতাংশ, বীৰভূমত ৯৩.৭০ শতাংশ, জলপাইগুৰিত ৯৩.২৩ শতাংশ আৰু মুৰ্শিদাবাদত ৯২.৯৩ শতাংশ ভোটদান হৈছে।
পশ্চিমবংগৰ ১৫২ খন আসনত প্ৰথম পৰ্যায়ৰ ভোটদান সম্পূৰ্ণ হৈছে। বাকী থকা ১৪২ খন আসনৰ বাবে ২৯ এপ্ৰিলত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব।