অসমৰ বান পৰিস্থিতিৰ বুজ ল’লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

Story by  atv | Posted by  [email protected] • 11 h ago
অসমৰ বান পৰিস্থিতিৰ বুজ ল’লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
অসমৰ বান পৰিস্থিতিৰ বুজ ল’লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
 
গুৱাহাটী
 
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে অসমৰ বান পৰিস্থিতিৰ বুজ লয়৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত টেলিফোনিক বাৰ্তালাপ কৰি ৰাজ্যখনৰ বান পৰিস্থিতিৰ বুজ লয় প্ৰধানমন্ত্ৰীয়ে৷
 
মুখ্যমন্ত্ৰী শৰ্মাই সামাজিক মাধ্যমত এই কথা জানিবলৈ দিয়ে। বানৰ ফলত হোৱা ক্ষয়-ক্ষতি, চলি থকা উদ্ধাৰ আৰু সাহাৰ্য অভিযানৰ লগতে দুৰ্যোগ সম্পৰ্কীয় প্ৰত্যাহ্বানসমূহৰ বিষয়ে প্ৰধানমন্ত্ৰী মোদীয়ে বিস্তৃতভাৱে খতিয়ান লয়৷
সামাজিক মাধ্যম এক্সত মুখ্যমন্ত্ৰীয়ে কয়, "অসমৰ প্ৰতিটো বিষয় লৈ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়া সদায় সক্ৰিয় আৰু সচেতন । কিছু সময় পূৰ্বে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই টেলিফোনযোগে অসমৰ বান পৰিস্থিতিৰ বুজ লয় । বানৰ ফলত হোৱা ক্ষয়-ক্ষতি, চলি থকা উদ্ধাৰ আৰু সাহাৰ্য অভিযানৰ লগতে দুৰ্যোগ সম্পৰ্কীয় প্ৰত্যাহ্বানসমূহৰ বিষয়ে তেখেতে বিস্তৃতভাৱে আমাৰ পৰা খতিয়ান লয়।"
 
মুখ্যমন্ত্ৰীয়ে লগতে কয়, "মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই দুৰ্যোগত প্ৰাণ হেৰুওৱা লোকসকলৰ লগতে আপোনজন আৰু সম্পত্তি হেৰুওৱাসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰে। তেখেতে আশ্বস্ত কৰে যে এই সংকটক ভাৰত চৰকাৰে সৰ্বোচ্চ অগ্ৰাধিকাৰ প্ৰদানেৰে বিবেচনা কৰিছে। উদ্ধাৰ, সাহাৰ্য, পুনৰ্বাসন কাৰ্যত কেন্দ্ৰীয় চৰকাৰে যথাসম্ভৱ সকলোধৰণৰ সহায় আগবঢ়াই যাব বুলিও তেখেতে অভয় প্ৰদান কৰে।"
 
উল্লেখযোগ্য যে, প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপৰ সময়ত মুখ্যমন্ত্ৰী শৰ্মাই ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহ, বন্যাৰ্তৰ উদ্ধাৰ, সাহাৰ্য আৰু পুনৰ্বাসন কাৰ্যৰ অগ্ৰগতিৰ লগতে বানপীড়িত প্ৰতিটো পৰিয়ালৰ কাষত থাকিবলৈ ৰাজ্য চৰকাৰৰ অধীনত চলি থকা নিৰন্তৰ প্ৰচেষ্টাৰ বিষয়ে অৱগত কৰাৰ কথা জানিবলৈ দিয়ে।