Tue May 20 2025 5:17:28 PM
  • Follow us on
  • Subcribe

ভাৰতৰ প্ৰকৃত শক্তি ঐক্যৰ মাজত নিহিত হৈ আছেঃ ইফটাৰ পাৰ্টিত অজিত পাৱাৰ

Story by  atv | Posted by  sarmamukut98@gmail.com • 1 Months ago
মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী তথা বিত্তমন্ত্ৰী অজিত পাৱাৰ
মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী তথা বিত্তমন্ত্ৰী অজিত পাৱাৰ
 
মুম্বাই

মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী তথা বিত্তমন্ত্ৰী অজিত পাৱাৰে মুম্বাইত ইফতাৰ সমাৱেশৰ আয়োজন কৰি বিভাজনকাৰী শক্তিৰ বিৰুদ্ধে সাম্প্ৰদায়িক সম্প্ৰীতি আৰু ঐক্যৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এন চি পিৰ নেতাগৰাকীয়ে কয় যে হোলী, গুড়ী পৰ্ব, ঈদৰ দৰে উৎসৱসমূহে একতা আৰু সংহতিক প্ৰসাৰিত কৰে আৰু ইয়াক সামূহিকভাৱে উদযাপন কৰা উচিত, কিয়নো ঐক্যই হৈছে আমাৰ দেশৰ প্ৰকৃত শক্তি।
 
তেওঁ আৰু কয় যে যিকোনো ব্যক্তিয়ে দুয়োটা সম্প্ৰদায়ৰ মাজত বিভাজন সৃষ্টি কৰিবলৈ চেষ্টা কৰিলে কঠোৰ শাস্তিৰ সন্মুখীন হ’ব লাগিব।
 
"ছাত্ৰপতি শিৱাজী মহাৰাজ, ড° বি আৰ আম্বেদকাৰ, জ্যোতিবা ফুলে আদিৰ দৰে বহুতো মহান ব্যক্তিয়ে সকলো জাতি-ধৰ্ম-বৰ্ণক লগত লৈ সামাজিক প্ৰগতিৰ পথ দেখুৱাইছে। আমি এই উত্তৰাধিকাৰক আগুৱাই নিব লাগিব। ভাৰত ঐক্য আৰু বৈচিত্ৰ্যতাৰ প্ৰতীক। আমি কেইদিনমান আগত হোলী উদযাপন কৰিছো, এতিয়া গুড়ী পৰ্ব আৰু ঈদ আহি আছে। এই উৎসৱবোৰে আমাক একেলগে জীয়াই থাকিবলৈ শিকায়। আমাৰ প্ৰকৃত শক্তি ঐক্যত নিহিত হৈ আছে।"-পাৱাৰে কয়।
 
মুছলমান সমাজক সমৰ্থনৰ আশ্বাস দি তেওঁ লগতে কয়, আপোনাৰ ভাই অজিত পাৱাৰ সদায় আপোনাৰ লগত আছে। যদি কোনোবাই আমাৰ মুছলমান ভাই-ভনীক ভয় খুৱাবলৈ সাহস কৰে বা সাম্প্ৰদায়িক বিবাদ সৃষ্টি কৰিবলৈ চেষ্টা কৰে, তেন্তে তেওঁলোকক ৰেহাই দিয়া নহ’ব।
 
উল্লেখ্য যে, ইছলামিক কেলেণ্ডাৰত ৰমজান আটাইতকৈ পবিত্ৰ মাহ। হিজৰীৰ এই নৱম মাহত (ইছলামিক চন্দ্ৰ কেলেণ্ডাৰ) মুছলমানসকলে সূৰ্য উদয়ৰ প্ৰাকমুহূৰ্তৰ পৰা সূৰ্যাস্তলৈকে উপবাস পালন কৰে। এই প্ৰথাক ৰোজা ৰখা বুলি কোৱা হয়, যিটো ইছলামৰ পাঁচটা স্তম্ভৰ ভিতৰত অন্যতম। ই ভক্তি, আত্মসংযম আৰু আধ্যাত্মিক চিন্তাৰ মূল্যবোধক বুজায়।