পুনৰ বগা ৰঙৰ ইউনিফৰ্ম পৰিধান কৰিলে গুৱাহাটী যান-বাহন আৰক্ষীয়ে

Story by  atv | Posted by  [email protected] • 1 d ago
পুনৰ বগা ৰঙৰ ইউনিফৰ্ম পৰিধান কৰিলে গুৱাহাটী যান-বাহন আৰক্ষীয়ে
পুনৰ বগা ৰঙৰ ইউনিফৰ্ম পৰিধান কৰিলে গুৱাহাটী যান-বাহন আৰক্ষীয়ে
 
গুৱাহাটী
 
আজিৰে পৰা পুনৰ সলনি হ’ল গুৱাহাটীৰ যান-বাহন আৰক্ষীৰ ইউনিফৰ্ম। পুৱাই মহানগৰীৰৰ ভিন্ন প্ৰান্তত যানবাহন আৰক্ষীক নতুন ইউনিফৰ্মত কৰ্তব্যত নিয়োগ হোৱা পৰিলক্ষিত হৈছে।
 
অৱশ্যে যান-বাহন আৰক্ষীৰ এই ইউনিফৰ্ম নতুন যদিও অচিনাকী নহয়। আজিৰ পৰা কেইটামান বছৰৰ আগলৈকে এই বগা ইউনিফৰ্মেই পৰিধান কৰিছিল যান-বাহন আৰক্ষীয়ে।
 
উল্লেখযোগ্য যে, ৰাজ্যৰ সচেতন মহলে দিয়া পৰামৰ্শ আৰু মতামতৰ ভিত্তিতে অসম আৰক্ষীৰ যানবাহন আৰক্ষীৰ ইউনিফৰ্ম পুনৰ বগা ৰঙৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ৰাজ্যজুৰি যান-বাহন আৰক্ষীৰ একক পৰিচয় সুনিশ্চিত কৰাৰ লক্ষ্যৰে পূৰ্বৰ বগা ইউনিফৰ্ম পুনৰ ঘূৰাই অনা হৈছে।
 
এই সম্পৰ্কে অসম আৰক্ষীয়ে প্ৰেৰণ কৰা এক বিবৃতিত উল্লেখ কৰা অনুসৰি ক্ষেত্ৰভিত্তিক পৰিস্থিতি, পথ সুৰক্ষা বিশেষজ্ঞ, জনসাধাৰণকে ধৰি সচেতন মহলৰ পৰা পোৱা পৰামৰ্শ আৰু মতামতৰ এক বিস্তৃত পৰ্যালোচনাৰ পাছত যান-বাহন আৰক্ষীৰ ইউনিফৰ্ম বগা ৰঙৰ কৰাৰ সিদ্ধান্ত লোৱা হৈছে।
 
স্মৰ্তব্য, সৰ্বানন্দ সোণোৱাল ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে থকাৰ সময়ছোৱাতে গুৱাহাটীৰ যান-বাহন আৰক্ষীৰ ইউনিফৰ্ম সলনি কৰা হৈছিল। সেই সময়ত যান-বাহন আৰক্ষীৰ অধীক্ষক আছিল অমন সিং কৌৰ। তেওঁৰ দিনতেই বগা ৰঙৰ ইউনিফৰ্ম সলনি কৰা হৈছিল।
 
উল্লেখযোগ্য যে, আজি পুৱাই গুৱাহাটীত পুনৰ বগা ৰঙৰ ইউনিফৰ্ম পৰিধান কৰি যানবাহন আৰক্ষীয়ে কৰ্তব্য পালন কৰাৰ দৃশ্যই এতিয়া বিশেষ চৰ্চা লাভ কৰিছে। সামাজিক মাধ্যমতো ভিন্নজনে এতিয়াহে তেওঁলোকক যান-বাহন আৰক্ষীৰ দৰে লাগিছে বুলি উল্লেখ কৰিছে।
 
মন কৰিবলগীয়া যে, গুৱাহাটীৰ দৰে অতি ব্যস্ত চহৰৰ যান-বাহন নিয়ন্ত্ৰণত এইসকল আৰক্ষীৰ ভূমিক অতি উল্লেখনীয়। এইসকল যান-বাহন আৰক্ষীৰ ইউনিফৰ্ম পুনৰ বগা ৰঙৰ কৰাৰ সন্দৰ্ভত জাৰি কৰা নিৰ্দেশনাতো উল্লেখ কৰা হৈছে গুৱাহাটী মহানগৰীত পথ সুৰক্ষা ব্যৱস্থা অধিক উন্নত কৰা, যান-জঁট হ্ৰাস কৰা আৰু শৃংখলাবদ্ধ তথা সুচাৰুৰূপে যান-বাহনৰ চলাচল নিশ্চিত কৰাৰ বাবে যান-বাহন আৰক্ষীয়ে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।