৭ অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীক ওভতাই পঠোৱা হৈছেঃ মুখ্যমন্ত্ৰী

Story by  atv | Posted by  [email protected] • 9 h ago
৭ অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীক ওভতাই পঠোৱা হৈছেঃ মুখ্যমন্ত্ৰী
৭ অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীক ওভতাই পঠোৱা হৈছেঃ মুখ্যমন্ত্ৰী
 
গুৱাহাটী

নিৰাপত্তা বাহিনীয়ে চলোৱা অভিযানৰ জৰিয়তে শনিবাৰে ৭ জন অবৈধ প্ৰব্ৰজনকাৰীক বাংলাদেশলৈ ওভতাই পঠোৱা হয় বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰে। এই অভিযান সুচাৰুৰূপে চলোৱাৰ বাবে তেওঁ নিৰাপত্তা বাহিনীক প্ৰশংসা কৰে।
 
‘পুৱা ১২:১৫ বজাত গেট ৩৯ৰ জৰিয়তে ৭ জন অবৈধ অনুপ্ৰৱেশকাৰীক ওভতাই পঠিওৱা হয়৷ প্ৰক্ৰিয়াটো ইমানেই মসৃণ আছিল যে যাক ইথান হণ্টেও হয়তো 'Mission Accomplished' বুলি ক’লেহেঁতেন"- মুখ্যমন্ত্ৰীগৰাকীয়ে Xত দিয়া এটা পোষ্টত হলিউডৰ ব্লকবাষ্টাৰ ছবিখনৰ কথা উল্লেখ কৰি এইদৰে মন্তব্য কৰে৷
 
ইয়াৰ বাবে তেওঁ নিৰাপত্তা বাহিনীক অশেষ ধন্যবাদ জ্ঞাপন কৰাৰ লগতে ক্ষীপ্ৰ গতিৰে এই অভিযান চলাই সীমান্তত অভেদ্য দুৰ্গৰ ৰূপত থিয় দি থকা নিৰাপত্তা বাহিনীক প্ৰশংসা কৰে৷ অৱশ্যে, অবৈধ অনুপ্ৰৱেশকাৰীসকলক কোন জিলাৰ পৰা ওভতাই পঠোৱা হয় সেই বিষয়ে মুখ্যমন্ত্ৰী শৰ্মাই উল্লেখ কৰা নাই।