নতুন দিল্লী
আজিৰে পৰা ভাৰতত বিশ্বৰ অন্যতম বৃহৎ কৃত্ৰিম বুদ্ধিমত্তা (AI) সন্মিলন আৰম্ভ হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সন্মিলনৰ জৰিয়তে বিশ্বৰ অত্যাধুনিক AI মডেল প্ৰস্তুত কৰাৰ তীব্ৰ প্ৰতিযোগিতাত ভাৰতৰ বাবে এক শক্তিশালী পথ মুকলি কৰিব বিচাৰিছে।
নতুন দিল্লীত অনুষ্ঠিত হোৱা এই 'ইণ্ডিয়া এআই ইমপেক্ট ছামিটে' (India AI Impact Summit) এআই বিশেষজ্ঞসকলৰ এতিয়ালৈকে হোৱা সম্ভৱতঃ সৰ্ববৃহৎ সমাৱেশ হ’ব। আলফাবেট (গুগল)ৰ সুন্দৰ পিচাই, অ’পেন এআইৰ ছেম অল্টমেন, এনথ্ৰ’পিকৰ ডিঅ’ আমোডি আৰু মেটাৰ আলেকজেণ্ডাৰ ৱাঙৰ দৰে দিগ্বজসকল এই সন্মিলনৰ অতিথি তালিকাত আছে। ১৯ আৰু ২০ ফেব্ৰুৱাৰীত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে ইয়াত মূল ভাষণ প্ৰদান কৰিব আৰু তাৰ পিছতে প্ৰধানমন্ত্ৰী মোদীয়ে বক্তব্য ৰাখিব।
ভাৰতৰ বৃহৎ জনসংখ্যা, কাৰিকৰী জ্ঞানসম্পন্ন যুৱক-যুৱতী আৰু আধাৰৰ দৰে শক্তিশালী ডিজিটেল আন্তঃগাঁথনিৰ জৰিয়তে ভাৰতে বিশ্বৰ এআই ক্ষেত্ৰত আগভাগ লোৱাৰ লক্ষ্য ৰাখিছে। ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ ৰিপৰ্ট অনুসৰি, এআই প্ৰতিযোগিতাত আমেৰিকা আৰু চীনৰ পিছতে ভাৰতৰ স্থান বৰ্তমান তৃতীয়।
সন্মিলনত ভাৰতৰ ভাষিক বৈচিত্ৰ্যৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰী সমৰ্থিত BharatGen-এ ২২টা ভাৰতীয় ভাষা সমৰ্থন কৰা ১৭ বিলিয়ন পেৰামিটাৰৰ মডেল 'Param2' মুকলি কৰিব। ইয়াৰ উপৰি Sarvam AI-এ এক বৃহৎ ভয়েচ-ফাৰ্ষ্ট (voice-first) মডেল প্ৰদৰ্শন কৰিব।
বিশেষজ্ঞসকলৰ মতে, গৱেষণা আৰু উন্নয়নত বিনিয়োগ বৃদ্ধি কৰিলেহে ভাৰতে কেৱল 'টেষ্টিং লেব' হৈ নাথাকি প্ৰকৃত উদ্ভাৱক হ’ব পাৰিব। ভাৰতে বিশেষকৈ শিক্ষা, স্বাস্থ্য আৰু কৃষিৰ দৰে খণ্ডত কম খৰচী এআই প্ৰযুক্তি ব্যৱহাৰ কৰি দেশৰ উন্নয়ন ক্ষিপ্ৰ কৰাৰ পৰিকল্পনা কৰিছে। ভাৰতৰ এই ডিজিটেল ম’ডেল ইতিমধ্যে ফিলিপাইনছ, মৰক্কো আৰু উগাণ্ডাৰ দৰে দেশসমূহেও গ্ৰহণ কৰিছে।