মুছলমান সমাজক যন্তৰ-মন্তৰৰ প্ৰতিবাদী কাৰ্যসূচীত অংশ নল’বলৈ আহ্বান ইমাম উমেৰ ইলিয়াছী আৰু মুফতি শ্বাহাবুদ্দিন বাৰেলৱীয়ে

Story by  atv | Posted by  Munni Begum • 1 h ago
 ইমাম উমেৰ ইলিয়াছী আৰু মুফতি শ্বাহাবুদ্দিন বাৰেলৱী
ইমাম উমেৰ ইলিয়াছী আৰু মুফতি শ্বাহাবুদ্দিন বাৰেলৱী
 
নতুন দিল্লী
 
সৰ্বভাৰতীয় ইমাম সংস্থাৰ সভাপতি ড০ ইমাম উমেৰ আহমদ ইলিয়াছী আৰু সৰ্বভাৰতীয় মুছলিম জামাতৰ সভাপতি মৌলানা মুফতি শ্বাহাবুদ্দিন ৰজৱী বৰেলৱীয়ে মুছলমান সমাজৰ লগতে বিশেষকৈ মছজিদৰ ইমামসকলক ১০ তাৰিখে দিল্লীৰ যন্তৰ-মন্তৰত প্ৰস্তাৱিত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ নকৰিবলৈ আহ্বান জনাইছে। 
 
দেশৰ পৰিৱেশ উত্তপ্ত হোৱা, অশান্তি সৃষ্টি হোৱা অথবা সামাজিক সম্প্ৰীতি বিঘ্নিত হোৱাৰ আশংকা থকা যিকোনো ধৰ্ণা, প্ৰতিবাদ বা সভাৰ পৰা আঁতৰি থাকিবলৈও তেওঁলোকে আহ্বান জনায়।
 
ড০ ইলিয়াছীয়ে নিজৰ বাৰ্তাত কয় যে, বৰ্তমানৰ পৰিস্থিতি অত্যন্ত সংবেদনশীল। এনে সময়ত আৱেগৰ বশৱৰ্তী হৈ কোনো সিদ্ধান্ত গ্ৰহণ কৰাটো উচিত নহয়। তেওঁৰ অভিযোগ, একাংশ ৰাষ্ট্ৰবিৰোধী শক্তিয়ে মানুহক বিপথে পৰিচালিত কৰি দেশৰ শান্তি-শৃংখলা আৰু ভাতৃত্ববোধৰ ক্ষতিসাধন কৰিবলৈ চেষ্টা চলাইছে। তেওঁ মুছলমান সমাজক ৰাজনৈতিক দলৰ প্ৰৰোচনাত ভোল নাযাবলৈ আৰু কাৰো স্বাৰ্থত ব্যৱহৃত নহ’বলৈ আহ্বান জনায়।
 
তেওঁ কয়, "মই সকলো মুছলমান আৰু বিশেষকৈ মছজিদৰ ইমামসকলক অনুৰোধ জনাইছোঁ যে, আপোনালোকে দেশৰ বৰ্তমানৰ পৰিস্থিতিৰ বিষয়ে অৱগত। একাংশ শক্তিয়ে মানুহক বিপথে পৰিচালিত কৰি দেশৰ পৰিৱেশ বিনষ্ট কৰিব বিচাৰিছে। প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ ৰাজনৈতিক দলসমূহে জনোৱা আহ্বানৰ ক্ষেত্ৰত মুছলমানসকলে সতৰ্কতা অৱলম্বন কৰা প্ৰয়োজন। আমি কাৰো হাতৰ পুতলা নহয়।"
 
পূৰ্বৰ প্ৰতিবাদৰ উদাহৰণ দি যুৱকসকলক সতৰ্কবাণী
 
ড০ ইলিয়াছীয়ে নিজৰ ভাষণত পূৰ্বৰ প্ৰতিবাদী কাৰ্যসূচীসমূহৰ কথা উল্লেখ কৰি কয় যে, ইয়াৰ আগতেও তেওঁ মানুহক প্ৰতিবাদত অংশগ্ৰহণ নকৰিবলৈ আহ্বান জনাইছিল। তেওঁৰ মতে, একাংশই তেওঁৰ কথা মানি চলিছিল যদিও আন একাংশই প্ৰতিবাদত অংশগ্ৰহণ কৰিছিল আৰু পৰৱৰ্তী সময়ত কাৰাগাৰলৈ যাবলগীয়া হৈছিল।
 
তেওঁ কয় যে, এনে ঘটনাৰ ফলত সংশ্লিষ্ট পৰিয়ালসমূহে বিভিন্ন সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। আনকি জামিনৰ ব্যৱস্থা কৰাটোও কেতিয়াবা কঠিন হৈ পৰে।
 
মুছলমান যুৱকসকলক কেৱল প্ৰতিবাদ চাবলৈ যোৱাৰ পৰাও বিৰত থাকিবলৈ আহ্বান জনাই তেওঁ কয় যে, এনে পৰিস্থিতিত অজানিতে সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। অভিভাৱকসকলকো নিজৰ সন্তানক এনে প্ৰতিবাদী কাৰ্যসূচীলৈ পঠিয়াই নিদিবলৈ অনুৰোধ জনায়।
 
১৪৪ ধাৰা আৰু আইনী ব্যৱস্থা সন্দৰ্ভত সতৰ্কবাণী
 
ড০ ইলিয়াছীয়ে নিজৰ বক্তব্যত দিল্লীত ১৪৪ ধাৰা বলৱৎ হৈ থকাৰ কথা উল্লেখ কৰি কয় যে, প্ৰতিবাদৰ সময়ত গ্ৰেপ্তাৰ হ’লে মানুহে গুৰুতৰ আইনী সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। তেওঁৰ মতে, কোনো প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পূৰ্বে ইয়াৰ সম্ভাৱ্য পৰিণতিৰ বিষয়ে গুৰুত্বসহকাৰে বিবেচনা কৰা উচিত। এনে ঘটনাৰ প্ৰভাৱ কেৱল সংশ্লিষ্ট ব্যক্তিজনৰ ওপৰতে নপৰে, বৰং তেওঁৰ সমগ্ৰ পৰিয়ালটোৱেও ইয়াৰ পৰিণাম ভুগিবলগীয়া হ’ব পাৰে।
 
মছজিদৰ ইমামসকলক বিশেষভাৱে আহ্বান জনাই তেওঁ কয় যে, নিজ নিজ মছজিদৰ জৰিয়তে সমাজৰ লোকসকলক সজাগ কৰিব লাগে। লগতে শান্তি-শৃংখলা বজাই ৰখা আৰু উত্তেজনাপূৰ্ণ কাৰ্যকলাপৰ পৰা আঁতৰি থকাৰ পৰামৰ্শ দিব লাগে।
 
সামাজিক মাধ্যমত উচটনিমূলক বাৰ্তা প্ৰচাৰ নকৰিবলৈ আহ্বান
 
সামাজিক মাধ্যম ব্যৱহাৰৰ ক্ষেত্ৰতো সাৱধানতা অৱলম্বন কৰিবলৈ ড০ ইলিয়াছীয়ে আহ্বান জনায়। তেওঁ কয় যে, সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি কৰিব পৰা, পাৰস্পৰিক উত্তেজনা বৃদ্ধি কৰিব পৰা অথবা দেশৰ শান্তি আৰু সম্প্ৰীতি বিঘ্নিত কৰাৰ আশংকা থকা কোনো বাৰ্তা আনলৈ প্ৰেৰণ কৰা উচিত নহয়।
 
মুছলমান সমাজক শান্তি আৰু ভাতৃত্ববোধৰ প্ৰতীক বুলি উল্লেখ কৰি তেওঁ কয় যে, দেশৰ ঐক্য আৰু সামাজিক সম্প্ৰীতি অক্ষুণ্ণ ৰখাটো সকলোৰে দায়িত্ব। ৰাজনৈতিক লাভালাভৰ স্বাৰ্থত যাতে কোনো ব্যক্তিয়ে সমাজৰ লোকসকলক বিপথে পৰিচালিত কৰিব নোৱাৰে, তাৰ প্ৰতিও তেওঁ গুৰুত্ব আৰোপ কৰে।
 
ভাষণৰ শেষত খোদাৰ দোহাই দি তেওঁ পুনৰবাৰ সকলো মুছলমানকে প্ৰস্তাৱিত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ নকৰিবলৈ আহ্বান জনায়। লগতে নিজৰ সন্তানসকলকো এনে কাৰ্যসূচীৰ পৰা আঁতৰত ৰাখি দেশত শান্তি-শৃংখলা বজাই ৰখাত সহযোগিতা আগবঢ়াবলৈ অনুৰোধ কৰে।
 
মৌলানা মুফতি শ্বাহাবুদ্দিন ৰজৱী বৰেলৱীৰো আহ্বান
 
ইফালে, সৰ্বভাৰতীয় মুছলিম জামাতৰ সভাপতি মৌলানা মুফতি শ্বাহাবুদ্দিন ৰজৱী বৰেলৱীয়েও দিল্লীৰ যন্তৰ-মন্তৰত প্ৰস্তাৱিত ধৰ্ণা কাৰ্যসূচীৰ পৰা আঁতৰি থাকিবলৈ মুছলমান যুৱকসকলক পৰামৰ্শ দিছে।
 
বৰেলীৰ এইগৰাকী ইছলামধৰ্মীয় নেতাই নিজৰ বক্তব্যত কয় যে, শান্তিপূৰ্ণ ধৰ্ণা-প্ৰতিবাদ কৰাটো প্ৰতিগৰাকী নাগৰিকৰ আইনী অধিকাৰ। কিন্তু কোনো প্ৰতিবাদ হিংসাত্মক ৰূপ ল’লে সেই হিংসা কোনো কাৰণতে গ্ৰহণযোগ্য হ’ব নোৱাৰে।
 
দিল্লী আৰু উত্তৰ প্ৰদেশৰ বিভিন্ন জিলাত বাস কৰা মুছলমান যুৱকসকলক আহ্বান জনাই তেওঁ কয় যে, কক্ৰোচ জনতা পাৰ্টিয়ে আয়োজন কৰিবলগীয়া প্ৰস্তাৱিত ধৰ্ণাত তেওঁলোকে কোনো পৰিস্থিতিতে অংশগ্ৰহণ কৰিব নালাগে।
 
নিজৰ বক্তব্যত তেওঁ শেহতীয়াকৈ দলটোৰ প্ৰতিবাদী কাৰ্যসূচীৰ সময়ত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ কথা উল্লেখ কৰে। লগতে পূৰ্বৰ প্ৰতিবাদত অংশগ্ৰহণ কৰা একাংশ মুছলমানে পৰৱৰ্তী সময়ত যথেষ্ট অসুবিধাৰ সন্মুখীন হ’বলগীয়া হোৱা বুলিও কয়।
 
আইন-শৃংখলাজনিত পৰিস্থিতিৰ অৱনতি ঘটাব পৰা যিকোনো কাৰ্যকলাপৰ পৰা আঁতৰি থাকিবলৈ আৰু সংযম বজাই ৰাখিবলৈ মৌলানা বৰেলৱীয়ে সমাজৰ লোকসকলক আহ্বান জনায়।
 
দুই ধৰ্মগুৰুৰ উমৈহতীয়া বাৰ্তা 
 
ড০ ইমাম উমেৰ আহমদ ইলিয়াছী আৰু মৌলানা মুফতি শ্বাহাবুদ্দিন ৰজৱী বৰেলৱীৰ আহ্বানৰ মূল উদ্দেশ্য হৈছে দেশত শান্তি, সতৰ্কতা আৰু সামাজিক সম্প্ৰীতি বজাই ৰখা। দুয়োগৰাকী ধৰ্মগুৰুৱে মুছলমান যুৱকসকলক আৱেগৰ বশৱৰ্তী হৈ সিদ্ধান্ত গ্ৰহণ নকৰিবলৈ, ৰাজনৈতিক দলৰ প্ৰভাৱত পৰি উত্তেজনাপূৰ্ণ কাৰ্যকলাপত অংশগ্ৰহণৰ পৰা বিৰত থাকিবলৈ আৰু সামাজিক মাধ্যমত উচটনিমূলক সমল প্ৰচাৰ নকৰিবলৈ আহ্বান জনাইছে।
 
লগতে অভিভাৱক আৰু মছজিদৰ ইমামসকলক যুৱকসকলক সজাগ কৰাৰ লগতে দেশত শান্তি, ভাতৃত্ববোধ আৰু আইন-শৃংখলা বজাই ৰখাত সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনাইছে।