বংগৰ নিৰ্বাচনী হিংসাক লৈ কঠোৰ নিৰ্বাচন আয়োগ; মুখ্য নিৰ্বাচন আয়ুক্তৰ নিৰ্দেশনা জাৰি
কলকাতা
নিৰ্বাচনী ফলাফলৰ পাছত পশ্চিমবংগত হিংসাত্মক পৰিস্থিতি অব্যাহত আছে। বিজয় সমদলৰ সময়ত তৃণমূল কংগ্ৰেছ (TMC) আৰু বিজেপি কৰ্মীৰ মাজত হোৱা সংঘৰ্ষই এতিয়া প্ৰাণঘাটী ৰূপ ধাৰণ কৰিছে। মঙলবাৰে কলকাতাৰ নিউটাউনত এজন বিজেপি কৰ্মীক কোবাই কোবাই হত্যা কৰা হয়। তৃণমূল সমৰ্থকৰ বিৰুদ্ধে এই হত্যাকাণ্ডৰ অভিযোগ উত্থাপন হৈছে।
বিজেপি কৰ্মী মধু মণ্ডলৰ হত্যাৰ পাছতে ক্ষুব্ধ পৰিয়ালৰ লোকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে, যাক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে লাঠীচালনা কৰিবলগীয়া হয়।এনে পৰিপ্ৰেক্ষিতত এতিয়া দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে বিষয়াসকলক এক ডাঙৰ নিৰ্দেশ জাৰি কৰিছে।
মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে পশ্চিমবংগত হিংসাৰ সৈতে জড়িত লোকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশনা দিছে। মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীয়ে পশ্চিমবংগৰ মুখ্য সচিব, আৰক্ষী সঞ্চালক প্ৰধান (DGP), কলকাতাৰ আৰক্ষী আয়ুক্ত, কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ সঞ্চালক প্ৰধানৰ লগতে সকলো জিলা দণ্ডাধীশ, আৰক্ষী অধীক্ষক (SP) আৰু আৰক্ষী বিষয়াসকলক ধাৰাবাহিকভাৱে টহলদাৰী অব্যাহত ৰাখিবলৈ নিৰ্দেশ দিছে।
নিৰ্বাচন আয়োগে পশ্চিমবংগৰ মুখ্য নিৰ্বাচন বিষয়া, আৰক্ষী সঞ্চালক প্ৰধান (DGP) আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীক নিৰ্দেশ দিছে যাতে তেওঁলোকে পশ্চিমবংগত নিৰ্বাচন সন্দৰ্ভত যিকোনো ধৰণৰ হিংসাৰ প্ৰতি ‘জিৰো টলাৰেন্স’ (শূণ্য সহনশীলতা) নিশ্চিত কৰে।
উল্লেখযোগ্য যে, কলকাতাৰ ৰাজাৰহাট-নিউটাউন সমষ্টিত এজন বিজেপি কৰ্মীক হত্যা কৰাৰ বিপৰীতে কলকাতাৰ হগ মাৰ্কেটত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। ইয়াত তৃণমূল কংগ্ৰেছৰ (TMC) কাৰ্যালয় বুলডজাৰেৰে ভাঙি পেলোৱা হয়। কলকাতাৰ সমীপৱৰ্তী হাওৰাৰ জগতবল্লভপুৰত টিএমচি কাৰ্যালয়ত অগ্নিসংযোগ কৰা হয়। টিএমচি নেতা কল্যাণ বেনাৰ্জীয়ে এটা ভিডিঅ’ শ্বেয়াৰ কৰি বিজেপি সমৰ্থকৰ বিৰুদ্ধে এই অগ্নিসংযোগৰ অভিযোগ উত্থাপন কৰিছে।