গুৱাহাটীত প্ৰবল বৃষ্টিপাতৰ আগজাননী আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ

Story by  atv | Posted by  [email protected] • 1 Months ago
গুৱাহাটীত প্ৰবল বৃষ্টিপাতৰ আগজাননী আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ
গুৱাহাটীত প্ৰবল বৃষ্টিপাতৰ আগজাননী আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ
 
গুৱাহাটী
 
আজি গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে বতৰৰ আগজাননী। গুৱাহাটীত ধাৰাসাৰ বৰষুণৰ আগজাননী আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ। পৰৱৰ্তী ৩-৪ দিনলৈ হ’ব ধাৰাসাৰ বৰষুণ। ২৪ ঘণ্টাত ৭ৰ পৰা ২০ ছে.মি.পৰ্যন্ত বৰষুণৰ আগজাননী।
 
বিজুলী-ঢেৰেকনিৰে প্ৰচণ্ড বৰষুণ অহাৰ সম্ভাৱনা ব্যক্ত কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই।মহানগৰীৰ ভিন্ন প্ৰান্তত কৃত্ৰিম বান, ভূমিস্খলনৰ সম্ভাৱনা। অসম চৰকাৰৰ দুৰ্যোগ প্ৰশমন বিভাগেও সংশ্লিষ্ট বিভাগক সাজু হৈ থকাৰ নিৰ্দেশনা জাৰি কৰিছে।
 
উল্লেখযোগ্য যে, গুৱাহাটীৰ নাগৰিকক সাৱধানতা অৱলম্বনৰ বাবে আহ্বান জনাইছে অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগে।