নতুন দিল্লী
দীর্ঘদিনীয়া প্রতীক্ষাৰ অন্তত অৱশেষত লাডাখত মুকলি হ'ল ভাৰতৰ নতুন নিআ'মা বিমানঘাটি। বায়ুসেনাৰ মুৰব্বী এয়াৰ চীফ মার্শাল এ পি সিঙে হিন্দনৰ পৰা এখন চি-১৩০ জে ছুপাৰ হাৰকিউলিছত গৈ নতুন বিমানঘাটিত অৱতৰণ কৰে। ইয়াৰ পাচতে তেওঁ এই বিমানঘাটিটো উদ্বোধন কৰে।
বায়ুসেনাৰ সূত্রই জনোৱামতে, চীনক চিন্তাত পেলাই এই ঘাটিত ৰাফেলৰ পৰা আৰম্ভ কৰি ছুখয়লৈকে সকলো ধৰণৰ যুঁজাৰু বিমান মজুত ৰখা হ'ব। প্রায় ১৩,৭০০ ফুট উচ্চতাত থকা এই বিমানঘাটিটো হৈছে দেশৰ সর্বোচ্চ সামৰিক বিমানঘাটি আৰু যিকোনো জৰুৰী পৰিস্থিতিৰ প্রত্যাহ্বান গ্রহণ কৰিব পৰাকৈ ইয়াত সকলোধৰণৰ সা-সুবিধা আছে।
কেন্দ্ৰীয় চৰকাৰে ২০২১ চনত ২১৪ কোটি টকা আবণ্টন দি এই প্রকল্পত অনুমোদন জনাইছিল। লাডাখৰ এই নিআ'মা অঞ্চলটো প্রকৃত নিয়ন্ত্ৰণ ৰেখাৰ সমীপত অৱস্থিত, সেয়ে সেনাৰ বাবে এই বিমানঘাটি অত্যন্ত গুৰুত্বপূর্ণ হ'ব।
গালৱান সংঘৰ্ষৰ পিছত পৰিস্থিতি কিছু স্থিতিশীল হৈ থাকিলেও অৰুণাচলৰ পৰা লাডাখলৈকে চীনৰ আগ্রাসন সদায় ভাৰতৰ বাবে চিন্তাৰ বিষয় হৈ আহিছে। ইয়াৰ বাবেই লাডাখকে ধৰি চীনসংলগ্ন সীমান্তৰ উন্নয়নত গুৰুত্ব দি আহিছে কেন্দ্রই।