গুৱাহাটী
অসম চৰকাৰে খাদ্য সুৰক্ষা আঁচনিৰ অধীনত জুলাই মাহত ৰাজ্যৰ প্ৰায় ৭০ লাখ পৰিয়াললৈ বিনামূলীয়াকৈ ১,৩৪,২৩৭ মেট্ৰিক টন চাউল বিতৰণ কৰিছে। লগতে ২০২৬ চনৰ অহা আগষ্ট মাহৰ পৰা ৰাজহুৱা বিতৰণ ব্যৱস্থা (PDS)ৰ জৰিয়তে ৰেহাই মূল্যত মচুৰ দাইল আৰু চেনি পুনৰ বিতৰণ আৰম্ভ কৰা হ'ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
ৰবিবাৰে সামাজিক মাধ্যম এক্সত এক পোষ্টযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "অন্ন সেৱাৰ জৰিয়তে জনসেৱা আমাৰ প্ৰতিগৰাকী পৰিয়ালৰ প্ৰতি অংগীকাৰ।" তেওঁ লগতে উল্লেখ কৰে যে, এই পদক্ষেপ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগীৰ পৰা অনুপ্ৰাণিত।
মুখ্যমন্ত্ৰীৰ তথ্য অনুসৰি, জুলাই মাহত ৰাজ্যজুৰি প্ৰায় ৭০ লাখ পৰিয়ালৰ মাজত মুঠ ১,৩৪,২৩৭ মেট্ৰিক টন চাউল সম্পূৰ্ণ বিনামূলীয়াকৈ বিতৰণ কৰা হৈছে।
ইয়াৰ উপৰিও, ২০২৬ৰ চনৰ অহা আগষ্ট মাহৰ পৰা ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ জৰিয়তে যোগ্য হিতাধিকাৰীসকলে পুনৰ ৰেহাই মূল্যত মচুৰ দাইল আৰু চেনি লাভ কৰিব। এই সিদ্ধান্তই সাধাৰণ জনতাক অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী সংগ্ৰহত অধিক সহায় আগবঢ়াব বুলি চৰকাৰে আশা প্ৰকাশ কৰিছে।
মুখ্যমন্ত্ৰীয়ে পুনৰ দোহাৰে যে, 'অন্ন সেৱা সে জন সেৱা' কাৰ্যসূচীৰ মূল লক্ষ্য হৈছে ৰাজ্যৰ প্ৰতিগৰাকী যোগ্য পৰিয়াললৈ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী নিশ্চিতভাৱে পৌঁছাই দিয়া আৰু খাদ্য সুৰক্ষা অধিক শক্তিশালী কৰা।