তৰুণ নন্দী / কলকাতা
নিজৰ ভেটি-মাটি এৰি প্ৰাণৰ মমতাত পলাই ফুৰা মানুহ এজনৰ বাবে নিজৰ ঘৰলৈ উভতি অহাটো কিমান আৱেগিক হ'ব পাৰে, সেয়া ৫ বছৰ ধৰি গৃহহীন হৈ থকা নাজমুল চৰ্দাৰৰ চকুপানীয়েই প্ৰমাণ কৰে।
সুদীৰ্ঘ পাঁচটা বছৰ ধৰি পৰিয়ালসহ গৃহহীন হৈ আছিল বিজেপিৰ এটা সংখ্যালঘু পৰিয়াল। তৃণমূলৰ শাসনকাল অন্ত পৰাৰ লগে লগেই বিজেপি কৰ্মীসকলৰ ভৰসাত এইবাৰ নিজৰ ঘৰলৈ উভতি আহিল নাজমুল আৰু তেওঁৰ পৰিয়াল। অভিযোগ অনুসৰি, ২০২১ চনৰ নিৰ্বাচনৰ পৰৱৰ্তী হিংসাৰ ফলশ্ৰুতিত তৃণমূলৰ গুণ্ডা বাহিনীয়ে মাৰধৰ, লুটপাত চলোৱাৰ লগতে প্ৰাণে মৰাৰ ভাবুকি দি নাজমুল চৰ্দাৰ আৰু তেওঁৰ পৰিয়ালটোক ঘৰৰ পৰা খেদি পঠিয়াইছিল। তেতিয়াৰে পৰা তেওঁলোক আন ঠাইত আশ্ৰয় লৈ আছিল।
অৱশেষত এই সংখ্যালঘু পৰিয়ালটোৰ সুদীৰ্ঘ পাঁচ বছৰীয়া আতংকময় দিনৰ অন্ত পৰিল। অভিযোগ অনুসৰি, ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ পৰৱৰ্তী সময়ত হোৱা হিংসাৰ বাবেই বশিৰহাট দক্ষিণ বিধানসভা সমষ্টিৰ পিফা পঞ্চায়তৰ ১২৪ নম্বৰ বুথৰ সংখ্যালঘু বিজেপি কৰ্মী নাজমুল চৰ্দাৰ আৰু তেওঁৰ পৰিয়ালৰ লোকসকল গৃহহীন হ’বলগীয়া হৈছিল। ৰাজ্যখনত ৰাজনৈতিক পটপৰিৱৰ্তন হোৱাৰ পিছতেই যেন এই লোকসকলে স্বস্তিৰ নিশ্বাস পেলাবলৈ সক্ষম হৈছে।
জানিব পৰা মতে, ২০২১ চনৰ নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পিছৰে পৰাই নাজমুলৰ ওপৰত আৰম্ভ হৈছিল নানা অত্যাচাৰ। অভিযোগ অনুসৰি, কেৱল বিজেপিৰ একনিষ্ঠ কৰ্মী হোৱাৰ অপৰাধতেই নাজমুল চৰ্দাৰৰ ঘৰ-দুৱাৰ ভাঙি-ছিঙি লণ্ডভণ্ড কৰি দিয়া হৈছিল। আনকি তৃণমূলৰ আশ্ৰিত দুষ্কৃতিকাৰীয়ে ঘৰৰ সা-সম্পত্তিও লুটপাত কৰি নিছিল। ইমানেই নহয়, নাজমুলক প্ৰাণে মৰাৰো ভাবুকি দিয়া হৈছিল বুলি অভিযোগ উত্থাপন হৈছে। সেই সময়ৰ আৰক্ষী-প্ৰশাসনৰ দুৱাৰে দুৱাৰে ঘূৰিও তেওঁলোকে কোনো ন্যায় পোৱা নাছিল।
অৱশেষত পৰিয়ালৰ সদস্যসকলৰ প্ৰাণ বচাবলৈ নিজৰ ঘৰ-মাটি এৰি কথমপি পিন্ধি থকা কাপোৰযোৰৰ সৈতেই পলাই যাবলৈ বাধ্য হৈছিল এই সংখ্যালঘু বিজেপি কৰ্মী নাজমুল চৰ্দাৰ। ঘৰলৈ উভতি আহি নাজমুলে ক’লে, "যোৱা পাঁচটা বছৰ কেনেকৈ পাৰ কৰিছোঁ, সেয়া কেৱল আল্লাইহে জানে। ঘৰ-দুৱাৰ সকলো লুট হৈ গৈছিল, অহৰহ প্ৰাণে মৰাৰ ভাবুকি পাইছিলোঁ। কোনো দিনে ভবা নাছিলোঁ যে আকৌ নিজৰ ঘৰৰ মজিয়াত ভৰি থ'ব পাৰিম। বিজেপি জয়ী হোৱাৰ বাবেই আমি সুবিচাৰ পালোঁ।"
তৃণমূলৰ সমৰ্থিত দুষ্কৃতিকাৰীৰ হুলস্থুলৰ সাক্ষী সংখ্যালঘু বিজেপি কৰ্মী নাজমুল
ৰাজ্যখনত ২০২৬ চনৰ নিৰ্বাচনত বিপুল ভোটত জয়লাভ কৰি ক্ষমতালৈ আহিছে বিজেপি। ৰাজনৈতিক এই পটপৰিৱৰ্তনে এতিয়া নাজমুলৰ দৰে হাজাৰ হাজাৰ নিৰ্যাতিত মানুহৰ মনত নতুন আশাৰ সঞ্চাৰ কৰিছে। বশিৰহাট দক্ষিণৰ ২০২৬ চনৰ বিধানসভাৰ বিজেপি প্ৰাৰ্থী ড০ সূৰ্য বেনাৰ্জীৰ উদ্যোগত আৰু মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী তথা শমীক ভট্টাচাৰ্যৰ প্ৰত্যক্ষ সহযোগিতাত নাজমুল আৰু তেওঁৰ পৰিয়ালটো সন্মানেৰে ঘৰলৈ উভতি অহাৰ লগে লগেই পৰিয়ালৰ লগতে চুবুৰীয়াৰ মাজতো আনন্দৰ বন্যা বয়। বিজেপি কৰ্মী-সমৰ্থকসকলৰ উপস্থিতিত গাঁৱত ভৰি থৈয়েই আৱেগত কান্দি পেলায় তেওঁলোকে। বৰ্তমান সমগ্ৰ অঞ্চলটোত কেৱল এটাই শ্লোগান শুনা গৈছে- fear out, faith in।
বিজেপি নেতা সূৰ্য বেনাৰ্জীয়ে কয়, "দিন সলনি হৈছে। ৰাজ্যত এতিয়া আইনৰ শাসন চলিছে। আমি প্ৰতিজ্ঞাবদ্ধ যে এজনো বিজেপি কৰ্মীক আৰু গৃহহীন হৈ থাকিবলৈ দিয়া নহ'ব। নাজমুলৰ ঘৰলৈ প্ৰত্যাৱৰ্তন আচলতে গণতন্ত্ৰৰে জয়।"
সুদীৰ্ঘ পাঁচ বছৰৰ মূৰত নিজৰ চিনাকি চোতালখনত থিয় হৈ নাজমুল চৰ্দাৰৰ দুচকুত বিৰিঙি উঠিল আনন্দৰ চকুপানী। এখন হেৰোৱা পৃথিৱী ঘূৰাই পোৱাৰ এয়াই বোধহয় প্ৰকৃত বহিঃপ্ৰকাশ। নাজমুলৰ এই প্ৰত্যাৱৰ্তনে বহু মানুহৰ মনত এই বিশ্বাসেই জগাই তুলিছে যে, বংগত এতিয়া আন যিয়েই নহওক কিয়, ভয়ৰ দিন সঁচাকৈয়ে উকলিল; এতিয়া কেৱল ভৰসাৰ নতুন সূৰ্যোদয়ৰ সময়।