গুৱাহাটী
অসম চৰকাৰে চাহ বাগিচা অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে নিৰৱচ্ছিন্নভাৱে স্কুলীয়া শিক্ষাৰ সুবিধা নিশ্চিত কৰিবলৈ পৰিবহণ আৰু এস্কৰ্টৰ সুবিধা আৰম্ভ কৰিছে বুলি ১০ জুন অৰ্থাৎ বুধবাৰে বিষয়াসকলে জানিবলৈ দিয়ে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, চাহ বাগিচাৰ সম্প্ৰদায়ৰ শিশুসকলে সন্মুখীন হোৱা শেষ মাইলৰ সংযোগৰ প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। এক্সত লিখা এক পোষ্টত শৰ্মাই কয় যে, "চাহ বাগিচাৰ অঞ্চলত আমাৰ শিশুসকলৰ বাবে আমি গ্ৰহণ কৰা এক অতি গুৰুত্বপূৰ্ণ পদক্ষেপ। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে পৰিবহণ/এস্কৰ্টৰ সুবিধাই নিশ্চিত কৰিব, যাতে তেওঁলোকৰ পঢ়া-শুনাত কোনো বাধা নাথাকে।"
শিক্ষামন্ত্ৰী ৰানোজ পেগুৱে কয় যে, সমগ্ৰ শিক্ষা অসমৰ অধীনত ৰূপায়ণ কৰা এই আঁচনিখন যাতে কোনো শিশুৱে যাতায়তৰ অসুবিধাৰ বাবে স্কুল বাদ দিব লগীয়া নহয় তাৰ বাবে আৰম্ভ কৰা হৈছে।
তেওঁ কয় যে, এই পদক্ষেপৰ জৰিয়তে চাহ বাগিচা অঞ্চলৰ বঞ্চিত আৰু অৱহেলিত সম্প্ৰদায়ৰ প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক সুৰক্ষিত আৰু বিনামূলীয়া পৰিবহণ বা এস্কৰ্ট সেৱা প্ৰদান কৰা হ'ব।
বিষয়াসকলৰ মতে, ১১ খন জিলাৰ ১৯৮ খন বিদ্যালয়ৰ ৯,৭১৪ গৰাকী ছাত্ৰ-ছাত্ৰী এই আঁচনিৰ দ্বাৰা উপকৃত হ'ব। এই কাৰ্যসূচী ২০২৬ চনৰ ১০ জুনৰ পৰা ২০২৭ চনৰ ৩১ মাৰ্চলৈকে ৰূপায়ণ কৰা হ'ব। এই সময়ছোৱাত প্ৰতিজন শিক্ষাৰ্থীক ৫,৪০০ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব।
বিদ্যালয় পৰিচালনা সমিতি (এছএমচি/এছএমডিচি) ৰ জৰিয়তে স্থানীয় পৰিবহণৰ ব্যৱস্থা কৰা হ'ব।