কাঠুৱা (জম্মু আৰু কাশ্মীৰ)
কাঠুৱা জিলাত ডাৱৰ বিস্ফোৰণৰ ফলত ৪ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৰে’লপথ, ৰাষ্ট্ৰীয় ঘাইপথ, স্থানীয় আৰক্ষী থানা আদিৰ ক্ষতিসাধন হোৱাৰ বিপৰীতে যোধ গাঁৱত হঠাতে হোৱা বানপানী আৰু ভূমিস্খলনত ৬ জন লোক আবদ্ধ হৈ পৰে। ইয়াৰোপৰি কেইবাটাও সংযোগী পথ উটুৱাই লৈ যায় বুলি বিষয়াসকলে জানিবলৈ দিছে।
যোধ গাঁৱৰ পৰিস্থিতি সন্দৰ্ভত ভাষণ দি কাঠুৱাৰ উপ আয়ুক্ত ৰাজেশ শৰ্মাই কয় যে, উদ্ধাৰকাৰী দল ঘটনাস্থলীতে উপস্থিত হৈ আছে আৰু উদ্ধাৰ অভিযান অব্যাহত আছে। ইয়াৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে কয় যে, আৰক্ষী, সামৰিক আৰু অসামৰিক প্ৰশাসনৰ দলে উদ্ধাৰ অভিযান চলাই আছে, আৰু পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰখা হৈছে।
এক্সত এক পোষ্টত জিতেন্দ্ৰ সিঙে লিখিছে, "জাংলোটে অঞ্চলত ডাৱৰ বিস্ফোৰণৰ তথ্য লাভ কৰাৰ পিছত কাঠুৱাৰ এছ এছ পি শোভিত সাক্সেনাৰ সৈতে কথা পাতিলোঁ। ৪ জন লোকৰ মৃত্যু হোৱাৰ উপৰিও ৰেলৱে ট্ৰেক, ৰাষ্ট্ৰীয় ঘাইপথৰ ক্ষতি হৈছে।"
হিমাচল প্ৰদেশ
প্ৰচণ্ড বৰষুণে সমগ্ৰ হিমাচল প্ৰদেশত বিধ্বংসী ৰূপ ধাৰণ কৰি ৰাস্তা-ঘাট, বিদ্যুৎ আৰু পানী যোগান ব্যৱস্থাত গুৰুতৰভাৱে ব্যাঘাত জন্মাইছে। হিমাচল প্ৰদেশ ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ তথ্য অনুসৰি দেওবাৰে পুৱালৈকে তিনিটা ৰাষ্ট্ৰীয় ঘাইপথকে ধৰি ৩৬১টা পথ অৱৰোধ হৈ আছে, আনহাতে ৬৩৭টা বিতৰণ ট্ৰেন্সফৰ্মাৰ (ডিটিআৰ) আৰু ১১৫টা পানী যোগান আঁচনি ব্যাহত হৈ আছে।
২০ জুন তাৰিখৰ পৰা চলি থকা দুৰ্যোগত ২৬১ জন লোকে প্ৰাণ হেৰুৱাইছে, ইয়াৰে ১৩৬ জন লোকৰ মৃত্যু হৈছে বৰষুণৰ লগত জড়িত ভূমিস্খলন, হঠাতে হোৱা বানপানী, ঘৰ ভাঙি পৰা, আনহাতে পিছল পৰিস্থিতি ফলত হোৱা পথ দুৰ্ঘটনাত ১২৫ জন লোকৰ মৃত্যু হৈছে বুলি এছডিএমএৰ তথ্যত প্ৰকাশ পাইছে।
বিষয়াসকলে জনোৱা মতে, মাণ্ডী জিলাত কৌশলগত ৰাষ্ট্ৰীয় ঘাইপথকে ধৰি ২০১টা অৱৰোধৰ ফলত পথ সংযোগৰ ক্ষেত্ৰত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে, তাৰ পিছতে কুল্লুত খানাগৰ ৩০৫ নং ৰাষ্ট্ৰীয় ঘাইপথকে ধৰি ভূমিস্খলনৰ বাবে ৬৩টা পথ বন্ধ হৈ আছে। কিন্নাউৰে টিংকু নল্লাত ০৫ নং ৰাষ্ট্ৰীয় ঘাইপথো ক্ষতিগ্ৰস্ত হৈছে।
হাৰিয়ানা
ভাৰতৰ বতৰ বিজ্ঞান বিভাগে হাৰিয়ানা আৰু পঞ্জাৱৰ বাবে তহচিল পৰ্যায়ৰ বতৰৰ আগজাননী জাৰি কৰি দেওবাৰে দুপৰীয়ালৈকে কেইবাটাও অঞ্চলত ধুমুহা, বিজুলী, আৰু বিভিন্ন তীব্ৰতাৰ বৰষুণৰ ভৱিষ্যদ্বাণী কৰিছে।
হাৰিয়ানাত কৰ্ণাল, ইন্দ্ৰি, থানেছৰ, নীলোখেৰী, ৰাদৌৰ, বৰাৰা, জগধৰি, আৰু ছচ্ৰৌলিৰ কিছু অংশত ধুমুহা আৰু বজ্ৰপাতৰ সৈতে প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। ঘৰৌন্দা, আসন্ধ, কাইথাল, নাৰায়ণগড়, পঞ্চকুলা, পেহোৱা, চাহাবাদ, আম্বালা, চণ্ডীগড়, কলকা আৰু ওচৰৰ অঞ্চলৰ ওপৰত বজ্ৰপাতৰ সৈতে মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে।
বাহাদুৰগড়, ৰোহটক, শোণিত, পানীপাট, জিন্দ, কাইথাল, আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহতো লঘু বৰষুণৰ সম্ভাৱনা আছে। পঞ্জাৱত পাটিয়ালা, ৰাজপুৰা, ডেৰা বছি, ফাতেহগড় চাহাব, আমলোহ, মোহলী, বছি পাথানা, চণ্ডীগড়, খৰাৰ, ৰূপ নগৰ, বালাচৌৰ, আৰু আনন্দপুৰ চাহাবত ধুমুহা আৰু বজ্ৰপাতৰ সৈতে মধ্যমীয়া বৰষুণৰ সম্ভাৱনা আছে।
উত্তৰাখণ্ড
ডেৰাডুনৰ ৰাজ্যিক জৰুৰীকালীন অভিযান কেন্দ্ৰই দেওবাৰে ডেৰাডুন, বাগেশ্বৰ, চামোলি, চম্পাৱত, পিথোৰাগড়, ৰুদ্ৰপ্ৰয়াগ, তেহৰী আৰু উত্তৰকাশী জিলাৰ জিলা দণ্ডাধীশসকলক সাৱধানতা অৱলম্বন কৰিবলৈ পৰামৰ্শ দিয়ে।
ৰাজ্যিক জৰুৰীকালীন অভিযান কেন্দ্ৰই চৰকাৰী পত্ৰযোগে কৰ্তৃপক্ষক প্ৰতিটো স্তৰতে প্ৰস্তুতি আৰু নিৰাপত্তা বজাই ৰাখি যাতায়ত নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ পৰামৰ্শ দিয়ে। কোনো মটৰ পথত বাধাৰ সৃষ্টি হ’লে এন এইচ পি ডব্লিউ ডি, পি এম জি এছ ৱাই, এ ডি বি, বি আৰ অ’, ডব্লিউ বি, চি পি ডব্লিউ ডি আদিয়ে ইয়াৰ তাৎক্ষণিকভাৱে মুকলি কৰাটো নিশ্চিত কৰিব।
কোনো দুৰ্যোগ/দুৰ্ঘটনা হ’লে ঠাইতে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিব লাগে, আৰু তৎক্ষণাত তথ্য বিনিময় কৰিব লাগে। দুৰ্যোগ ব্যৱস্থাপনা আই আৰ এছ ব্যৱস্থাৰ বাবে মনোনীত কৰা সকলো বিষয়া আৰু বিভাগীয় ন’ডেল বিষয়া হাই এলাৰ্টত থাকিব বুলি পত্ৰখনত উল্লেখ কৰা হৈছে।
মহাৰাষ্ট্ৰ
দেওবাৰে পুৱা প্ৰচণ্ড বৰষুণৰ মাজতে মহাৰাষ্ট্ৰৰ মুম্বাই আৰু থানে জিলাৰ কেইবাটাও অঞ্চলত পানী জমা হোৱা দেখা যায়। মুম্বাইত মহিমৰ কিছু অংশত পানী জমা হোৱাৰ ফলত ক্ষতিগ্ৰস্ত হৈছিল। অবিৰত বৰষুণৰ পিছত মুম্বাইৰ মিথি নদীৰ জলপৃষ্ঠ বৃদ্ধি পাইছে। ইফালে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দেওবাৰৰ বাবে মুম্বাইকে ধৰি মহাৰাষ্ট্ৰৰ কংকনত আকস্মিক বানৰ সতৰ্কবাণী জাৰি কৰিছে।