সন্ত্ৰাসবাদীক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে পাকিস্তানক গৰিহণা দিয়ে প্ৰাক্তন কূটনীতিবিদ বীনা ছিক্ৰীয়ে

Story by  atv | Posted by  Munni Begum • 1 Months ago
প্ৰাক্তন কূটনীতিবিদ বীনা ছিক্ৰী
প্ৰাক্তন কূটনীতিবিদ বীনা ছিক্ৰী
 
নতুন দিল্লী
 
স্বাধীনতা দিৱস উদযাপনৰ সময়ত শীৰ্ষ সন্ত্ৰাসবাদীসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে শনিবাৰে পাকিস্তানৰ চৰকাৰী বিষয়াসকলক গৰিহণা দিয়ে প্ৰাক্তন কূটনীতিবিদ বীনা ছিক্ৰীয়ে। তেওঁ ইয়াক ইছলামবাদৰ সন্ত্ৰাসবাদী সংগঠনৰ প্ৰতি থকা দীৰ্ঘদিনীয়া সমৰ্থনৰ প্ৰমাণ বুলি অভিহিত কৰিছে। সংবাদ মাধ্যমৰ সৈতে হোৱা এক বাৰ্তালাপত ছিক্ৰীয়ে পাকিস্তানক সন্ত্ৰাসবাদৰ সন্ত্ৰাস বিক্ৰেতা হয় আৰু ভাৰতে ইয়াৰ প্ৰতি সতৰ্ক হ’ব লাগিব। 
 
তেওঁ কয়, "আমি সদায় কৈ আহিছো যে, পাকিস্তান হৈছে সন্ত্ৰাসবাদৰ পৃষ্ঠপোষক। ভাৰতৰ বাবে ই এক বৃহৎ চিন্তাৰ বিষয়। আৰু আমাৰ প্ৰধানমন্ত্ৰীয়ে এতিয়া নতুন ঘোষণা কৰিছে যে, প্ৰতিটো সন্ত্ৰাসবাদী কাৰ্যক যুদ্ধৰ কাৰ্য্য বুলি গণ্য কৰা হ’ব। গতিকে এইটো পাকিস্তানৰ বাবে এক ডাঙৰ সতৰ্কবাণী যে, তেওঁলোকে নিজৰ কোনো সেনা বা নিজৰ সেনা জোৱানৰদ্বাৰা সন্ত্ৰাসবাদী কাৰ্য্যত লিপ্ত হ’ব নালাগে। কিন্তু ইয়াৰ উপৰিও তেওঁলোকে লস্কাৰ-ই-তৈইবা বা জাবাত-উদ-দাৱা বা অন্যান্য সংগঠনৰ দ্বাৰা সংঘটিত সন্ত্ৰাসবাদক সমৰ্থন কৰিব নালাগে।"   
 
ছিক্ৰীয়ে জোৰ দি কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পাকিস্তানক সন্ত্ৰাসবাদী কাৰ্যকলাপ চলোৱাৰ বিৰুদ্ধে এক বৃহৎ সতৰ্কবাণী জাৰি কৰিছে। গতিকে মই ভাবো এইটো প্ৰধানমন্ত্ৰী মোদীৰ পৰা পাকিস্তানৰ সন্ত্ৰাসবাদীলৈ এক অতি ডাঙৰ সতৰ্কবাণী। গতিকে তেওঁলোকে সেই সতৰ্কবাণী মানি ল’ব বুলি আশা কৰিলোঁ। ১৪ আগষ্টত নিজাকৈ স্বাধীনতা দিৱসত তেওঁলোকে যি কৰিলে সেয়াই প্ৰমাণ কৰিছে যে তেওঁলোকে সন্ত্ৰাসবাদক সদায় সমৰ্থন কৰি আহিছে। তেওঁলোকে সদায় সন্ত্ৰাসবাদী গোটক সমৰ্থন কৰি আহিছে, তেওঁলোকক ধন দি আহিছে।
 
তেওঁ লগতে অভিযোগ কৰে যে, পাকিস্তানে অপাৰেচন সেন্দুৰৰ সময়ত ধ্বংস হোৱা আন্তঃগাঁথনি পুনৰ নিৰ্মাণৰ বাবে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ ধন স্থানান্তৰ কৰি আছে। এতিয়া তেওঁলোকক চৰকাৰী ধনেৰে অপাৰেচন সেন্দুৰৰ সময়ত ধ্বংস হোৱা তেওঁলোকৰ সকলো অট্টালিকা নিৰ্মাণ কৰাৰ প্ৰস্তাৱ দিছে। গতিকে আই এম এফৰ পৰা যোৱা সকলো ধন এই উদ্দেশ্যে গৈছে। যি অতি ভয়ংকৰ আৰু বিশ্ববাসীয়ে সেই কথা লক্ষ্য কৰা উচিত।