নতুন দিল্লী
আজি পুৱা এনডিটিভিৰ বিশ্ব সন্মিলনত ভাষণ দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে তেওঁৰ জিৰণি ল’বলৈ সময় নাই, কিয়নো তেওঁৰ চৰকাৰে ভাৰতৰ সপোন বাস্তৱায়িত কৰাৰ লগতে প্ৰতিশ্ৰুতি পালনৰ বাবে কঠোৰ পৰিশ্ৰম কৰি আছে।
প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “বহুতে মোক সোধে যে মই কিয় ইমান কঠোৰ পৰিশ্ৰম কৰি আছো, বিশেষকৈ যিহেতু ভাৰত এতিয়া পঞ্চম বৃহত্তম অৰ্থনীতি, আৰু আমি ইমানবোৰ মাইলৰ খুঁটি অৰ্জন কৰিছো, যেনে ১২ কোটি শৌচাগাৰ নিৰ্মাণ আৰু ১৬ কোটি ঘৰত গেছ সংযোগৰ ব্যৱস্থা কৰা।” কিন্তু মই কওঁ যে ভাৰতত বিশ্বৰ ভিতৰতে আটাইতকৈ কম বয়সীয়া (যুৱ) নাগৰিক আছে, আৰু এই সম্ভাৱনাই আমাক আৰু আগুৱাই যোৱাত সহায় কৰিব পাৰে।“
তেওঁ লগতে কয় যে আমি ভাৰতবৰ্ষকলৈ যি সপোন দেখিছোঁ বা যি প্ৰতিশ্ৰুতি দিছোঁ, তাত কোনো জিৰণি বা শিথিলতা নাই।
NDTV ৰ বিশ্ব সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতে এতিয়া কেৱল “আগলৈ চোৱা” পন্থা গ্ৰহণ কৰিছে। তেওঁ বুজাই দিয়ে যে চৰকাৰে সাধাৰণতে নিজৰ কামক পূৰ্বৰ কামৰ লগত তুলনা কৰে আৰু সন্তুষ্টি গ্ৰহন কৰে। কিন্তু এতিয়া এই গুৰুত্বৰ সালসলনি হৈছে। অতীতৰ তুলনাত সন্তুষ্ট হোৱাৰ পৰিৱৰ্তে ভাৰতে ভৱিষ্যতে কি লাভ কৰাৰ লক্ষ্য লৈছে তাৰ দ্বাৰাহে সফলতাৰ জোখ লোৱা হ'ব। এই ভৱিষ্যদ্বাণীমূলক মানসিকতাত ২০৪৭ চনৰ ভিতৰত ভাৰতক এখন উন্নত দেশ হিচাপে গঢ়ি তোলাৰ দৃষ্টিভংগীও সন্নিবিষ্ট কৰা হৈছে।
ভাষণৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰীয়ে কয় যে বিগত পাঁচ বছৰৰ পৰিঘটনা যেনে ক'ভিড মহামাৰী, মূল্যবৃদ্ধি, নিবনুৱা সমস্যা, ইউক্ৰেইন আৰু পশ্চিম এছিয়াত হোৱা যুদ্ধই বিশ্বজনীন চিন্তাৰ সৃষ্টি কৰিছে। ইয়াৰ পিছতো ভাৰতত আশাৰ ৰেঙণি জীয়াই আছে। তেওঁ উল্লেখ কৰে যে ভাৰতে "ভাৰত শতিকা"ৰ কথা কৈছে, এই বিশ্বজনীন প্ৰত্যাহ্বানসমূহৰ সময়ত ভাৰতে আশাৰ সঞ্চাৰ কৰিছে। যদিও ভাৰতে নিজস্ব প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে, তথাপিও ইয়াত ইতিবাচকতাৰ প্ৰবল ভাৱ আছে বুলিও তেওঁ লগতে উল্লেখ কৰে।
ডিজিটেল উদ্ভাৱন আৰু গণতান্ত্ৰিক মূল্যবোধ যে একেলগে যাব পাৰে সেই কথা ভাৰতে প্ৰদৰ্শন কৰিছে বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। তেওঁ উল্লেখ কৰে যে ইণ্টাৰনেটৰ যুগত ভাৰতৰ ফাৰ্ষ্ট মুভাৰ এডভান্টেজ নাছিল। যিবোৰ দেশত তেনেকুৱা হৈছিল, সেইবোৰ দেশত ব্যক্তিগত কোম্পানীয়ে ডিজিটেল উন্নতিৰ নেতৃত্ব দিছিল যদিও ইয়াৰ সুবিধা সীমিত আছিল। প্ৰযুক্তিক গণতান্ত্ৰিক কৰি ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিৰ পথ প্ৰদান কৰি ভাৰতে বিশ্বৰ বাবে এক নতুন আৰ্হিৰ সৃষ্টি কৰিছে।
তেওঁ বুজাই দিয়ে যে ভাৰত চৰকাৰে এনে এক মঞ্চ নিৰ্মাণ কৰিছে যিয়ে একাধিক উদ্ভাৱনৰ মাজেৰে পাৰ হয়। উদাহৰণস্বৰূপে, জন-ধন, আধাৰ, আৰু মোবাইল সংযোগ ব্যৱস্থাই নূন্যতম লিকযুক্ত দ্ৰুত আৰু কাৰ্যক্ষম সেৱা প্ৰদান ব্যৱস্থাৰ সৃষ্টি কৰিছে। তেওঁ ভাৰতত ফিনটেক বহু পৰিমাণে সম্প্ৰসাৰণ কৰা ইউপিআইৰ ওপৰত আলোকপাত কৰে, য’ত দৈনিক ৫০ কোটিৰো অধিক ডিজিটেল লেনদেন ঘটে। গুৰুত্বপূৰ্ণ কথাটো হ’ল এই বৃদ্ধিৰ নেতৃত্ব বৃহৎ নিগম নহয় বৰঞ্চ ক্ষুদ্ৰ দোকানৰ মালিক আৰু ৰাজপথৰ বিক্ৰেতাৰ নেতৃত্বত আছে।