নতুন দিল্লী
দেশৰ সশস্ত্ৰ বাহিনীৰ প্ৰধান হিচাপে দায়িত্ব ল'লে জেনেৰেল এন এছ ৰাজা সুব্ৰমণিয়ে। জেনেৰেল অনিল চৌহানৰ পিছত দেশৰ এই গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত হ'ল ৰাজা সুব্ৰমণি। বৰ্তমান জেনেৰেল এন এছ ৰাজা সুব্ৰমণি হ'ল নতুন চীফ অৱ ডিফেঞ্চ ষ্টাফ। দেশৰ নৌ বাহিনীৰ নতুন প্ৰধান (চীফ অৱ নেভেল ষ্টাফ) হিচাপে দায়িত্ব গ্ৰহণ কৰিব এডমিৰেল কৃষ্ণ স্বামীনাথনে। বিদায়ী CDS জেনেৰেল অনিল চৌহান আৰু নৌসেনাৰ মুৰব্বী এডমিৰেল দিনেশ কে ত্ৰিপাঠীয়ে শনিবাৰে অৱসৰ গ্ৰহণ কৰে।
দেশৰ সামৰিক নেতৃত্বৰ উচ্চতম পৰ্যায়ত এই গুৰুত্বপূৰ্ণ সালসলনি তেওঁলোকৰ অৱসৰৰ পিছতে কাৰ্যকৰী হয়। প্ৰবীণ সেনা বিষয়া জেনেৰেল এন. এছ ৰাজা সুব্ৰমণিয়ে দীৰ্ঘদিনীয়া সামৰিক জীৱনত বিভিন্ন অপাৰেচনেল আৰু কমাণ্ড পদত দায়িত্ব পালন কৰিছে। চিডিএছে বৰ্তমানৰ চৰকাৰৰ মুখ্য সামৰিক উপদেষ্টা হিচাপে কাম কৰে আৰু সেনা, নৌসেনা আৰু বায়ুসেনাৰ মাজত সমন্বয় আৰু যৌথ অভিযান শক্তিশালী কৰাত মূল ভূমিকা পালন কৰে।
নতুন দায়িত্ব গ্ৰহণ কৰাৰ পিছত জেনেৰেল সুব্ৰমণিয়ে কয়, "মই প্ৰতিৰক্ষা মুৰব্বী হিচাপে দায়িত্ব গ্ৰহণ কৰি গৌৰৱান্বিত। দেশৰ জনসাধাৰণে সশস্ত্ৰ বাহিনীৰ প্ৰতি যি আস্থা ৰাখিছে তাৰ বাবে আমি কৃতজ্ঞ। ভাৰতীয় সেনা, নৌসেনা, বায়ুসেনা, প্ৰতিৰক্ষা মন্ত্ৰালয়, কৌশলগত প্ৰতিষ্ঠান আৰু সকলো সংশ্লিষ্ট অংশীদাৰে একেলগে কাম কৰি দেশৰ নিৰাপত্তা আৰু অধিক শক্তিশালী কৰি তুলিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘JAI’ (Jointness, Atma Nirbharta and Innovation) দৰ্শন কাৰ্যকৰী কৰাৰ বাবে আমি প্ৰতিশ্ৰুতিবদ্ধ। সশস্ত্ৰ বাহিনীৰ ৰূপান্তৰ, সাংগঠনিক সংস্কাৰ, যৌথতা, সমন্বয় আৰু সংহতি বৃদ্ধি আমাৰ শীৰ্ষ অগ্ৰাধিকাৰ হ’ব। আত্মনিৰ্ভৰশীলতা ৰাষ্ট্ৰীয় নিৰাপত্তাৰ অন্যতম ভেটি, সেয়েহে থলুৱা প্ৰযুক্তিৰে নিৰ্মিত অস্ত্ৰ-শস্ত্ৰৰ বিকাশ, অন্তৰ্ভুক্তি আৰু সংহতি দ্ৰুতগতিত আগুৱাই লৈ যোৱা হ'ব।”
উল্লেখযোগ্য যে, নৌসেনাৰ নতুন মুৰব্বী হিচাপে দায়িত্ব গ্ৰহণ কৰিবলৈ সাজু হৈছে এডমিৰেল কৃষ্ণ স্বামীনাথনে। কেৰিয়াৰৰ বিভিন্ন পৰ্যায়ত নৌসেনাৰ কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যকৰী আৰু প্ৰশাসনিক পদত অধিষ্ঠিত হৈ স্বামীনাথনে নৌসেনাৰ আধুনিকীকৰণ প্ৰক্ৰিয়াত ইতিমধ্যে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।
তাৰোপৰি, যি সময়ত ভাৰতে সামৰিক আধুনিকীকৰণ, প্ৰতিৰক্ষা উৎপাদনত আত্মনিৰ্ভৰশীলতা আৰু তিনিওটা সেৱাৰ যৌথ কাৰ্যকৰী সামৰ্থ্য বৃদ্ধিৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰিছে, সেই সময়ত এই নেতৃত্বৰ পৰিৱৰ্তনক অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। পৰিৱৰ্তিত আঞ্চলিক আৰু বিশ্ব নিৰাপত্তা পৰিস্থিতিত দেশৰ প্ৰতিৰক্ষা কৌশল নিৰ্ধাৰণৰ ক্ষেত্ৰত এই দুই শীৰ্ষ সামৰিক বিষয়াৰ ভূমিকা গুৰুত্বপূৰ্ণ হ’ব বুলি বিশ্বাস কৰা হৈছে।